Advertisment

‘জুবিনৰ কেনেকৈ মৃত্যু হ’ল সকলো কথা মই জানিব লাগিব’ জুবিনৰ মৃত্যুক লৈ গৰিমা গাৰ্গৰ বহু প্ৰশ্ন.....

আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ মাজতে সংবাদ মাধ্যমৰ আগত জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গৰীমা শইকীয়া গাৰ্গে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে। ইতিমধ্যে জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গৰীমা গাৰ্গে এজেহাৰ দাখিল কৰিছে।

 জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গৰীমা শইকীয়া গাৰ্গে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে Photograph: (DY365)
জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গৰীমা শইকীয়া গাৰ্গে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে Photograph: (DY365)

‘কেনেকৈ মৃত্যু হ’ল সকলো কথা মই জানিব লাগিব’। জুবিনৰ মৃত্যুক লৈ গৰিমা গাৰ্গৰ বহু প্ৰশ্ন...

Advertisment

গুৱাহাটী: আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। কাহিলিপাৰাৰ বাসভৱনত আয়োজিত হৈছে মাংগলিক অনুষ্ঠান। পুৱাৰে পৰা কাহিলিপাৰাৰ বাসভৱনত গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে। প্ৰান্তেপ্ৰান্তেহাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ অশ্ৰু অঞ্জলি অনুৰাগীৰ। শদিয়াৰ পৰা ধুবুৰীলৈ বিৰাজ কৰিছে যেন মৰিশালিৰ নিস্তব্ধতাই। চৌদিশে কেৱল মাথোঁ শূন্যতা, বিষণ্ণতাৰে ভৰা পৰিৱেশ।বাটেঘাটে প্ৰিয় শিল্পীগৰাকীৰ ফটোত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি। জুবিনবিহীন অসম সকলোৰে বাবে কল্পনাৰো অতীত।

আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ মাজতে সংবাদ মাধ্যমৰ আগতজুবিনৰ মৃত্যুৰ সন্দৰ্ভত গৰীমাশইকীয়া গাৰ্গে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছেইতিমধ্যে জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গৰীমা গাৰ্গে এজেহাৰ দাখিল কৰিছে।

আজি গৰীমাশইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে,'পানীৰ পৰা জুবিনককিয় আঁতৰাই আনিব নোৱাৰিলে ওচৰত থকা কোনেও?'এতিয়া যিবোৰ ভিডিঅ' ওলাই আছে, সেই সময়ত অলপ যদি যত্ন ল'লে হয় জুবিন আমাৰ মাজত থাকিলে হতেন'। 'দ পানীত এইদৰে ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াওনিদিওঁ'। 'লাইফ জেকেট নিপিন্ধো বুলি কোৱাৰ পিছত তেওঁক যাবলৈ দিবই নালাগিছিল'।

Advertisment

আদ্যশ্ৰাদ্ধৰ দিনটোতেই কান্দি-কান্দি ন্যায়বিচাৰিগৰিমাশইকীয়া গাৰ্গে কয়, 'জুবিনৰ দৰে এজন ব্যক্তিৰ সৈতে ষড়যন্ত্ৰকৰিবলগীয়া কি আছিল?''জুবিনক লৈ যোৱা ঠাইখিনিলৈ কোনো স্থানীয় লোক নাযায়'।'কিয়ষড়যন্ত্ৰ কৰি সেই ঠাইখিনিলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক?'

জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ প্ৰশ্ন 'ছিংগাপুৰৰ সেই ৰহস্যজনক দ্বীপটোলৈ কিয় লৈ যোৱা হৈছিল জুবিনক?''কেনেকৈ মৃত্যু হ’ল সকলো কথা মই জানিব লাগিব'। 'তেওঁৰ শিশুৰ দৰে স্বভাৱ, তেওঁক দ পানীত জঁপিয়াবলৈ বাধা দিব লাগিছিল'।'জুবিনে শুই ভাল পায়, হোটেলতেই তেওঁক শুব দিব লাগিছিল'।

জুবিনকসুৱঁৰিতেঁওকয়'তেওঁক মৰমেৰে শিশুৰ দৰে কথা ক'লে প্ৰতিটো কথাই শুনিছিল'।'মইন্যায়বিচাৰিছো, তদন্ত বিচাৰিছো, সকলো কথা জানিব বিচাৰোঁ'।'সকলোৰে বাবে আছিল তেওঁৰ অপাৰ মৰম'। 'সেই মানুহটোক কিয় ঘটনাৰ সময়ত অলপ যত্ন নল’লে তেওঁলোকে?'।'জুবিনেটো তেওঁলোকৰ কাৰণে সকলো উবুৰিয়াই দিছিল'।'পৰিয়ালৰ বাবে একো নৰখাকৈ কেৱল তেওঁলোকৰ বাবেই সকলো কৰিছিল'।'তেওঁ নিজেই নিজক সম্পূৰ্ণ উদঙাই দিছিল, নিজৰ বাবে একোৱেই নাৰাখিছিল'।

Advertisment

একেকেইটা প্ৰশ্ন লাখ লাখ অসমৰ জনসাধাৰণৰ মাজতো উদয় হোৱা দেখিবলৈ পোৱা গৈছে। যাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰা দেখিবালৈ পোৱা গৈছে। বহুলোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে। অতি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ক্ষীপ্ৰতাৰে হোৱাটো ৰাইজে কামনা কৰিছে।

Advertisment
Advertisment