" অসমবাসীলৈ জুবিন গাৰ্গৰ অন্তিম উপহাৰ: মুক্তিৰ বাবে সাজু 'ৰৈ ৰৈ বিনালে' গুৱাহাটী: সমগ্ৰ অসমবাসীক শোকৰ সাগৰত ডুবাই অজান দেশলৈ গুছি যোৱা শিল্পী জুবিন গাৰ্গৰ বহু হেঁপাহৰ তথা জীৱনৰ শেষৰখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ মুক্তিৰ তাৰিখ নিশ্চিত কৰা হৈছে। অসমীয়াৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ দ্বাৰা নিৰ্মিত তথা তেওঁৰ জীৱনৰ শেষৰখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ মুক্তিৰ বাবে এতিয়া ক্ষণ গণনা আৰম্ভ হৈছে। অসমীয়া চলচিত্ৰক নতুন ৰূপ দিয়া ন-জীৱন দিয়া জুবিন গাৰ্গৰ এইখনে শেষৰ খন ছবি। জুবিনৰ বিয়োগৰ পাছত তেওঁৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে তেওঁৰ এই সপোন পূৰণ কৰিবলৈ দিনে-ৰাতি কাম কৰি আছে। আৱেগিক পৰিৱেশত চূড়ান্ত পৰ্যায়ৰ কাম চলি আছে । প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই বাৰম্বাৰ জনাইছে যে ছবিখন জুবিন দাৰ বাবে আছিল এক বিশেষ সপোন। তেওঁ এই 'মিউজিকেল ছবি'খনক লৈ বহুত উৎসাহিত আছিল। শিল্পীগৰাকীৰ ইচ্ছা আৰু পৰিচালক ৰাজেশ ভুঞাৰ ঘোষণা অনুসৰি, অহা ৩১ অক্টোবৰ, ২০২৫ তাৰিখে এই বিশেষ ছবিখনে ৰাইজৰ মাজত শুভমুক্তি লাভ কৰিব।Advertisment ALSO READ:উচ্চতম ন্যায়ালয়ত 'ফেষ্টিভেল মহন্ত'খ্যাত শ্যামকানুৰ আগতীয়া আবেদন: গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ চাঞ্চল্যকৰ তথ্য! জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প হিচাপে নিৰ্মিত 'ৰৈ ৰৈ বিনালে' ছবিখন অসমৰ প্ৰথমখন 'মিউজিকেল ছবি' হিচাপে পৰিগণিত হ'ব। জুবিন গাৰ্গে ছবিখনৰ কাহিনী, সংগীত আৰু প্ৰযোজনাৰ দায়িত্ব লৈছিল। ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে জুবিনৰ ঘনিষ্ঠ বন্ধু ৰাজেশ ভূঞা। চিত্ৰনাট্য আৰু সংলাপ লিখিছিল শান্তনু ৰৌমুৰীয়া আৰু ৰাহুল গৌতম শৰ্মাই। দৃশ্যগ্ৰহণ আৰু সংগীতৰ কাম ইতিমধ্যে পূৰ্ণ হৈছে। ছবিখনৰ কাহিনী, সংগীত আৰু প্ৰযোজনাৰ দায়িত্ব জুবিন গাৰ্গে নিজে লৈছিল। ইফালে, শান্তনু ৰৌমুৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ দ্বাৰা ৰচিত চিত্ৰনাট্যও প্ৰশংসাৰ যোগ্য।কিয় এই ছবিখন বিশেষ সকলোৰে প্ৰশ্ন ! 'ৰৈ ৰৈ বিনালে' অসমৰ চলচ্চিত্ৰ জগতৰ বাবে কেৱল এখন সাধাৰণ ছবি নহয় তাৰ উমান ছবিখনৰ মুক্তিৰ আগতে পোৱা গৈছে। ALSO READ:জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানন্দ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ছবিৰ বিশেষত্ব হ'ল আৰু এই ছবিখনত জুবিন গাৰ্গে মুখ্য চৰিত্ৰ এটাত অভিনয় কৰিছে, য'ত তেওঁক এগৰাকী অন্ধ শিল্পীৰ ৰূপত দৰ্শকে