Assameseবৰ্ষাপাৰাত আজি বিশ্বকাপৰ মহাৰণ, সমুখসমৰত ভাৰত-শ্ৰীলংকাক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষাৰ অন্তত আজিৰে পৰা মহিলা বিশ্বকাপৰ মহাৰণ। বিশ্বকাপৰ উদ্ধোধনী খেলখনত আজি মুখামুখি হ'ব ভাৰত আৰু শ্ৰীলংকা। বৰ্ষাপাৰা ষ্টেডিয়ামত আজি উদ্ধোধনী খেলৰ পূৰ্বে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি। Mrinmoy Talukdar Sep 30, 2025 12:34 ISTFILEPHOTOবৰ্ষাপাৰাত আজি বিশ্বকাপৰ মহাৰণ, সমুখসমৰত ভাৰত-শ্ৰীলংকাক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষাৰ অন্তত আজিৰে পৰা মহিলা বিশ্বকাপৰ মহাৰণ। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা এইবাৰৰ বিশ্বকাপৰ উদ্ধোধনী খেলখনত আজি মুখামুখি হ'ব ভাৰত আৰু শ্ৰীলংকা। বৰ্ষাপাৰা ষ্টেডিয়ামত আজি উদ্ধোধনী খেলৰ পূৰ্বে হাৰ্টথ্ৰৱ জুবিন গাৰ্গক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি। Advertismentআজি বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত সদ্যপ্ৰয়াত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিচিচিআই আৰু অসম ক্ৰিকেট সন্থাই। এই উদ্বোধনী অনুষ্ঠানত পাপন আৰু জয় বৰুৱাৰ লগতে বলীউডৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে সংগীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব।বিশ্ববিজয়ী হোৱাৰ সুবৰ্ণ সুযোগ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ। দুবাৰকৈ ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে ফাইনেল খেলিবলৈ সক্ষম হৈছিল যদিও এইপৰ্যন্ত বিশ্বকাপৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হোৱা নাই দলটোৱে। গতিকে ঘৰৰ মাটিত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ভাৰতীয় দলে এইবাৰ লাভ কৰিছে ট্ৰফী জয় কৰাৰ সুৱৰ্ণ সুযোগ।এই সুযোগ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে আজি বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব হৰমনপ্ৰীত বাহিনীয়ে। ঘৰুৱা মাটিত এইবাৰ হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে প্ৰথমবাৰলৈ খিতাপ জয়ৰ চেষ্টা চলাব। অধিনায়ক হৰমনৰ লগতে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি নিবদ্ধ থাকিব স্মৃতি মান্ধানা, জেমিমা , দীপ্তি শৰ্মা, স্নেহ ৰাণাৰ ওপৰতো। একেদৰে ৰিচা ঘোষ,ৰেণুকা সিং ঠাকুৰো হ’ব দলৰ সফলতাৰ ক্ষেত্ৰত দুই প্ৰধান অস্ত্ৰ। বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ উমা ছেত্ৰীয়েও স্থান লাভ কৰিছে। অৱশ্যে আজিৰ মেচখনত উমা ছেত্ৰীৰ অন্তৰ্ভুক্তিৰ কোনো সম্ভাৱনা নাই। আজি বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিচিচিআই আৰু অসম ক্ৰিকেট সন্থাই। উদ্বোধনী অনুষ্ঠানত পাপন আৰু জয় বৰুৱাৰ লগতে বলীউডৰ জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে সংগীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব। ইফালে জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে ৫ হাজাৰ বিনামূলীয়া টিকটৰো ব্যৱস্থা কৰিছে বিচিচিআইয়ে। উদ্বোধনী অনুষ্ঠানৰ সময়ত জুবিন গাৰ্গৰ পূৰ্বৰ অনুষ্ঠানৰ স্ক্ৰীণিঙৰো ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে বিশ্বকাপৰ এই খেলসমূহ গুৱাহাটী, ইন্দোৰ, বিশাখাপট্টনম আৰু নৱী মুম্বাইত অনুষ্ঠিত হ’ব। আনহাতে পাকিস্তানৰ সকলো খেল শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ’ব। যদি পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় তেনেহলে ছেমিফাইনেল আৰু ফাইনেল খেল কলম্বোত অনুষ্ঠিত হ’ব। আনহাতে যদি পাকিস্তানে গ্ৰুপ পৰ্যায়তে বাহিৰ হয় তেনেহলে ছেমিফাইনেল আৰু ফাইনেল ভাৰতত অনুষ্ঠিত হ'ব। Read the Next Article