AssameseCRPF জোৱানৰ পিঠিত চিন বহাকৈ কোবালে আৰক্ষীয়ে! ডিমৌত চাঞ্চল্য...এইবাৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড সংঘাত। আৰক্ষীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে CRPF জোৱানক। ডিমৌৰ নিতাইপুখুৰীত এজন CRPFৰ জোৱানক আৰক্ষীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা?Naba Gogoi Oct 05, 2025 14:44 ISTআৰক্ষীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে CRPF জোৱানক। এইবাৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড সংঘাত। ডিমৌৰ নিতাইপুখুৰীত এজন CRPFৰ জোৱানক আৰক্ষীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। নিতাইপুখুৰী আৰক্ষী চকীৰ ভিতৰতেই আৰক্ষীয়ে CRPFৰ জোৱানক প্ৰহাৰ কৰাৰ অভিযোগ। কৰ্মস্থলীৰ পৰা ছুটিত থকা ৰাজীৱ সন্দিকৈ নামৰ CRPFৰ জোৱানৰ সৈতে সংঘটিত এই ঘটনা। কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা? কি ক'লে স্থানীয় লোকে?AdvertismentALSO READ: শীঘ্ৰেই আহিব অৱসৰৰ সিদ্ধান্ত! টীম ইণ্ডিয়াত সমাপ্তিৰ দিশে নেকি ৰোহিত-কোহলী যুগৰ?উল্লেখ্য যে নিতাইপুখুৰী বাপুটিগড়ৰ ৰাজীৱ সন্দিকৈ নামৰ ছুটিত থকা চিআৰপিএফৰ জোৱানজনক শনিবাৰে নিশা নিতাইপুখুৰী আৰক্ষীয়ে আৰক্ষী চকীৰ ভিতৰতে নিৰ্মমভাৱে কৰিলে মাৰধৰ। ৰাজীৱ সন্দিকৈয়ে শনিবাৰে নিতাইপুখুৰীত হোৱা জুৱাৰ পয়োভৰ সন্দৰ্ভত অভিযোগ দিবলৈ গৈছিল নিতাইপুখুৰী চকীত। আৰক্ষীয়ে ৰাজীৱক সুৰামত্ত অৱস্থাত থকা বুলি আটক কৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি লৈ যায় ডিমৌ থানালৈ।ডিমৌ থানাৰ OCয়ে সোধা-পোছা কৰি ৰাজীৱক পুনৰ নিতাইপুখুৰী আৰক্ষী চকীলৈ পঠাই দিয়ে। ৰাজীৱক থানাত চহী দি ঘৰলৈ যাব পৰিব বুলি কয় ডিমৌৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে।ALSO READ: https://dy365live.com/assamese/the-last-gift-of-zubeen-garg-to-the-people-of-assam-10530666মাক আৰু পৰিয়ালৰ সদস্যৰ সৈতে পুনৰ নিতাইপুখুৰী আৰক্ষী চকীত উপস্থিত হোৱা ৰাজীৱৰ লগত এইবাৰ নাম, ঠিকনা ভুলকৈ দিয়াক কেন্দ্ৰ কৰি নিতাইপুখুৰী আৰক্ষীৰ তৰ্কা-তৰ্কিৰ সূত্ৰপাত হয়। মূৰকত শনিবাৰে মাজনিশা নিতাইপুখুৰী আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে CRPFৰ জোৱানজনক।নিতাইপুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ লগতে চকীৰ কনিষ্টবল, গাড়ীচালকজনেও ৰাজীৱক লাঠীৰে প্ৰহাৰ কৰাৰ লগকে ভৰিয়ে গচকি-গচকি প্ৰহাৰ কৰাৰো অভিযোগ। আৰক্ষী চকীৰ ভিতৰত ৰাজীৱ সন্দিকৈক প্ৰহাৰ কৰাক লৈ মাজনিশাই নিতাইপুখুৰী ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। নিতাইপুখুৰী আৰক্ষীৰএনে বৰ্বৰ কাণ্ডক ধিক্কাৰ দি ৰাইজে ডিমৌ থানাত নিশাই উপস্থিত হৈ যুৱকজনক মাৰপিট কৰাৰ বিৰুদ্ধে ন্যায় বিচাৰে।ৰাজীৱ সন্দিকৈক প্ৰহাৰ কৰা নিতাইপুখুৰী আৰক্ষীৰ বিৰুদ্ধে শনিবাৰে নিশাই ৰাজীৱৰ মাতৃয়ে ডিমৌ থানাত দাখিল কৰিছে এখন এজাহাৰ। এজন CRPF জোৱানক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ঘটনাক লৈ ডিমৌ-নিতাইপুখুৰী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।ALSO READ: https://dy365live.com/assamese/garima-did-not-accept-the-post-mortem-report-10528701 Read the Next Article