Advertisment

'জয়ৰ তিলক'! নৱমবাৰলৈ এছিয়া কাপৰ খিতাপ দখল কৰিলে ভাৰতে

৪১ বছৰৰ মূৰত এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰতৰ মুখামুখী হোৱা পাকিস্তান শোচনীয়ভাৱে পৰাস্ত হয়। এই বিজয়ৰ লগে লগে ভাৰতে নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে। ৰোমাঞ্চকৰ এখন খেলত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি ভাৰতে এছিয়া কাপ ২০২৫ৰ খিতাপ দখল কৰে।

 'জয়ৰ তিলক'! নৱমবাৰলৈ এছিয়া কাপৰ খিতাপ দখল কৰিলে  ভাৰতে Photograph: (DY365) (এছিয়া কাপ)
'জয়ৰ তিলক'! নৱমবাৰলৈ এছিয়া কাপৰ খিতাপ দখল কৰিলে ভাৰতে Photograph: (DY365) (এছিয়া কাপ)

'জয়ৰ তিলক'! নৱমবাৰলৈএছিয়া কাপৰ খিতাপ দখল কৰিলে ভাৰতে

গুৱাহাটী: ৪১ বছৰৰ মূৰত এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰতৰ মুখামুখী হোৱা পাকিস্তান শোচনীয়ভাৱে পৰাস্ত হয় এই বিজয়ৰ লগে লগে ভাৰতে নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে। ৰোমাঞ্চকৰ এখন খেলত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি ভাৰতে এছিয়া কাপ ২০২৫ৰ খিতাপ দখল কৰেইয়াৰ লগে লগেভাৰতীয় দলটোৱে নৱমবাৰৰ বাবে এই সন্মানীয়ট্ৰফীজয় কৰে। প্ৰথমে বেটিং কৰি পাকিস্তানে নিৰ্দ্ধাৰিত ২০ অভাৰত ১৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক ৪টা উইকেট লাভ কৰে। আৰু বেটিংত  তিলক বৰ্মাই এক সুন্দৰ অৰ্ধশতকীয় ইনিংছ খেলি দলক বিজয়ৰ দিশে আগবঢ়াই নিয়ে।

Advertisment

ভাৰতৰ অভিযান: প্ৰতিখন খেলতেই ভাৰতে আধিপত্য দেখুৱাবলৈ সক্ষম হয়।টুৰ্ণামেন্টৰ আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে এক সুন্দৰ ফৰ্মত আছিল। গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলতেই চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰি ভাৰতে নিজৰ অভিযান আৰম্ভ কৰে। এই খেলখনত অভিষেকশৰ্মাৰ শক্তিশালী ইনিংছে দলটোক জয়ৰ পথ দেখুৱাইছিল। চুপাৰ ফোৰ পৰ্যায়তো ভাৰতে একেটা ফৰ্মেই বজাই ৰাখে। পাকিস্তানৰ বিৰুদ্ধে পুনৰ এখন বিজয়ৰ পিছতশ্ৰীলংকাৰ বিৰুদ্ধেও এক উত্তেজনাপূৰ্ণ ছুপাৰ অভাৰৰজয়ৰ সৈতে ভাৰতে ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰে

ফাইনেলৰ খেল: এক উত্তেজনাময় যুঁজত ফাইনেলত পাকিস্তানে প্ৰথমে বেটিং কৰি ফাখৰজামান (৪৬) আৰুছাহিবজাদাফাৰহান (৫৭)ৰ এক শক্তিশালী আৰম্ভণিৰ পিছতো মাত্ৰ ১৪৬ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ কুলদীপ যাদৱে ৪টা উইকেট দখল কৰি পাকিস্তানৰ বেটিং লাইনআপ ধ্বংস কৰে

১৪৭ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ভাৰতে আৰম্ভণিতে কেইটামান উইকেট হেৰুৱাই বিপদত পৰে। আৰম্ভণিতে অভিষেক শৰ্মা, শুভমান গিল আৰু সূৰ্যকুমাৰ যাদৱৰ দৰে শীৰ্ষ বেটছমেনসকলৰ উইকেট হেৰুৱাই। কিন্তু যুৱ ক্ৰিকেটাৰ তিলক বৰ্মাই এক সুন্দৰ অৰ্ধশতকীয় ইনিংছ খেলি দলক বিজয়ৰ দিশে আগবঢ়াইনিয়ে। তেওঁ ৫৩টা বলত ৬৯ ৰাণ সংগ্ৰহ কৰি অপৰাজিত থাকে। তেঁওক কঠিন পৰিস্থিতত সহযোগ আগবঢ়াইসঞ্জুছেমছনে। শেষৰ মুহূৰ্তত শিৱমডুবে ৩৩ ৰাণ আৰু শেষৰ অভাৰতৰিংকু সিঙে এটা চাৰি মাৰি ভাৰতক জয়ৰ সোৱাদ দিয়ে

খেলৰ কিছু বিশেষ মুহূৰ্ত:

টুৰ্ণামেন্টৰ আটাইতকৈ আকৰ্ষণীয় প্ৰদৰ্শন আছিল অভিষেক শৰ্মা আৰু তিলক বৰ্মাৰ বেটিং, লগতে কুলদীপ যাদৱৰ যাদু সদৃশ স্পিন বলিঙ। অভিষেক শৰ্মাই টুৰ্ণামেণ্টৰ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি ‘প্লেয়াৰ অফ দ্য টুৰ্ণামেন্ট’ৰ বঁটা লাভ কৰে, আনহাতে কুলদীপ যাদৱ আছিল সৰ্বাধিক উইকেট দখলকাৰী

