Advertisment

জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। দিল্লীত শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাজস্থানত গ্ৰেপ্তাৰ হয় সিদ্ধাৰ্থ শৰ্মা। বৰ্তমান ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দুয়োকে।

 FILEPHOTO
FILEPHOTO

জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

Advertisment

হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন আজি ১৩টা দিন। আজি যোৰহাটত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। জুবিন গাৰ্গ যে আমাৰ মাজত কায়িকভাৱে নাই এই কথা মানি লব পৰা নাই কোনো অসমীয়াই। অসম আৰু অসমীয়াৰ এই কঠোৰ সময়ৰ মাজতো কিন্তু অসমীয়াই ক্ষোভত জ্বলিছে। কাৰণ মুকলি আকাশৰ তলত ঘুৰি ফুৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত। 

অভিশপ্ত ১৯ ছেপ্তেম্বৰৰ দিনটো আছিল অসমীয়াৰ বাবে এটা কলা দিন। এই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। ছিংগাপুৰৰ সাগৰত সাঁতুৰি থাকোতেই মৃত্যুক আঁকোৱালি লৈছিল আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুত স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম। জুবিন গাৰ্গক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ সৰুসজাইত সমাৱেত হৈছিল লাখ লাখ গুণমুগ্ধ আৰু অনুৰাগী। জুবিন গাৰ্গৰ মৃত্যু এতিয়াও মানি লব পৰা নাই কোনো অসমীয়াই। #JusticeForZubeenGarg লিখি সামাজিক মাধ্যমত প্ৰতিজন অসমীয়াই ন্যায় বিচাৰিছে। 

অসমীয়াৰ এই ক্ষোভৰ মাজতো কিন্তু আজি পুৱাৰ ভাগৰ এটা খবৰে অসমীয়াৰ মনত কিছু শাত পেলাইছে। কাৰণ গ্ৰেপ্তাৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত ওৰফে ফেষ্টিভেল মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ ১২টা দিনৰ অন্তত কালি নিশা আৰক্ষীৰ জালত পৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা।

ছিংগাপুৰৰ পৰা দিল্লীলৈ আহি থকা অৱস্থাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ হয় শ্যামকানু মহন্ত। আনহাতে ৰাজস্থানৰ গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সিদ্ধাৰ্থ শৰ্মাক। আজি পুৱা ভাগতে এই দুই অভিযুক্তক AIR INDIA IX1197 বিমান যোগে গুৱাহাটীলৈ লৈ অনা হয়। বৰঝাৰ বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাবেষ্টনীৰে দুয়োগৰাকীকে লৈ অনা হয় গীতানগৰস্থিত CJMৰ বাসগৃহলৈ। তাৰ পাছতে সকলো আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি তেওঁলোকক CID কাৰ্যালয়লৈ লৈ যোৱা হয়। বৰ্তমান ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দুয়োকে।

উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰা পলাতক অৱস্থাত আছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। যাৰ বাবে মহন্ত আৰু শৰ্মাৰ বিৰুদ্ধে ‘লুকআউট নোটিচ’ জাৰি কৰি ৬ অক্টোবৰৰ ভিতৰত CIDৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছিল। আৰু আজি গ্ৰেপ্তাৰৰ পাছতে হাতত হেণ্ডকাফ লগাই শ্যামকানু আৰু সিদ্ধাৰ্থক লৈ যোৱা হয় CIDৰ কাৰ্যালয়লৈ। CIDৰ কাৰ্যালয়ত অভিশপ্ত ১৯ ছেপ্তেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ সৈতে কি ঘটনা সংঘটিত হৈছিল সকলোবোৰ জেৰা কৰিব CIDয়ে।  

SITৰ নেতৃত্বত থকা মুন্না প্ৰসাদ গুপ্তাই সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি উদ্ধাৰ কৰা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোনটো। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সংঘটিত হোৱা এই ঘটনাৰ পিছৰে পৰা জুবিন গাৰ্গৰ মোবাইল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগত আছিল। ছিংগাপুৰত জুবিনৰ লগত থকা তেওঁৰ ভাতৃ সন্দিপন গাৰ্গে মোবাইলটো বিচাৰিছিল যদিও সিদ্ধাৰ্থই তেওঁক গতাই নিদিলে। সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছত অসম আৰক্ষীয়ে জব্দ কৰে জুবিন গাৰ্গৰ মোবাইল ফোন। হয়তো জুবিন গাৰ্গৰ মোবাইল ফোনটোৰ পৰাও কিছু তথ্য আহৰণ কৰিব পাৰিব তদন্তকাৰী দলে।