Assamese অন কেমেৰা দেশবিৰোধী শ্লোগান অন কেমেৰা দেশবিৰোধী শ্লোগান দি আৰক্ষীৰ জালত এজন যুৱক। পাকিস্তান জিন্দাবাদ ধ্বনি দি থাকোঁতেই ৰাইজে ধৰিলে ছায়েদ আলী নামৰ যুৱকজনক। ৰাইজে কৰায়ত্ত কৰি ছয়গাঁও আৰক্ষীক গতাই দিলে ছায়েদ আলীক।
Assamese শাম কটা নাই খেৰণিৰ উত্তপ্ত পৰিস্থিতিৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে BNSৰ 163 জাৰি। কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি। ভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে এফালৰ পৰা কৰি গৈছে অগ্নিসংযোগ।
Assamese ২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অভিলাসী পদক্ষেপ গ্ৰহণ কৰিছিল অসম চৰকাৰে। বটদ্ৰৱা সাংস্কৃতিক প্রকল্পটো ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে উদ্বোধন কৰিব।
Assamese সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়ক ঘৃণা বিয়পোৱা বক্তব্য দিয়াসকল সাৱধান! শীঘ্ৰেই চৰকাৰে আনিব এখন নতুন বিধেয়ক। মুখ্যমন্ত্ৰীৰ স্পষ্ট স্থিতি- কোনো ধৰ্মৰ বিৰুদ্ধে অপমানজনক মন্তব্য সহ্য কৰা নহ’ব।
Assamese কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি কাৰ্বি আংলঙৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি। সোমবাৰৰ দিনটোত অধিক উত্তপ্ত হৈ পৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ পৰিস্থিতি। KACCৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ।
Assamese অভিযুক্তৰ মুখত নাই অনুসূচনা, হতভম্ব হাৰ্টথ্ৰ'ৱৰ ভগ্নী অলপো অনুতপ্ত নহয় জুবিন গাৰ্গ হত্যাৰ আটাইকেইজন অভিযুক্ত। জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানিত আজি আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। শুনানিৰ সময়ত অভিযুক্তৰ মুখত পামী বৰঠাকুৰে নেদেখিলে অনুসূচনা।
Assamese বাস্তৱ হ'ল সপোন, কোনে কোনে পালে চৰকাৰী নিযুক্তি? চৰকাৰী চাকৰিৰ সপোন বাস্তৱ একাংশৰ। পুনৰ ৩,৪২০গৰাকী প্ৰাৰ্থীলৈ ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Assamese কেৱল লুণ্ঠন! বিজেপিৰ অসম প্ৰেমক লৈ প্ৰশ্ন কংগ্ৰেছৰ বিজেপিক কেৱল অসমৰ পৰা ভোট লাগে। অসমক লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰে। প্ৰধানমন্ত্ৰীয়ে কৈছিল, বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব। কিন্তু এই বিজেপিৰে দুজন বিধায়ক প্ৰমাণিত হৈছে বাংলাদেশী বুলি।
Assamese ৰক্ষা নাই! বিজেপি নেতাৰ ঘৰত চলিল বুলড’জাৰ উচ্ছেদৰ পৰা হাত সাৰি নগ’ল বিজেপি নেতাৰ ঘৰ। এইবাৰ বিজেপি নেতাৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। জাননী নিদিয়াকৈ প্ৰশাসনে বাসগৃহত বুলড’জাৰ চলোৱাৰ অভিযোগ তুলি কান্দি কান্দি ক্ষোভ ব্যক্ত কৰিলে বিজেপি নেতাই।
Assamese অথলে গ'ল বিৰোধীৰ প্ৰতিবাদ, দেশত নাথাকিব MGNREGA আঁচনি দেশত এতিয়াৰে পৰা নাথাকিব MGNREGA আঁচনি। বিৰোধীৰ প্ৰৱল প্ৰতিবাদৰ মাজতেই আইনত পৰিণত হ’ল VB-G RAM G বিধেয়ক। উভয় সদনত গৃহীত হোৱা VB-G RAM G বিধেয়কখনক আজি ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই।