"উচ্চতম ন্যায়ালয়ত 'ফেষ্টিভেল মহন্ত'খ্যাত শ্যামকানুৰ আগতীয়া আবেদন: গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ চাঞ্চল্যকৰ তথ্য!Advertisment গুৱাহাটী: জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে গ্ৰেপ্তাৰ হোৱা 'নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল'ৰ মুখ্য সংগঠক শ্যামকানু মহন্তৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ জালত পৰাৰ পূৰ্বেই মহন্তই উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল বুলি জানিব পৰা গৈছে। ALSO READ:জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানন্দ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ছিংগাপুৰৰ পৰাই আবেদন: সূত্ৰসমূহৰ খবৰ অনুসৰি, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আৰক্ষীৰ তদন্তৰ সময়ছোৱাত সিংগাপুৰত থকাৰ সময়তে শ্যামকানু মহন্তই যোৱা ৩০ ছেপ্তেম্বৰত তেওঁৰ নিজ অধিবক্তা ৰাজকমলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছিল। ধাৰণা কৰা হৈছে যে এই গোচৰৰ পৰা সকাহ বিচাৰি অথবা সম্ভাৱ্য গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈ তেওঁ এই ব্যৱস্থা লৈছিল। ALSO READ:হেণ্ডকাফ লগাই নহয়, মুখ ঢাকি আনিব লাগিছিল শ্যামকানুকঃ জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা আবেদন নাকচ: অৱশ্যে, এই আবেদনত কিছু আঁসোৱাহ (technical fault) থকাৰ বাবে উচ্চতম ন্যায়ালয়ে ইয়াক নাকচ কৰে। এই খবৰ পোহৰলৈ অহাৰ পাছতে 'ফেষ্টিভেল মহন্ত' খ্যাত শ্যামকানুৰ চৰিত্ৰক লৈ পুনৰ নতুনকৈ চৰ্চা আৰম্ভ হৈছে। একাংশ লোকে মন্তব্য কৰিছে যে নিজকে ৰক্ষাৰ বাবে সকলো পৰিকল্পনা কৰিহে তেওঁ আৰক্ষীৰ হাতত ধৰা দিছিল। ALSO READ:মায়াবিনী,জুবিন আৰু মায়াবিনী গীতৰ ৰয়েল্টী গ্ৰেপ্তাৰ আৰু ১৪ দিনৰ ন্যায়িক জিম্মা:উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গঠিত বিশেষ তদন্তকাৰী দল (SIT)-এ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ লগতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকো গ্ৰেপ্তাৰ কৰা হয়। দুয়োকে আদালতত হাজিৰ কৰোৱাৰ পাছত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ALSO READ:জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ বৰ্তমান চিআইডিৰ নেতৃত্বত গঠিত এছআইটি-য়ে সমগ্ৰ ঘটনাৰ স্বচ্ছ তদন্ত চলাই আছে। কেন্দ্ৰীয় চৰকাৰে সিংগাপুৰৰ সৈতে মিউচুৱেল লীগেল এছিষ্টেন্স ট্ৰীটি (MLAT) বলবৎ কৰাৰ বাবেও অনুৰোধ জনাইছে। "