Assamese সাৱধান! ধৰ্মৰ অপমান সহ্য কৰা নহ’ব, আহিব নতুন বিধেয়ক ঘৃণা বিয়পোৱা বক্তব্য দিয়াসকল সাৱধান! শীঘ্ৰেই চৰকাৰে আনিব এখন নতুন বিধেয়ক। মুখ্যমন্ত্ৰীৰ স্পষ্ট স্থিতি- কোনো ধৰ্মৰ বিৰুদ্ধে অপমানজনক মন্তব্য সহ্য কৰা নহ’ব।
Assamese অভিযুক্তৰ মুখত নাই অনুসূচনা, হতভম্ব হাৰ্টথ্ৰ'ৱৰ ভগ্নী অলপো অনুতপ্ত নহয় জুবিন গাৰ্গ হত্যাৰ আটাইকেইজন অভিযুক্ত। জুবিন গাৰ্গ হত্যাৰ গোচৰৰ শুনানিত আজি আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। শুনানিৰ সময়ত অভিযুক্তৰ মুখত পামী বৰঠাকুৰে নেদেখিলে অনুসূচনা।
Assamese বাস্তৱ হ'ল সপোন, কোনে কোনে পালে চৰকাৰী নিযুক্তি? চৰকাৰী চাকৰিৰ সপোন বাস্তৱ একাংশৰ। পুনৰ ৩,৪২০গৰাকী প্ৰাৰ্থীলৈ ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Assamese কেৱল লুণ্ঠন! বিজেপিৰ অসম প্ৰেমক লৈ প্ৰশ্ন কংগ্ৰেছৰ বিজেপিক কেৱল অসমৰ পৰা ভোট লাগে। অসমক লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰে। প্ৰধানমন্ত্ৰীয়ে কৈছিল, বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব। কিন্তু এই বিজেপিৰে দুজন বিধায়ক প্ৰমাণিত হৈছে বাংলাদেশী বুলি।
Assamese ৰক্ষা নাই! বিজেপি নেতাৰ ঘৰত চলিল বুলড’জাৰ উচ্ছেদৰ পৰা হাত সাৰি নগ’ল বিজেপি নেতাৰ ঘৰ। এইবাৰ বিজেপি নেতাৰ ঘৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। জাননী নিদিয়াকৈ প্ৰশাসনে বাসগৃহত বুলড’জাৰ চলোৱাৰ অভিযোগ তুলি কান্দি কান্দি ক্ষোভ ব্যক্ত কৰিলে বিজেপি নেতাই।
Assamese অথলে গ'ল বিৰোধীৰ প্ৰতিবাদ, দেশত নাথাকিব MGNREGA আঁচনি দেশত এতিয়াৰে পৰা নাথাকিব MGNREGA আঁচনি। বিৰোধীৰ প্ৰৱল প্ৰতিবাদৰ মাজতেই আইনত পৰিণত হ’ল VB-G RAM G বিধেয়ক। উভয় সদনত গৃহীত হোৱা VB-G RAM G বিধেয়কখনক আজি ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাই।
Assamese "জুবিন জ্বলন্ত জুই..." প্ৰধানমন্ত্ৰীয়ে কিয় স্মৰণ নকৰিলে জুবিনক? দুদিনীয়া অসম ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ মুখত উচ্ছাৰিত নহ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো জুবিন গাৰ্গক স্মৰণ নকৰাক লৈ অসন্তষ্ট অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ। সামাজিক মাধ্যমযোগে দুই নেতাই ব্যক্ত কৰিলে নিজৰ ক্ষোভ।
Assamese হিন্দুৰ ওপৰত আক্ৰমণ সহ্য নকৰো! বাংলাদেশৰ হিন্দুৰ পক্ষত অসমৰ মুছলমান জ্বলিছে বাংলাদেশ। অশান্ত বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত হৈছে আক্ৰমণ। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা এই আক্ৰমণ সহ্য নকৰে অসমৰ মুছলমানে। বাংলাদেশৰ মাটিত ভাৰত বিৰোধী কোনো কাৰ্যকলাপো সহ্য কৰা নহ'ব। ABMSUৰ হুংকাৰ।
Assamese ইলেকট্ৰিক বাহন আছেনে? ১ জানুৱাৰীৰ পৰা নতুন নিয়ম পেট্ৰ'ল আৰু ডিজেল চালিত বাহনেৰে ডেলিভাৰী বয়ৰ কাম কৰিব নোৱাৰিব। ১ জানুৱাৰীৰ পৰা ডেলিভাৰী বয়ৰ যান-বাহনৰ ক্ষেত্ৰত আহিব নতুন নিয়ম। Swiggy, Zomato, Blinkitৰ দৰে ডেলিভাৰী বয়ে ইলেকট্ৰিক বাহন হ'লেহে কৰিব পাৰিব ডেলিভাৰীৰ কাম।
Assamese মুখা পিন্ধাবোৰে নহয়..., জুবিন ভগ্নীৰ বিশেষ পো’ষ্ট সংযমী হৈ আছো, দুৰ্বল নহয়! আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গক ন্যায় দিয়াৰ যুঁজ। জুবিন গাৰ্গৰ চৰিত্ৰহনন আৰু গৰিমা গাৰ্গৰ নিন্দাই এতিয়া চৰম সীমা পাইছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে এয়া বুজিবলৈ মই অপাৰগ।