Advertisment

অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো দিন। দৰং মেজিকেল কলেজৰ আধাৰশিলা স্থাপন নৰেন্দ্ৰ মোদীৰ।

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। দৰঙৰ মঙলদৈ, নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী। প্ৰতিকূল বতৰৰ মাজতো দৰঙৰ মঙলদৈত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

 অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো দিন। দৰং মেজিকেল কলেজৰ আধাৰশিলা স্থাপন নৰেন্দ্ৰ মোদীৰ।

দৰঙত ৩টা প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে ১৩ ছেপ্টেম্বৰৰ সন্ধিয়া অসমত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভ্ৰমণৰ প্ৰথম দিনটোত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰধানমন্ত্ৰীগৰাকী। খানাপাৰাত আয়োজিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰে মোদীয়ে। 

Advertisment

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। দৰঙৰ মঙলদৈ, নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী। প্ৰতিকূল বতৰৰ মাজতো দৰঙৰ মঙলদৈত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ পৰা সেনা বাহিনীৰ বিশেষ হেলিকপ্টাৰেৰে মঙলদৈত উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। 

মঙলদৈ চহৰৰ সমীপৰ বঙলাগড় ব্লক চ’কত জনসভা সম্বোধন প্ৰধানমন্ত্ৰীৰ। মঙলদৈত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিলে কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা। ৪৩০খন বিছনাযুক্ত দৰং মেজিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আধাৰশিলা স্থাপন কৰে GNM বিদ্যালয়-BSC নাৰ্ছিং কলেজৰ। ৫৭০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব প্ৰকল্পকেইটা। ৪,৫৩০ কোটি প্ৰকল্প ব্যয়ৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ১,২০০ কোটি ব্যয়ৰে নিৰ্মাণ হ’বলগা ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী-কুৰুৱা সংযোগী দলঙৰো আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভাত দেখা গ'ল হাজাৰ হাজাৰ মানুহৰ সমাগম। ব্যতিক্ৰমী ৰূপত জনসভাত দেখা গ'ল হাতত ত্ৰিৰংগা পতাকা লৈ নৰেন্দ্ৰ মোদী জিন্দাবাদ শ্ল'গান দিয়া সঞ্জয় দেৱনাথ নামৰ এজন যুৱকক। ইফালে প্ৰধানমন্ত্ৰী মোদীক চাবলৈ হাতত ছাতি লৈ আহিল এজন ৭২ বছৰীয়া এগৰাকী বৃদ্ধও। 

মঙলদৈৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ব নুমলীগড়ত। নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহ ব্যৱহৃত দ্বিতীয় স্তৰৰ বায়’ ইথান’ল প্ৰকল্প উদ্বোধন কৰিব মোদীয়ে।