Assameseএছিয়া কাপৰ পূৰ্বেই পুনৰ চৰ্চালৈ হাৰ্দিক পাণ্ডিয়াহাৰ্দিক পাণ্ডিয়া, ভাৰতীয় ক্ৰিকেট দলৰ লগতে বিশ্বক্ৰিকেটৰ এজন ষ্টাৰ অলৰাউণ্ডাৰ। খেলপথাৰৰ লগতে বিভিন্ন সময়ত ব্যক্তিগত জীৱনৰ বাবেও চৰ্চালৈ আহে তাৰকা ক্ৰিকেটাৰগৰাকী। শেহতীয়াভাৱে এছিয়া কাপৰ পূৰ্বে পুনৰ চৰ্চালৈ আহিছে ক্ৰিকেটাৰগৰাকী। Mrinmoy Talukdar Sep 07, 2025 19:16 ISTএছিয়া কাপৰ পূৰ্বেই পুনৰ চৰ্চালৈ হাৰ্দিক পাণ্ডিয়াহাৰ্দিক পাণ্ডিয়া, ভাৰতীয় ক্ৰিকেট দলৰ লগতে বিশ্বক্ৰিকেটৰ এজন ষ্টাৰ অলৰাউণ্ডাৰ। খেলপথাৰৰ লগতে বিভিন্ন সময়ত ব্যক্তিগত জীৱনৰ বাবেও চৰ্চালৈ আহে তাৰকা ক্ৰিকেটাৰগৰাকী। শেহতীয়াভাৱে এছিয়া কাপৰ পূৰ্বে পুনৰ চৰ্চালৈ আহিছে ক্ৰিকেটাৰগৰাকী। Advertisment৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এছিয়া কাপ। টীম ইণ্ডিয়াই ইতিমধ্যে আৰম্ভ কৰিছে অনুশীলন। অনুশীলনৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে হাৰ্দিক পাণ্ডিয়াই হাতত পৰিধান কৰা ঘড়ী। ডুবাইত অনুশীলনৰ সময়ত হাৰ্দিক পাণ্ডিয়াই ৰিচাৰ্ড মিল আৰ এম ২৭-০৪ ঘড়ী পিন্ধি থকা দেখা গৈছিল। যিটো ঘড়ীৰ বজাৰ মূল্য ২০ কোটি টকা।কিন্তু হাৰ্দিক পাণ্ডিয়াৰ ঘড়ীয়ে বাতৰিৰ শিৰোনাম দখল কৰাৰ মূল কাৰণ হ'ল এছিয়া কাপৰ বাবে ঘোষণা কৰা পাকিস্তানী দলৰ খেলুৱৈসকলৰ বাৰ্ষিক দৰমহা। কাৰণ পাকিস্তানী দলৰ খেলুৱৈসকলৰ বাৰ্ষিক দৰমহা হাৰ্দিক পাণ্ডিয়াই হাতত পৰিধান কৰা ঘড়ীটোতকৈও কম। এছিয়া কাপৰ বাবে নিৰ্বাচিত ১৭ জনীয়া পাকিস্তানী খেলুৱৈসকলৰ বছৰেকীয়া দৰমহা যোগ কৰিলে ভাৰতীয় মুদ্ৰাত সেই ধনৰাশি ১৯.৩৪ কোটি টকা হয়। কিন্তু হাৰ্দিক পাণ্ডিয়াই হাতত পৰিধান কৰা ঘড়ীটোৰ বজাৰ মূল্যই হৈছে ২০ কোটি টকা। উল্লেখ্য যে এছিয়া কাপৰ বাবে পাকিস্তানে ঘোষণা কৰা ১৭ জন খেলুৱৈৰ ভিতৰত ৭ জন খেলুৱৈ আছে GRADE Bত। এই তালিকাত আছে আব্ৰাৰ আহমেদ, ফখৰ জামান, হৰিশ ৰাউফ, হাছান আলী, ছেম আয়ুব, ছলমান আলী আঘা আৰু শ্বাহীন শ্বাহ আফ্ৰিদী। এই খেলুৱৈসকলৰ বাৰ্ষিক দৰমহা ভাৰতীয় মুদ্ৰাত ১ কোটি, ৬৯ লাখ, ২ হাজাৰ ৫৪০ টকা। অৰ্থাত এই ৭জন খেলুৱৈৰ মুঠ বাৰ্ষিক দৰমহা ১১ কোটি, ৮৩ লাখ, ১৭ হাজাৰ, সাতশ আশী টকা।লগতে ৫ জন পাকিস্তানী খেলুৱৈ আছে GRADE Cত। য’ত আছে ফাহীম আশ্ৰফ, হাছান নৱাজ, মহম্মদ হেৰিছ, মহম্মদ নৱাজ আৰু শ্বাহিবজাদা ফাৰহান। তেওঁলোকৰ প্ৰত্যেকৰে বাৰ্ষিক দৰমহা ভাৰতীয় মুদ্ৰাত ৯৩ লাখ, ৯০ হাজাৰ, ৩০০ টকা। অৰ্থাৎ এই পাঁচজন খেলুৱৈৰ একেলগে মুঠ ধনৰাশি ৪ কোটি, ৬৯ লাখ, ৫১ হাজাৰ, ৫০০ টকা। Read the Next Article