দেখা পাব। জুবিনে নিজেই এই চৰিত্ৰটোক লৈ অতিশয় উৎসাহিত হৈ আছিল। তেওঁ উল্লেখ কৰিছিল যে ছবিখন কেৱল 'প্ৰেম আৰু আবেগ'ৰ ওপৰত আধাৰিত, ইয়াত কোনো মাৰপিট বা একশ্যনৰ দৃশ্য নাই। কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু নীল আকাশেও এই ছবিখনত অভিনয় কৰিছে। এইখন প্ৰথম অসমীয়া মিউজিকেল ছবি। জুবিন গাৰ্গে ইয়াক অসমৰ প্ৰথমখন পূৰ্ণাংগ মিউজিকেল ছবি হিচাপে গঢ়ি তুলিছিল। জুবিনে এক বিশেষ চৰিত্ৰ ৰূপায়ণ কৰিছে । ছবিখনত জুবিনে এজন অন্ধ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে, যিটো তেওঁৰ পূৰ্বৰ চৰিত্ৰসমূহৰ পৰা সম্পূৰ্ণ পৃথক। যিহেতু এইখন জুবিন গাৰ্গৰ জীৱনৰ অন্তিম ছবি, যিয়ে তেওঁৰ সাংস্কৃতিক ভেটিটোক এক চিৰস্মৰণীয় ৰূপ দিব। অক্টোবৰৰ শেষৰ ফালে মুক্তি পাবলগীয়া এই ছবিখনে অসমৰ চলচ্চিত্ৰ জগতত এক আৱেগিক ঢৌৰ সৃষ্টি কৰিবল বুলি আশা কৰা হৈছে। ALSO READ:মায়াবিনী,জুবিন আৰু মায়াবিনী গীতৰ ৰয়েল্টী ছবিখনৰ ডাবিঙৰ কাম আধৰুৱা হৈ থকাৰ বাবে প্ৰথমতে অনুৰাগীসকলৰ মাজত সংশয় আছিল যে ছবিখনত জুবিনৰ মূল মাত থাকিবনে নাই। কিন্তু পৰিচালক ৰাজেশ ভূঞাই নিশ্চিত কৰিছে যে জুবিন গাৰ্গৰ চৰিত্ৰৰ বাবে AI প্ৰযুক্তিৰ সহায়ত যিখিনি সংলাপৰ শব্দ অস্পষ্ট হৈছে, সেইখিনি অংশত জুবিনৰ প্ৰকৃত কণ্ঠ (Original Voice) ৰক্ষা কৰা হ"ব। ইয়াৰ ফলত দৰ্শকে জুবিনক তেওঁৰ নিজৰ মাতত শুনিবলৈ পাব, যিটো আৱেগিকভাৱে এক ডাঙৰ কথা। জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পাছত ছবিখনৰ কিছু অংশৰ ডাবিঙৰ কাম আধৰুৱা হৈ আছিল। এই সন্দৰ্ভত সৃষ্টি হোৱা আৱেগিক প্ৰশ্নৰ উত্তৰ দি পৰিচালক ৰাজেশ ভূঞাই নিশ্চিত কৰিছে যে ছবিখনত কোনো অন্য ব্যক্তিৰ কণ্ঠ ব্যৱহাৰ কৰা নহ'ব। ALSO READ:"জুবিনৰ কেনেকৈ মৃত্যু হ"ল সকলো কথা মই জানিব লাগিব" জুবিনৰ মৃত্যুক লৈ গৰিমা গাৰ্গৰ বহু প্ৰশ্ন..... পৰিচালক ৰাজেশ ভুঞাই জনোৱা মতে, শ্বুটিঙৰ সময়ত লেপেল মাইক ব্যৱহাৰ কৰা হৈছিল। গতিকে, যিমানখিনি সম্ভব, জুবিনৰ প্ৰকৃত মাত ব্যৱহাৰ কৰা হ"ব। মাত্ৰ যিখিনি সংলাপৰ কণ্ঠ স্পষ্ট নহয় বা য'ত শব্দৰ অসুবিধা আছে, সেইখিনি অংশত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ সহায়ত জুবিন গাৰ্গৰ কণ্ঠ সংযোজন কৰি ছবিখন সম্পূৰ্ণ কৰা হ"ব। জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গেও জনালে যে এই ছবিখনক লৈ জুবিনৰ বহু আশা জড়িত আছিল। ALSO READ:মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই অসমীয়া সংগীত আৰু চলচ্চিত্ৰ জগতলৈ জুবিন গাৰ্গৰ এই অন্তিম বোলছবিখন চাবলৈ এতিয়া অসমীয়া ৰাইজ অধীৰ আগ্ৰহেৰে বাট চাই আছে। "