Advertisment

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই

জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে পুনৰ SITক অৰ্পণ কৰিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।

 GMCHত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ
GMCHত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই

GMCHত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ

GMCHত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ SITৰ দল উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত। দ্বিতীয়বাৰলৈ GMCHত কৰা হৈছিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। ৰাইজৰ দাবীত দ্বিতীয়বাৰলৈ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাইছিল চৰকাৰে। 

Advertisment

কিন্তু জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে পুনৰ SITক অৰ্পণ কৰিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। SITক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অপৰ্ণ কৰি গৰিমাই কয় যে, ‘যিহেতু তদন্ত চলি আছে, কথাবোৰ ৰাজহুৱা হ’লে তদন্তত ব্যাঘাত হ’ব পাৰে’। সেয়েহে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মই গ্ৰহণ নকৰিলো। ‘প্ৰতিবেদনখন আদালত আৰু তদন্তকাৰী বিষয়াৰ হাততেই থাকক’। ‘মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মোৰ ব্যক্তিগত সম্পত্তি নহয়’। 

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ভালদৰে আগবাঢ়িছে বুলি বিশ্বাসী গৰিমা শইকীয়া গাৰ্গ। ক্ষীপ্ৰতাৰে তদন্ত কৰিবলৈ আৰক্ষীক অনুৰোধ জুবিন গাৰ্গৰ পত্নী গৰিমাৰ। তেওঁ কয় যে, ‘মানুহজনক কেতিয়াও ঘূৰাই নাপাওঁ, উচিত ন্যায় আশা কৰিছো’। 

আজি SITয়ে গৰিমা গাৰ্গৰ লগতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ ভাষ্য গ্ৰহণ কৰাৰ কথাও সদৰী কৰে গৰিমা শইকীয়া গাৰ্গে। 

জুবিন গাৰ্গক বিহ খুৱাই হত্যা কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ গৰিমা গাৰ্গ শইকীয়াৰ- ‘শেখৰে যদি সকলো জানিছিল ইমানদিনে লুকুৱাই ৰাখিছিল কিয়?’ দোষীক কঠোৰ শাস্তি বিহাৰ বাবে চৰকাৰক আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। ‘মানুহজনে সকলোকে মৰম কৰিছিল, তেওঁক এনেকুৱা কৰিলে কিয়?’ বুলিও প্ৰশ্ন উত্থাপন গৰিমা গাৰ্গ শইকীয়াৰ। 

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত সৰ্বত্ৰে ন্যায়ৰ বাবে উত্থাপন হৈছে দাবী। উচিত তদন্ত কৰি অভিযুক্তক কঠোৰ শাস্তি দিয়াৰ দাবী। দোষীৰ কঠোৰ শাস্তিৰ দাবী জনালে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। 

ইফালে আৰক্ষীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ক্ষীপ্ৰতাৰে চলাই আছে তদন্ত প্ৰক্ৰিয়া।