Advertisment

গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট : এক ঐতিহাসিক ক্ষণ

সমাগত ৩০ ছেপ্টেম্বৰ ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া আইচিচি মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে গুৱাহাটীয়ে এক গুৰুত্বপূৰ্ণ আয়োজক চহৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল।

 গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট : এক ঐতিহাসিক ক্ষণ Photograph: (FILE PHOTO)
গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট : এক ঐতিহাসিক ক্ষণ Photograph: (FILE PHOTO)

গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট : এক ঐতিহাসিক ক্ষণ...


সমাগত ৩০ ছেপ্টেম্বৰ ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া আইচিচি মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে গুৱাহাটীয়ে এক গুৰুত্বপূৰ্ণ আয়োজক চহৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এই টুৰ্ণামেণ্টৰ চাৰিখন গুৰুত্বপূৰ্ণ লীগ মেচ অনুষ্ঠিত হ'ব, য'ত ভাৰতৰো এখন খেল অন্তৰ্ভুক্ত আছে।

Advertisment

গুৱাহাটীত মহিলা বিশ্বকাপৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ খবৰে ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে খেলসমূহৰ বাবে প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছে আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ অধ্যক্ষতাত এক পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হৈছে। আশা কৰা হৈছে যে এই টুৰ্ণামেণ্টে উত্তৰ-পূৰ্বাঞ্চলত মহিলা ক্ৰিকেটৰ প্ৰচাৰ আৰু প্ৰসাৰত এক নতুন মাত্ৰা যোগ কৰিব।

মাত্ৰ ১০০ টকা মূল্যত মুকলি কৰি দিয়া হৈছে টিকট। উদ্বোধনী অনুস্থানত শ্ৰেয়া ঘোষালৰ সংগীতানুষ্ঠান । ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম খন খেল।  উৎকণ্ঠা বাঢ়িছে ক্ৰীড়াপ্ৰেমীৰ মাজত । তাৰ পূৰ্বেই DY365 ৰ কাৰ্য্যালয় আহি পালে ICC Women's Cricket World Cup ৰ ট্ৰফী। বিশ্বকাপ ক্ৰিকেটৰ মেগা প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পুৰ্বেই  কাৰ্য্যালয়ত প্ৰদৰ্শন সুদৃশ্য ট্ৰফীটো । এই ট্ৰফীটোৰ বাবেই ২২ গজৰ যুঁজত নামিব ৮ খনকৈ দেশ । চিকমিকাই থকা বিশ্বকাপৰ এই ট্ৰফীটো আজিও ভাৰতবাসীৰ বাবে এটা মাত্ৰ সপোনেই হৈ আছে । এইবাৰ সেই অপেক্ষাৰ অন্ত পেলাব বুলি বিশ্বাস সকলোৰে ।
 

সুদীৰ্ঘ ১২ বছৰৰ মূৰত ভাৰতৰ ভূমিত অনুষ্ঠিত হ'ব মহিলা বিশ্বকাপ ক্ৰিকেট ।এইবাৰৰ বিশ্ব কাপৰ থিম চং ' ব্ৰিং ইট হোম ' ।আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল যে এইবাৰ বিশ্বকাপ ক্ৰিকেটৰ টিকটৰ মূল্য মাত্ৰ ১০০ টকাৰ পৰা আৰম্ভ।

ষ্টেডিয়ামৰ আসন সম্পূৰ্ণ ৰূপে ভৰাই তোলাৰ লক্ষ্যৰেই টিকটৰ দাম হ্ৰাস । ৩০ ছেপ্টেম্বৰত গুৱাহাটীত ভাৰত শ্ৰীলংকাৰ মাজত হ'বলগীয়া উদ্বোধনী খেলৰ পূৰ্বে গীত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে ।

ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম পৰ্বৰ টিকট বিক্ৰী  ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্য্যায় ICC Women's Cricket World Cup 2025 ticket portal আৰু BookMyShow ত উপলব্ধ টিকট।