Assamese২২ গজত পাকিস্তানক ধৰাশায়ী কৰি পহলগামৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি সূৰ্যকুমাৰৰএছিয়া কাপৰ মহাৰণত ভাৰতৰ হাতত পুনৰ বিধ্বস্ত হ'ল পাকিস্তান। ৰবিবাৰে অনুষ্ঠিত হাইভল্টেজ খেলখনত টীম ইণ্ডিয়াৰ হাতত ৭ উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত হ'ল পাকিস্তান। পাকিস্তানে বান্ধি দিয়া ১২৮ ৰানৰ লক্ষ্য ১৫.৫ অভাৰতে অতিক্ৰম কৰে টীম ইণ্ডিয়াই। Mrinmoy Talukdar Sep 15, 2025 15:21 ISTFILEPHOTO২২ গজত পাকিস্তানক ধৰাশায়ী কৰি পহলগামৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি সূৰ্যকুমাৰৰAdvertismentএছিয়া কাপৰ মহাৰণত ভাৰতৰ হাতত পুনৰ বিধ্বস্ত হ'ল পাকিস্তান। ৰবিবাৰে অনুষ্ঠিত হাইভল্টেজ খেলখনত টীম ইণ্ডিয়াৰ হাতত ৭ উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত হ'ল পাকিস্তান। পাকিস্তানে বান্ধি দিয়া ১২৮ ৰানৰ লক্ষ্য ১৫.৫ অভাৰতে অতিক্ৰম কৰে টীম ইণ্ডিয়াই। পাকিস্তানৰ বিৰুদ্ধে এই জয়ক বিশেষ কৰি তুলিলে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে। আৱেগিক বক্তব্যৰে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় সূৰ্যকুমাৰ যাদৱে কয়- ‘এয়া এক নিখুঁত সুযোগ, আমি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা পৰিয়ালৰ সৈতে থিয় দিছো। আমি আমাৰ সংহতি প্ৰকাশ কৰিছো। মই এই বিজয় আমাৰ সকলো নিৰাপত্তা বাহিনীক উৎসৰ্গা কৰিব বিচাৰিছো। আশাকৰোঁ তেওঁলোকে আমাক সকলোকে অনুপ্ৰাণিত কৰি যাব আৰু যেতিয়াই আমি তেওঁলোকক হাঁহিবলৈ সুযোগ দিয়াৰ অৱকাশ পাম, আমি আমাৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিম। উল্লেখ্য যে পহলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰ অভিযানৰ পিছত প্ৰথমবাৰলৈ দুয়োখন দেশে ২২ গজত মুখামুখি হৈছিল। য'ত সূৰ্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে কেৱল ২২ গজত নিজৰ শক্তি প্ৰদৰ্শন কৰাই নহয়, খেলপথাৰৰ বাহিৰতো দেশৰ বাবে একতাৰ বাৰ্তা দিলে। খেলখনত টীম ইণ্ডিয়াই জয়লাভ কৰাৰ পাছত টীম ইণ্ডিয়াৰ কোনো খেলুৱৈয়ে পাকিস্তানী খেলুৱৈসকলক হাত মিলাবলৈ খেলপথাৰলৈ নাহিল। খেলখনত জয়লাভৰ অন্তত পোনে পোনে পেভিলিয়নলৈ ৰাওনা হয় সূৰ্যকুমাৰ যাদৱ আৰু আৰু শিৱম ডুবে। ইফালে খেলপথাৰত পাকিস্তান দলে ভাৰতীয় খেলুৱৈসকলৰ বাবে অপেক্ষা কৰে যদিও ড্ৰেছিং ৰুমৰ পৰা ওলাই অহাৰ পৰা বিৰত থাকে ভাৰতীয় দল। বৰঞ্চ ড্ৰেছিং ৰুমৰ দুৱাৰ বন্ধ কৰি ভাৰতীয় দলৰ খেলুৱৈ–কৰ্মচাৰীসকল ভিতৰলৈ সোমাই যোৱাহে পৰিলক্ষিত হয়।উল্লেখ্য যে চুপাৰ চানডেৰ এই খেলখনত টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত লৈছিল পাকিস্তানে। ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলিঙত দিশহাৰা হৈ পৰিছিল প্ৰতিজন পাক বেটাৰ। নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই পাকিস্তানে ১২৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক ৩টা উইকেট দখল কৰাৰ লগতে যশপ্ৰীত বুমৰাহ আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাকিস্তানে বান্ধি দিয়া ১২৮ ৰানৰ লক্ষ্য ১৫.৫ অভাৰতে অতিক্ৰম কৰে ভাৰতে। ভাৰতৰ হৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱে সৰ্বাধিক ৪৭ ৰান অপৰাজিত ইনিংছ খেলাৰ লগতে অভিষেক শৰ্মা আৰু তিলক বাৰ্মাই ৩১ ৰানকৈ সংগ্ৰহ কৰে। Read the Next Article