Advertisment

শচীন তেণ্ডুলকাৰ হ'ব নেকি BCCIৰ পৰৱৰ্তী সভাপতি?

শচীন তেণ্ডুলকাৰ হ'ব নেকি BCCIৰ পৰৱৰ্তী সভাপতি? ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া BCCIৰ নিৰ্বাচনক লৈ এতিয়া চৰ্চা চলিছে। ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক লৈ শেহতীয়াভাৱে চৰ্চালৈ আহিছে ক্ৰিকেটৰ ভগৱানখ্যাত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম। 

 FilePhoto
FilePhoto

শচীন তেণ্ডুলকাৰ হ'ব নেকি BCCIৰ পৰৱৰ্তী সভাপতি?

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড তথা BCCIৰ পৰৱৰ্তী সভাপতি কোন হ'ব? ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া BCCIৰ নিৰ্বাচনক লৈ এতিয়া চৰ্চা চলিছে। শেহতীয়াভাৱে BCCIৰ পৰৱৰ্তী সভাপতি হিচাপে নাম চৰ্চালৈ আহিছে ক্ৰিকেটৰ ভগৱানখ্যাত

Advertisment

মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম। 

উল্লেখ্য যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিয়ম অনুসৰি ৭০ বছৰ বয়সৰ পিছত এজন ব্যক্তিয়ে সভাপতি পদত অধিষ্ঠিত হৈ থাকিব নোৱাৰে। যাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৰ্তমানৰ সভাপতিৰ দায়িত্বত থকা ৰজাৰ বিন্নীয়ে সভাপতিৰ পদ এৰিবলগীয়া হৈছিল। ৰজাৰ বিন্নীয়ে সভাপতিৰ দায়িত্বৰ পৰা পদত্যাগ কৰাৰ পিছতেই ব’ৰ্ডৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাজীৱ শুক্লাই অন্তৱৰ্তীকালীন সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। ইয়াৰ মাজতেই এতিয়া চৰ্চা চলিছে যে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ হ'ব পাৰে BCCIৰ পৰৱৰ্তী সভাপতি। 

কিন্তু শেহতীয়াভাৱে শচীন টেণ্ডুলকাৰৰ কোম্পানীয়ে ইয়াৰ ওপৰত স্পষ্টীকৰণ দিছে। এছ আৰ টি স্প’ৰ্টছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে নিজৰ বিবৃতিযোগে স্পষ্টকৈ উল্লেখ কৰিছে যে শচীন টেণ্ডুলকাৰ BCCIৰ পৰৱৰ্তী সভাপতি হ’ব পাৰে বুলি ওলোৱা বাতৰিটো উৰাবাতৰিৰ বাহিৰে আন একো নহয়। 

উল্লেখ্য যে বিশ্ব ক্ৰিকেটৰ ইতিহাসত টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ হৈছে শচীন টেণ্ডুলকাৰ। শচীন টেণ্ডুলকাৰ হৈছে বিশ্বৰ ক্ৰিকেট জগতৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০টাকৈ শতক অৰ্জন কৰা বিশ্বৰ একমাত্ৰ বেটছমেন হৈছে তেণ্ডুলকাৰ।