Advertisment

জুবিন গাৰ্গৰ সমাধিস্থলীত আজিও বহু অনুৰাগী

কায়িকভাৱে জুবিন গাৰ্গবিহীন আজি প্ৰথমটো পুৱা। সকলোকে কন্দুৱাই চিৰদিনলৈ গুচি গ'ল মৰমৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ জুবিনগাৰ্গৰ সমাধিস্থলীত আজিও দেখিবলৈ পোৱা গ’ল বহু অনুৰাগী, গুণমুগ্ধক।

 জুবিন গাৰ্গৰ সমাধিস্থলীত আজিও বহু অনুৰাগী

ৰৈ ৰৈ বিনালে... 
সমাধিস্থলীত আজিও বহু অনুৰাগী

কায়িকভাৱে জুবিন গাৰ্গবিহীন আজি প্ৰথমটো পুৱা। সকলোকে কন্দুৱাই চিৰদিনলৈ গুচি গ'ল মৰমৰ শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ জুবিনগাৰ্গৰ সমাধিস্থলীত আজিও দেখিবলৈ পোৱা গ’ল বহু অনুৰাগী, গুণমুগ্ধক। এতিয়াও বহু জুবিন অনুৰাগীয়ে উভতিব বিচৰা নাই নিজৰ ঘৰলৈ। হয়তো আপোন শিল্পীগৰাকীৰ সমাধিৰ কাষতে থকাৰ ইচ্ছা অনুৰাগীৰ। কমাৰকুছিৰ হাতীমূৰাত নিশাটো পাৰ কৰিলে প্ৰিয় শিল্পীগৰাকীৰ বহু অনুৰাগীয়ে। এতিয়াও হয়তো মানিব পৰা নাই প্ৰিয় শিল্পীগৰাকী যে আৰু নাই। অকলে এৰি থৈ আহিব বিচৰা নাই প্ৰাণৰ শিল্পীগৰাকীক। বহু অনুৰাগীয়ে এতিয়াও জুবিনৰ চিতা চাই চাই টুকিছে চকুলো। 

Advertisment

শিল্পী জুবিন গাৰ্গৰ কাহিলীপাৰাৰ ঘৰখনত কাহ পৰি জিন যোৱা নীৰৱতা। উকা হৈ পৰিল জুবিনবিহীন কাহিলীপাৰাৰ ঘৰখন। ইফালে জুবিনৰ খাৰঘুলিৰ ঘৰখনতো একেই পৰিৱেশ। খাৰঘুলিৰ ঘৰৰ জুবিনৰ মৰমৰ পোহনীয়া জন্তুকেইটা কোনে কৰিছে প্ৰতিপাল? কেনে আছে জুবিনৰ খাৰঘুলিৰ ঘৰৰ মৰমৰ গছকেইজোপা? জুবিন গাৰ্গৰ অতি মৰমৰ ৰেম্ব', ইকু, মায়াহঁতো আজি নিঠৰুৱা। পৰমাত্মাত জনকণ্ঠ বিলীন হোৱাৰ পিছৰ বিষণ্ণ পৰিৱেশ। 

আজিৰ পৰা অসমৰ ৰাইজে সাগৰসম দুখ, শোক বুকুত কঢ়িয়াই কটাব লাগিব জুবিনবিহীন এক নতুন জীৱন। অসমীয়াৰ মৰমৰ, হিয়াৰ আমঠু, হৃদস্পন্দন জুবিন গাৰ্গ মঙলবাৰে পঞ্চভূতত বিলীন গৈ গ’ল। মাটিত মিহলি হৈ গ’ল জুবিন নামৰ সেই নিৰ্ভীক, মহান, স্বাধীন, নিয়মনমনা সত্তাটো। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাৰ প্ৰাকৃতিক সেউজে আৱৰি থকা ভূমিত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ শুই গ’ল চিৰদিনৰ বাবে। প্ৰকৃতিক মনে-প্ৰাণে ভালপোৱা শিল্পীগৰাকী প্ৰকৃতিৰ বুকুত বিলীন হৈ প্ৰশান্তিৰে শুই আছে।