Advertisment

২০২৩ত দেশত অপৰাধৰ সংখ্যা ৭.২%লৈ বৃদ্ধি! NCRBৰ উদ্বেগজনক তথ্য

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে গুৰুতৰ অপৰাধজনিত ঘটনাৰ সংখ্যা। ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদনত উদ্বেগজনক তথ্য। ২০২৩ বৰ্ষত পঞ্জীয়ন ৬২ লাখৰো অধিক গুৰুতৰ অপৰাধৰ গোচৰ। ২০২৩ চনত দেশত গুৰুতৰ অপৰাধ ৭.২%লৈ বৃদ্ধি।

 Photograph: (FILE)
Photograph: (FILE)

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে গুৰুতৰ অপৰাধজনিত ঘটনাৰ সংখ্যা। 

ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদনত উদ্বেগজনক তথ্য। ২০২৩ বৰ্ষত পঞ্জীয়ন ৬২ লাখৰো অধিক গুৰুতৰ অপৰাধৰ গোচৰ। ২০২৩ চনত দেশত গুৰুতৰ অপৰাধ ৭.২%লৈ বৃদ্ধি। 

Advertisment

ভাৰতবৰ্ষ যিমানেই উন্নতিৰ দিশে গতি সিমানেই দেশত অপৰাধজনিত ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ আৰক্ষী-প্ৰশাসন যিমানেই সষ্টম বা কঠোৰ হৈছে তথাপি কোনোবাখিনিত অপৰাধীয়ে আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি সংঘটিত কৰিছে গুৰুতৰ অপৰাধ। উল্লেখ্য যে ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদনে দেশৰ অপৰাধজনিত ঘটনাক লৈ এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদন মতে ৰাষ্ট্ৰীয় অপৰাধ হাৰো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। নেশ্যনেল ক্ৰাইম ৰেট বৃদ্ধিৰ হাৰ ৪৪৮.৩। অৰ্থাৎ ২০২৩ চনত ভাৰতত অপৰাধমূলক কাৰ্যকলাপৰ হাৰ এয়া। যিটো ২০২২ চনৰ তুলনাত ৭.২ শতাংশলৈ বৃদ্ধি।

সহজভাৱে বুজিবলৈ দেশৰ প্ৰতি ১ লাখ জনসংখ্যাত অপৰাধৰ হাৰ ৪২২.২ৰ পৰা ৪৪৮.৩লৈ বৃদ্ধি। কিন্তু ইয়াৰ মাজতে ২০২৩ বৰ্ষত বিগত বিৰ্ষতকৈ হত্যাকাণ্ডৰ গোচৰ সামান্যভাৱে হ্ৰাস পাইছে। মনকৰিবলগীয়া যে ২০২২ত ২৮,৫২২টাৰ বিপৰীতে ২০২৩ত ২৭,৭২১টা হত্যাকাণ্ড সংঘটিত হৈছে। মূলত হত্যাৰ গোচৰ ২.৮ শতাংশ সামান্য হ্ৰাস পাইছে। ইফালে মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ সামান্য বৃদ্ধি, কিন্তু অপৰাধৰ হাৰ প্ৰায় হ্ৰাস। ২০২২ৰ ৪,৪৫,২৫৬টা গোচৰৰ বিপৰীতে ২০২৩ত ৪,৪৮,২১১টা গোচৰ পঞ্জীয়ন। প্ৰতিবেদনত প্ৰকাশ পোৱা পৰিসংখ্যা অনুসৰি ২০২৩ চনত শিশু-মহিলাৰ লগতে জ্যেষ্ঠ নাগৰিকৰ বিৰুদ্ধে অপৰাধৰ দৰে কিছুমান শ্ৰেণীত কিছু হ্ৰাস পোৱা দেখা গৈছে।

শিশুৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৯.২ শতাংশ বৃদ্ধি। শিশুজনিত অপৰাধক লৈ ২০২৩ চনত ১.৭৭ লাখ গোচৰ ৰুজু হৈছে। ইয়াৰে প্ৰায় আধা অংশই অপহৰণৰ সৈতে জড়িত। লগতে ২০২৩ত শিশু বলাত্‍কাৰৰ ৪০,০৪৬টা গোচৰ POCSO আইনৰ অধীনত পঞ্জীয়নকৃত। 

ইয়াৰ ভিতৰত অন্যতম তীব্ৰ বৃদ্ধি চাইবাৰ অপৰাধত দেখা গৈছে। চাইবাৰ অপৰাধৰ সংখ্যা ৩১.২ শতাংশলৈ বৃদ্ধি। য’ত ২০২৩ চনত ৩১.২ শতাংশ বৃদ্ধি পাই ৮৬,৪২০টা হৈছে, যিটো পূৰ্বৰ বছৰত এই সংখ্যা আছিল ৬৫,৮৯৩। প্ৰায় ৭০ শতাংশ গোচৰ জালিয়াতিৰে জড়িত। দেশত চাইবাৰ অপৰাধৰ হাৰ প্ৰতি লাখ জনসংখ্যাৰ ৪.৮%ৰ পৰা ৬.২%লৈ বৃদ্ধি। 

ALSO READ: https://dy365live.com/assamese/icc-womens-world-cup-sana-mir-in-controversy-10525113

ALSO READ: https://dy365live.com/assamese/festival-mohanty-early-petition-in-supreme-court-shocking-facts-come-to-light-after-arrest-10524779