Advertisment

জয়পুৰৰ চিকিৎসালয়ৰ আই চি ইউত ভয়াৱহ অগ্নিকাণ্ড: ৬ জন গুৰুতৰ ৰোগীৰ কৰুণ মৃত্যু

ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ চৰকাৰী সৱাই মান সিং (SMS) হাস্পতালত দেওবাৰে নিশা এক শোকাৱহ অগ্নিকাণ্ডৰ ফলত কমেও ৬ জন গুৰুতৰ ৰোগীৰ মৃত্যু হয়। এই ঘটনা হাস্পতালখনৰ ট্ৰমা চেণ্টাৰৰ নিউৰো আই চি ইউ (Neuro ICU) বিভাগত সংঘটিত হৈছে।

 জয়পুৰৰ চিকিৎসালয়ৰ আই চি ইউত ভয়াৱহ অগ্নিকাণ্ড: ৬ জন গুৰুতৰ ৰোগীৰ কৰুণ মৃত্যু Photograph: (DY365)
জয়পুৰৰ চিকিৎসালয়ৰ আই চি ইউত ভয়াৱহ অগ্নিকাণ্ড: ৬ জন গুৰুতৰ ৰোগীৰ কৰুণ মৃত্যু Photograph: (DY365)

জয়পুৰৰ চিকিৎসালয়ৰ আই চি ইউত ভয়াৱহ অগ্নিকাণ্ড: ৬ জন ৰোগীৰ কৰুণ মৃত্যু

Advertisment

ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ চৰকাৰী সৱাই মান সিং (SMS) হাস্পতালত দেওবাৰে নিশা এক শোকাৱহ অগ্নিকাণ্ডৰ ফলত কমেও ৬ জন গুৰুতৰ ৰোগীৰ মৃত্যু হয়। এই ঘটনা হাস্পতালখনৰ ট্ৰমা চেণ্টাৰৰ নিউৰো আই চি ইউ (Neuro ICU) বিভাগত সংঘটিত হৈছে।

ALSO READ:দাৰ্জিলিঙত ধাৰাসাৰ বৰষুণ-ভূমিস্খলন, নিহত ১৭

প্ৰাথমিক তথ্য অনুসৰি, দেওবাৰে মাজনিশা প্ৰায় ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত ট্ৰমা চেণ্টাৰৰ দ্বিতীয় মহলাত থকা আই চি ইউৰ ষ্ট'ৰেজ এৰিয়াত শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে। লগে লগে সমগ্ৰ আই চি ইউ আৰু কাষৰ ৱাৰ্ড ধোঁৱাই আৱৰি ধৰে, যাৰ ফলত ৰোগীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়।

ট্ৰমা চেণ্টাৰৰ ইন-চাৰ্জ ডাঃ অনুৰাগ ধাকড়ৰ মতে, জুই লগাৰ সময়ত নিউৰো আই চি ইউত ১১ জন আৰু কাষৰ আই চি ইউত ১৩ জন ৰোগী চিকিৎসাধীন হৈ আছিল। হাস্পতাল কৰ্তৃপক্ষ আৰু উপস্থিত ৰোগীৰ আত্মীয়সকলে ততাতৈয়াকৈ ৰোগীসকলক আন ঠাইলৈ স্থানান্তৰ কৰে। কিন্তু অক্সিজেন চিলিণ্ডাৰৰ দৰে সামগ্ৰী মজুত থকা স্থানত জুই লগাৰ বাবে বিষাক্ত ধোঁৱা ইমান বেছি হৈছিল যে ৬ জন অতি গুৰুতৰ ৰোগীক উদ্ধাৰ কৰাৰ পিছতো তেওঁলোকক বচাব পৰা নগল। মৃতসকলৰ ভিতৰত দুগৰাকী মহিলা আৰু চাৰিজন পুৰুষ বুলি চিনাক্ত কৰা হৈছে।

Advertisment

ALSO READ:অসমবাসীলৈ জুবিন গাৰ্গৰ অন্তিম উপহাৰ: মুক্তিৰ বাবে সাজু 'ৰৈ ৰৈ বিনালে'

এই ঘটনাৰ পিছত ৰোগীৰ আত্মীয়সকলে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে দাবী কৰিছে যে ধোঁৱা ওলোৱাৰ বিষয়ে আৰম্ভণিতে হাস্পতাল কৰ্মীক জনোৱা হৈছিল যদিও কৰ্তৃপক্ষই আওকাণ কৰে। জুই ব্যাপক হোৱাৰ লগে লগে কৰ্মচাৰীসকলে পলাই যায় বুলিও একাংশই অভিযোগ কৰিছে।

ALSO READ:কাহৰ ঔষধ সেৱন কৰি ৯  শিশুৰ মৃত্যু, শোকস্তব্ধ পৰিয়াল

ৰাজ্যৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এই শোকাবহ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে আৰু ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। এই তদন্ত সমিতিৰ নেতৃত্ব দিব চিকিৎসা শিক্ষা বিভাগৰ আয়ুক্ত ইকবাল খানে। কমিটীয়ে অগ্নিকাণ্ডৰ কাৰণ, চিকিৎসালয়ৰ জৰুৰীকালীন ব্যৱস্থাৰ প্ৰস্তুতি আৰু ভৱিষ্যতে এনে ঘটনা ৰোধ কৰিবলৈ কি ব্যৱস্থা ল'ব পাৰি সেই সম্পৰ্কে এক বিশদ প্ৰতিবেদন দাখিল কৰিব।

Advertisment

ALSO READ:২০২৩ত দেশত অপৰাধৰ সংখ্যা ৭.২%লৈ বৃদ্ধি! NCRBৰ উদ্বেগজনক তথ্য

অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰায় দুঘণ্টা চেষ্টা চলোৱাৰ পিছতহে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। বৰ্তমান, চিকিৎসাধীন বাকী ৰোগীসকলক হাস্পতালৰ আন ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে। এই অগ্নিকাণ্ডই ৰাজ্যখনৰ জনস্বাস্থ্য ব্যৱস্থাত সুৰক্ষাৰ দিশটো পুনৰ বিবেচনা কৰিবলৈ বাধ্য কৰিছে

ALSO READ:মধ্য প্ৰদেশত জীৱিত অৱস্থাত উদ্ধাৰ যৌতুকৰ গোচৰত মৃত বুলি ভবা মহিলা

Advertisment
Advertisment