Advertisment

BCCIৰ নতুন সভাপতি মিথুন মানহাছ

ঘোষণা হ'ল BCCIৰ নতুন সভাপতি। ৰজাৰ বিন্নীয়ে সভাপতিৰ দায়িত্বৰ পৰা পদত্যাগ কৰাৰ পিছত খালী হৈছিল BCCIৰ সভাপতিৰ আসন। মুম্বাইত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাৰ অন্তত আজি মিথুন মিনহাছক বিচিচিআইৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

 FILEPHOTO
FILEPHOTO

BCCI নতুন সভাপতি মিথুন মানহাছ

ঘোষণা হ'ল BCCI নতুন সভাপতি। ৰজাৰ বিন্নীয়ে সভাপতিৰ দায়িত্বৰ পৰা পদত্যাগ কৰাৰ পিছত খালী হৈছিল BCCI সভাপতিৰ আসন। মুম্বাইত অনুষ্ঠিত বাৰ্ষিক সাধাৰণ সভাৰ অন্তত আজি মিথুন মিনহাছকবিচিচিআইৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

Advertisment

দিল্লীৰ প্ৰাক্তন ক্ৰিকেটাৰ মিথুন মানহাছৰ ঘৰুৱা ক্ৰিকেটৰ ৰেকৰ্ড যথেষ্ট উৎকৃষ্ট মানৰ। ঘৰুৱা ক্ৰিকেট কেৰিয়াৰত মিথুন মানহাছে প্ৰথম শ্ৰেণীৰ ১৫৭খন খেলত ২৭টা শতক আৰু ৪৯টা অৰ্ধশতককে ধৰি ৯৭১৪ ৰান সংগ্ৰহ কৰিছিল। লগতে ৯১ খন টি-২০ মেচত সংগ্ৰহ কৰিছিল ১১৭০ ৰান। ১৯৯৭/৯৮ চনত কেৰিয়াৰ আৰম্ভ কৰা মানহাছে ৰাহুল দ্ৰাবিড়,শচীনতেণ্ডুলকাৰ,ভিভিএছ লক্ষ্মণ আৰু সৌৰভ গাংগুলীৰ দৰে কিংবদন্তিৰে আধিপত্য থকা যুগত মিডল অৰ্ডাৰ বেটছমেন হিচাপে আত্মপ্ৰকাশ কৰিছিল, যাৰ বাবে ভাৰতীয় দলত হয়তো তেও সুযোগ নাপালে। তথাপিও তেওঁ ২০০৭-০৮ চনত দিল্লী ৰঞ্জী দলক নেতৃত্ব দিছিল।

লিষ্ট এ ক্ৰিকেটতো ভাল অভিলেখ আছে মানহাছৰ। ১৩০খন মেচত গড়ে ৪৫.৮৪ ৰান সংগ্ৰহ কৰি ৫টা শতক আৰু ২৬টা অৰ্ধশতককে ধৰি ৪১২৬ ৰান সংগ্ৰহ কৰে। অফ স্পিন বলিংতো তেওঁ পাকৈত আছিল, প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৪০টাকে ধৰি ৭৫টা উইকেট দখল কৰিছিল।

আনহাতে মানহাছে আই পি এলত দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ), পুনেৱাৰিয়ৰ্ছইণ্ডিয়া, আৰু চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হৈ খেলিছিল । আই পি এলৰ উদ্বোধনী ছিজনৰ পৰা ২০১৪ চনলৈকে খেলিছিল মানহাছে। আই পি এল কেৰিয়াৰত ৫৫খন মেচত ১০৯.৩৬ ষ্ট্ৰাইক ৰেটেৰে সংগ্ৰহ কৰিছিল ৫১৪ ৰান

শেহতীয়াকৈ তেওঁ জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ প্ৰশাসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ দুলীপ ট্ৰফীৰ উত্তৰ মণ্ডলৰ আহ্বায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আই পি এল ফ্ৰেন্সাইজি গুজৰাট টাইটানছৰসহায়ক কৰ্মচাৰীৰ হিচাপেও কাম কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়েএতিয়া তেওঁ বিচিচিআইৰ অধ্যক্ষ হিচাপে নতুন ভূমিকা পালন কৰিব।

উল্লেখ্য যে বিগত মাহত বিন্নীয়েবিচিচিআইৰ অধ্যক্ষ হিচাপে দায়িত্বৰ অন্ত পেলাইছিল। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিয়ম অনুসৰি যিকোনো বিষয়ববীয়াৰবয়সৰ সৰ্বোচ্চ সীমা ৭০ বছৰ নিৰ্ধাৰণ কৰা হৈছিল। সেই অনুসাৰে দায়িত্বৰ পৰা আঁতৰিছিল ৰ’জাৰবিন্নী। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ব’ৰ্ডৰ নতুন অধ্যক্ষৰ পদৰ দৌৰত প্ৰাক্তন ভাৰতীয়ক্ৰিকেটাৰ হৰভজন সিং আৰু ৰঘুৰাম ভট্টও আছিল।