Advertisment

জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া,ৰাজপথত লাখ লাখ প্ৰতিবাদকাৰী...

দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আৰু অন্যান্য অৰ্থনৈতিক সমস্যা সমাধানৰ দাবীত উজনি অসমৰ তিনিচুকীয়া জিলাত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে ১ লাখতকৈ অধিক লোকে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে

 জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া Photograph: (DY365)
জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া Photograph: (DY365)

জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া,লাখ লাখ প্ৰতিবাদকাৰী ৰাজপথত...

গুৱাহাটী : দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আৰু অন্যান্য অৰ্থনৈতিক সমস্যা সমাধানৰ দাবীত উজনি অসমৰ তিনিচুকীয়া জিলাত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে চাহ জনগোষ্ঠীৰ ১ লাখতকৈ অধিক লোকে বিশাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মৰাণ জনগোষ্ঠীয়েও কঠোৰ অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দিছে। আদিবাসী/চাহ জনগোষ্ঠীৰ ১ লাখ লোকৰ প্ৰতিবাদ। ৮ অক্টোবৰ, ২০২৫ তাৰিখেমুখ্যমন্ত্ৰী° হিমন্ত বিশ্ব শৰ্মাৰ তিনিচুকীয়া ভ্ৰমণৰ সময়তে অসম চাহ মজদুৰ সংঘ (ACMS) আৰু আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰায় ১ লাখ চাহ জনগোষ্ঠীৰ কৰ্মীয়ে চহৰখনত এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়এই বিশাল প্ৰতিবাদী সমদলটো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ই চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তিনিচুকীয়া ভ্ৰমণৰ সময়তেই অনুষ্ঠিত কৰা হয়। জিলাখনৰ শুকান পুখুৰী খেলপথাৰত হাজাৰ হাজাৰ আদিবাসী আৰু চাহ বাগিচাৰ শ্ৰমিকে সমবেত হৈ তেওঁলোকৰ দাবীসমূহ পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত ৰখাৰ সংকল্প ব্যক্ত কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি নেতৃত্বাধীন চৰকাৰে তেওঁলোকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে এই আন্দোলনক "মৰ্যাদা, পৰিচয় আৰু ন্যায়ৰ বাবে যুঁজ" বুলি অভিহিত কৰে। প্ৰতিবাদৰ অন্তত প্ৰতিবাদী নেতাসকলে জিলা উপায়ুক্তৰজৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীৰ ওচৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

ALSO READ:২৬ত মোক ভোট দিয়ক, মিঠাতেলো ফ্ৰী দিম-মুখ্যমন্ত্ৰী

প্ৰতিবাদকাৰী মূল দাবীসমূহ:

অনুসূচিত জনজাতি (ST) মৰ্যাদা: জনজাতিকৰণৰ বাবে চৰকাৰে দিয়া ১০ বছৰীয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ।

মজুৰি বৃদ্ধি: চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৫০ টকাৰ পৰা ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী।

ভূমিৰ অধিকাৰ: ভূমিহীন চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা।

বাগিচাৰ সংকট: বিজেপি চৰকাৰৰ শ্ৰমিক-বিৰোধী নীতিৰ ফলত চাহ বাগিচাসমূহ ধ্বংসৰ মুখলৈ যোৱাৰ অভিযোগ।

স্বাস্থ্য আৰু পুষ্টি: প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে মজুৰি কম হোৱাৰ বাবে বাগিচাৰ ৮০ শতাংশ শ্ৰমিকে পুষ্টিকৰ খাদ্য কিনি খাবলৈ নোপোৱাত ওজন ৫০ কেজিৰ তললৈ নামিছে।

ALSO READ:নেপালত বান-ভূমিস্খলনত ৫২জনকৈ লোকৰ মৃত্যু

ইয়াৰ পূৰ্বে মৰাণ জনগোষ্ঠীৰ জোঁৰ সমদল আৰু অৰ্থনৈতিক অৱৰোধ কৰিছিল। ছেপ্টেম্বৰ মাহত সদৌ মৰাণ ছাত্ৰ সন্থাই (AMSU) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীৰ অসম ভ্ৰমণৰ আগে আগে ২০ সহস্ৰাধিক মৰাণ লোকৰ সহযোগত তিনিচুকীয়াৰ ৰাজপথত এক বৃহৎ জোঁৰ সমদল উলিয়াইছিল। মৰাণ জনগোষ্ঠীক অনুসূচিত জনজাতি (ST) মৰ্যাদা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ (Sixth Schedule) অধীনত স্বায়ত্তশাসন প্ৰদানৰ দাবী জনোৱা হৈছিল। দাবী পূৰণ নহ'লে ১৫ ছেপ্টেম্বৰৰ পৰা জিলাখনত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰাৰ হুংকাৰ দিছিল সংগঠনটোৱে। প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বাধাৰ পিছতো প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ চেষ্টা কৰিছিল মৰাণ সংগঠনসমূহে।

ALSO READ:জয়পুৰৰ চিকিৎসালয়ৰ আই চি ইউত ভয়াৱহ অগ্নিকাণ্ড: ৬ জন গুৰুতৰ ৰোগীৰ কৰুণ মৃত্যু

মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বই চৰকাৰৰ ওপৰত প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ আনি কয় যে তেওঁলোকক এচি কোঠাৰ আলোচনা নালাগে,মাথোঁ লাগে লিখিতভাৱে জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিভুক্তস্বায়ত্তশাসন। তেওঁলোকে তেল, কয়লা, চাহ আৰু কাঠৰ দৰে জৰুৰী সম্পদৰ ৰপ্তানি সম্পূৰ্ণ বন্ধ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। উভয় জনগোষ্ঠীৰ তীব্ৰ প্ৰতিবাদৰ ফলত তিনিচুকীয়াৰ ৰাজপথত উত্তেজনা অব্যাহত আছে, আৰু চৰকাৰে এই দাবীসমূহৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে তাকলৈএতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।