Advertisment

দাৰ্জিলিঙত ধাৰাসাৰ বৰষুণ-ভূমিস্খলন, নিহত ১৭

পশ্চিম বংগৰ দাৰ্জিলিঙত শনিবাৰে নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰৱল বৃষ্টিপাতৰ ফলত দাৰ্জিলিঙৰ একাধিক অঞ্চলত ভয়ংকৰ ভূমিস্খলন হয়। নেৰানেপেৰা বৰষুণ আৰু বৰষুণৰ সমান্তৰালকৈ সংঘটিত ভূমিস্খলনে পাহাৰীয়া দাৰ্জিলিঙত বিভীষিকাৰ সৃষ্টি কৰিছে।

 দাৰ্জিলিঙত ধাৰাসাৰ বৰষুণ-ভূমিস্খলন DY365
দাৰ্জিলিঙত ধাৰাসাৰ বৰষুণ-ভূমিস্খলন DY365

দাৰ্জিলিঙত হাহাকাৰ
ধাৰাসাৰ বৰষুণ-ভূমিস্খলন, নিহত ১৭

পশ্চিম বংগৰ দাৰ্জিলিঙত শনিবাৰে নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰৱল বৃষ্টিপাতৰ ফলত দাৰ্জিলিঙৰ একাধিক অঞ্চলত ভয়ংকৰ ভূমিস্খলন হয়। নেৰানেপেৰা বৰষুণ আৰু বৰষুণৰ সমান্তৰালকৈ সংঘটিত ভূমিস্খলনে পাহাৰীয়া দাৰ্জিলিঙত বিভীষিকাৰ সৃষ্টি কৰিছে। এই ভূমিস্খলনত পাহাৰীয়া অঞ্চলটোত বৰ্তমানপযৰ্ন্ত অতি কমেও ১৭গৰাকী লোকৰ কৰুণ মৃত্যু হয়। কেইবাজনো লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোহৰলৈ। বৰষুণ আৰু ভূমিস্খলনত দাৰ্জিলিঙত সা–সম্পত্তি, আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হয়। প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত মিৰিকত এখন লোহাৰ দলং ভাঙি পৰে। দলং ভাঙি পৰাত ৯জনকৈ লোক মৃত্যু মুখত পৰে। ইফালে সুখিয়াত ভূমিস্খলনত ৪জনকৈ লোকৰ প্ৰাণহানিৰ তথ্য।

Advertisment

ALSO READ:অসমবাসীলৈ জুবিন গাৰ্গৰ অন্তিম উপহাৰ: মুক্তিৰ বাবে সাজু 'ৰৈ ৰৈ বিনালে' 

মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনত দাৰ্জিলিঙত বিস্তৰ ক্ষতিসাধন হয়। ভূমিস্খলনৰ ফলত ১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৭১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল আৰু যোগাযোগত ব্যাঘাত জন্মিছে । বহু গুৰুত্বপূৰ্ণ পথত ভূমিস্খলনৰ বাবে আবদ্ধ হৈ পৰে বহু পৰ্যটক। ছিকিম আৰু কালিম্পঙৰ মাজত সম্পূর্ণৰূপে বিচ্ছিন্ন হৈ পৰে যোগাযোগ। তিস্তাবজাৰৰ সমীপত ২৯ মাইল ভালুখোলাত তিস্তাৰ বানে বুৰালে ১০নং ৰাষ্ট্ৰীয় পথ। নিশা ভাঙি পৰে মিৰিক আৰু দুধীয়াৰ মাজৰ লোহা দলঙৰ এছোৱা। ফলত ব্যাহত হৈ পৰিছে শিলিগুৰিৰ পৰা মিৰিকৰ যোগাযোগ ব্যৱস্থা। তিস্তাৰ লগতে অন্যান্য উপনৈসমূহে দেও‍বাৰে পুৱা অতিক্ৰম কৰিছে বিপদসীমা। দার্জিলিঙৰ ৰোহিণী ৰোড নিশা খহাই নিয়ে প্ৰচুৰ বৰষুণে। পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে ৰক গাৰ্ডেন, টাইগাৰ হিল পৰ্যটনস্থলী। প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ বাবে দাৰ্জিলিঙৰ পৰা শিলিগুৰি সংযোগী মূল পথসমূহ বন্ধ হৈ পৰে। কুৰ্চেয়ঙৰ ডিলাৰাম আৰু হুইচেল খোলাতো পথত ভয়াৱহ ৰূপ। প্ৰকৃতিৰ কালৰূপত পুলবজাৰ দলংখনৰ বিস্তৰ ক্ষতিসাধন হয়া। যাৰ ফলত বিজানবাৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সৈতে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে।

ALSO READ:কাহৰ ঔষধ সেৱন কৰি ৯  শিশুৰ মৃত্যু, শোকস্তব্ধ পৰিয়াল

বৰষুণ আৰু ভূমিস্খলনৰ ভয়াৱহ পৰিস্থিতিৰ মাজতেই জিলা প্ৰশাসনে যুদ্ধকালীন গতিৰে চলাই আছে উদ্ধাৰ অভিযান। বতৰৰ ভয়াৱহ ৰূপৰ বাবে উদ্ধাৰ অভিযানত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হবলগা হৈছে উদ্ধাৰকাৰী দল।  ইফালে প্ৰয়োজন নহ'লে সাধাৰণ ৰাইজ তথা পৰ্যটকক ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জিলা প্ৰশাসনৰ। 
পাহাৰীয়া অঞ্চলত দৰ্শনাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গোৰ্খালেণ্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেচনে পৰৱৰ্তী জাননী নিদিয়ালৈকে সকলো পৰ্যটনস্থলী বন্ধ ৰখাৰ কথা ঘোষণা কৰে।