চাপৰ মাজতো তিলক বৰ্মাই শান্ত হৈ বেটিং কৰি দলক জয়ৰ মুখ দেখুৱালে তাৰবাবে তেওঁ ' মেন অফ দ্যা মেচ'ৰ খিতাপ পাই ।লগতে অভিষেক শৰ্মাই টুৰ্ণামেন্টত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি অভিষেক শৰ্মাই টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। কুলদীপ যাদৱে এক অভাৰতে ৩টা গুৰুত্বপূৰ্ণ উইকেট লৈ পাকিস্তানৰ মিডল অৰ্ডাৰ ভাঙি পেলায়।

এই জয়ৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে কয়, "এয়া এক দলগত প্ৰদৰ্শনৰ ফল। প্ৰতিজন খেলুৱৈয়ে নিজৰ দায়িত্ব সুন্দৰকৈ পালন কৰিছে।"

বিতৰ্কৰ ধুমুহা:  খেলখনৰ ফলাফলৰ উপৰিও, খেলপথাৰৰ ভিতৰত আৰু বাহিৰত হোৱা কিছুমান বিতৰ্কে ক্ৰিকেট অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।খেলপথাৰৰ বাহিৰত বেছি উত্তেজনা দেখা দিয়ে ।এই বিজয়ৰ পিছতো জয় পিছটো পৰিৱেশ বিতৰ্কৰ দ্বাৰা আৱৰি আছিল।

‘কৰমৰ্দন নকৰাৰ নীতি’: ভাৰত আৰু পাকিস্তানৰ মাজত খেলৰ পূৰ্বৰ পৰা চলি থকা ‘কৰমৰ্দন নকৰাৰ নীতি’ এইবাৰো অব্যাহত থাকে। খেলৰ পিছতো একেই দৃশ্য দেখা যায়, যিটোৱে দুয়ো দলৰ মাজত থকা সম্পৰ্কৰ ফাতিলধৰুৱাই তোলে। তদুপৰি খেলুৱৈসকলৰ কাজিয়া আৰু স্লেজিং দেখা পোৱা গ'ল। বিশেষকৈ হাৰিসৰাউফ আৰু যশপ্ৰীতবুমৰাহৰ মাজত হোৱা মৌখিক সংঘাত আৰু প্ৰতিক্ৰিয়া

‘ট্ৰফী বিতৰ্ক’: এই বিতৰ্কৰ চূড়ান্তপৰ্যায় আছিল বিজয়ীৰ ট্ৰফী গ্ৰহণ কৰাৰ সময়তভাৰতীয় দলে এচিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ তথা পাকিস্তান ক্ৰিকেট বোৰ্ডৰ মুৰব্বী মোহচিননকভিৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। মহছিন নাকবি এছিয়া ক্ৰিকেট কাউন্সিলৰো অধ্যক্ষ ফলস্বৰূপে, এক ঘণ্টাৰো অধিক সময় পলম হোৱাৰ পিছত আনুষ্ঠানিক বঁটা বিতৰণ অনুষ্ঠানটো বাতিল কৰা হয়বঁটা প্ৰদান অনুষ্ঠানত সৃষ্টি হয় তুমুল বিতৰ্কৰ।চেম্পিয়ন দলক বঁটা দিবলৈ প’ডিয়ামত উপস্থিত আছিল পাকিস্তানৰ মন্ত্ৰী মহছিননাকবি।মহছিননাকবিএছিয়া ক্ৰিকেট কাউন্সিলৰো অধ্যক্ষ।কিন্তু পাকিস্তানী মন্ত্ৰীজনৰ পৰা বঁটা ল’বলৈ অস্বীকাৰ কৰে টীমইণ্ডিয়াই।অৱশেষত ট্ৰফী নোলোৱাকৈয়েবিজয়োত্‍সৱ পালন কৰে টীমইণ্ডিয়াই। অপ্ৰস্তুত হৈ পৰা পাকিস্তানী মন্ত্ৰী নাকবিয়ে নিজৰ লগত লৈ যায় ট্ৰফী আৰু মেডেল।

নাকবিৰ কাণ্ডক তীব্ৰ সমালোচনা BCCIৰ সচিব দেৱজিত্শইকীয়াৰ। শীঘ্ৰে ট্ৰফী আৰু মেডেল ভাৰতক ঘূৰাই দিবলৈ দাবী শইকীয়াৰ। নৱেম্বৰত ICC বৈঠকত নাকবিৰ বিৰুদ্ধে অভিযোগ দাখিলৰো ইংগিত শইকীয়াৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েটীম ইণ্ডিয়াবিজয়ত শুভেচ্ছা জ্ঞাপন কৰে। খেলপথাৰত অপাৰেশ্যন সিন্দূৰ বুলি অভিহিত কৰে টীমইণ্ডিয়াৰবিজয়কভাৰতৰ এই বিজয় কেৱল ক্ৰিকেটৰ জয়নহয়, ইয়ে দেশৰ ক্ৰিকেট অনুৰাগীসকলৰ মনোবল বহুত বৃদ্ধি কৰিছে।