AssameseICC মহিলা বিশ্বকাপত আজাদ কাশ্মীৰৰ প্ৰসংগ:বিতৰ্কত সানা মিৰICC মহিলা বিশ্বকাপ ২০২৫ত পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা কমেণ্টেটৰ সানা মিৰে কৰা এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিশ্বকাপৰ খেলৰ মাজতে স্বাধীন কাশ্মীৰৰ প্ৰসংগ...Jyotishmoy Dutta Oct 03, 2025 14:31 ISTআই চি চি মহিলা বিশ্বকাপত আজাদ কাশ্মীৰৰ প্ৰসংগ:বিতৰ্কত সানা মিৰ Photograph: (DY365)আই চি চি মহিলা বিশ্বকাপত আজাদ কাশ্মীৰৰ প্ৰসংগ:বিতৰ্কত সানা মিৰগুৱাহাটীঃ ICC মহিলা বিশ্বকাপ ২০২৫ত পাকিস্তানৰ প্ৰাক্তন অধিনায়ক তথা কমেণ্টেটৰ সানা মিৰে কৰা এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। সানা মিৰ পাকিস্তান মহিলা ক্ৰিকেট দলৰ এগৰাকী প্ৰাক্তন অধিনায়ক আৰু তেওঁক দেশখনত মহিলা ক্ৰিকেটৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। ২০১৯ চনত তেওঁ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লয়। বৰ্তমান তেওঁ ক্ৰিকেট কমেণ্টেটৰ হিচাপে জড়িত হৈ আছে।AdvertismentALSO READ: বৰ্ষাপাৰাত আজি বিশ্বকাপৰ মহাৰণ, সমুখসমৰত ভাৰত-শ্ৰীলংকাবাংলাদেশ আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা খেলখনত কমেণ্টেটৰ হিচাপে থকা সানা মিৰে পাকিস্তানৰ বেটাৰ নাটালিয়া পাৰভেজৰ বিষয়ে কওঁতে প্ৰথমতে 'কাশ্মীৰ' বুলি উল্লেখ কৰে আৰু তাৰ পিছত নিজেই শুধৰাই 'আজাদ কাশ্মীৰ' বুলি কয়। তেওঁ কয়- "Natalia who comes from Kashmir, Azad Kashmir, plays in Lahore a lot of cricket. She has to come to Lahore to play most of her cricket there.” নাটালিয়া, যি কাশ্মীৰ, আজাদ কাশ্মীৰৰ পৰা আহিছে, তেওঁ দীৰ্ঘদিন ধৰি লাহোৰত ক্ৰিকেট খেলি আহিছে। তেওঁ ক্ৰিকেট খেলিবলৈ বেছিভাগ সময় লাহোৰলৈ আহিব লগা হয়।ALSO READ: 'জয়ৰ তিলক'! নৱমবাৰলৈ এছিয়া কাপৰ খিতাপ দখল কৰিলে ভাৰতেএই মন্তব্যৰ পাছতে ছ’চিয়েল মিডিয়াত ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বহুতে এই মন্তব্যক ৰাজনৈতিক আখ্যা দি আই চি চি আৰু বি চি চি আইক সানা মিৰক কমেণ্টেৰী পেনেলৰ পৰা আঁতৰাবলৈ দাবী জনায়।ALSO READ: BCCIৰ নতুন সভাপতি মিথুন মানহাছবিতৰ্কৰ মাজতে সানা মিৰে ছ’চিয়েল মিডিয়াত এক দীঘলীয়া পোষ্টৰ জৰিয়তে স্পষ্টীকৰণ দিয়ে। তেওঁ কয় যে তেওঁৰ মন্তব্যটো ভুলকৈ ব্যাখ্যা কৰা হৈছে আৰু তেওঁৰ উদ্দেশ্য আছিল খেলুৱৈগৰাকীয়ে তেওঁৰ অঞ্চলৰ পৰা আহি সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু তেওঁৰ সংগ্ৰামী যাত্ৰাটো তুলি ধৰা। তেওঁ জনোৱা অনুসৰি, আন খেলুৱৈসকলৰ বিষয়েও তেওঁ একেদৰে মন্তব্য কৰিছিল। তেওঁ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনায়। Read the Next Article