Assamese কঠোৰ নিৰ্বাচন আয়োগ! সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হাজাৰ হাজাৰ ভোটাৰৰ নাম SIR কাৰ্যকৰী হোৱাৰ পাছতে কঠোৰ ৰূপত নিৰ্বাচন আয়োগ। সমষ্টিয়ে সমষ্টিয়ে কৰ্তন হৈছে হাজাৰ হাজাৰ ভোটাৰৰ নাম। মৃত্যু, অন্য ঠাইলৈ স্থানান্তৰিত ডুপ্লিকেট ভোটাৰৰ নাম কৰ্তন নিৰ্বাচন আয়োগৰ।
Assamese যুদ্ধৰ প্ৰস্তুতি! ডিব্ৰুগড়ৰ আকাশত বায়ুসেনাৰ যুঁজাৰু বিমান এক বিৰল মুহূৰ্তৰ সাক্ষী হ’ল ডিব্ৰুগড়বাসী। ডিব্ৰুগড়ৰ আকাশত আজি দেখিবলৈ পোৱা গ’ল ইখনৰ পিছত সিখন যুঁজাৰু বিমান। যেন একপ্ৰকাৰ যুদ্ধৰ বাবে প্ৰস্তুতিহে চলালে ভাৰতীয় বায়ুসেনাই। ইখনৰ পিছত সিখন যুদ্ধ বিমানৰ উৰণ দেখি গৌৰৱত বুকু ফুলি উঠিল ডিব্ৰুগড়বাসীৰ।
Assamese নিষিদ্ধ ড্ৰাগছ, গাঞ্জা লৈ উজনিত কি কৰিছে সন্দেহজনক লোকে? তিনিচুকীয়াৰ পেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জনকৈ সন্দেহজনক নাগৰিকক আটক। স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ সহযোগত কৰায়ত্ত কৰা হয় আটাইকে। আটকাধীন বাংলাদেশীৰ পৰা জব্দ নিষিদ্ধ নিচাজাতীয় দ্ৰব্যও।
Assamese জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া,ৰাজপথত লাখ লাখ প্ৰতিবাদকাৰী... দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আৰু অৰ্থনৈতিক সমস্যা সমাধানৰ দাবীত তিনিচুকীয়াত অস্থিৰতা । মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে ১ লাখতকৈ অধিক লোকে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে।
Assamese নিজক পৰিষ্কাৰ কৰি আনক লেতেৰা কৰিলে কেনেকৈ হ'ব? দোকানীক পৌৰসভাই দিলে উচিত শিক্ষা। তিনিচুকীয়া চহৰত পৌৰসভাই দোকানীক দিলে উচিত শিক্ষা। ভদ্ৰতাৰ মুখা পিন্ধি একাংশ দোকানীক পৌৰসভাৰ দিয়া এই শিক্ষাই সভ্য সমাজকো দিছে চৰম লজ্জা। মূলত যেন কুকুৰ তেন টাঙোন পৌৰসভাৰ।