Advertisment

মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শ্ৰদ্ধাঞ্জলি, জুবিন গাৰ্গলৈ

জুবিন গাৰ্গক লৈ কেইবাটাও মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ‘জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে জনতা’। ‘জুবিন গাৰ্গ এজন বিখ্যাত গায়ক আছিল যিয়ে দেশজুৰি নিজৰ পৰিচয় গঢ়িছিল’।

 'জুবিন গাৰ্গ জীয়াই থাকিব জনতাৰ হৃদয়ত' Photograph: (file photo)
'জুবিন গাৰ্গ জীয়াই থাকিব জনতাৰ হৃদয়ত' Photograph: (file photo)

হিয়াৰ আমঠু জুবিন গাৰ্গৰ দহা। জুবিনবিহীনভাৱে পাৰ হ’ল ১০টা দিন। শুক্ৰেশ্বৰ ঘাটত অনুষ্ঠিত দহাৰ অনুষ্ঠান। আৰু আজিৰ দিনটোতেই মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ। 

Advertisment

জুবিন গাৰ্গক লৈ কেইবাটাও মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ‘জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে জনতা’। ‘জুবিন গাৰ্গ এজন বিখ্যাত গায়ক আছিল যিয়ে দেশজুৰি নিজৰ পৰিচয় গঢ়িছিল’। ‘অসমৰ সংস্কৃতিৰ সৈতে এক গভীৰ সম্বন্ধ আছিল জুবিন গাৰ্গৰ’। ‘জুবিন গাৰ্গ আমাৰ সকলোৰে মনত সদায় থাকিব’। ‘জুবিন গাৰ্গৰ সংগীতে ভৱিষ্যত প্ৰজন্মকো মন্ত্ৰমুগ্ধ কৰি ৰাখিব’। জুবিন গাৰ্গক সুঁৱৰি অসমীয়াতে প্ৰধানমন্ত্ৰীয়ে ক’লে-  ‘জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন’। ‘জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব’। 

ভাৰত ৰত্ন ভূপেন হাজৰিকালৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মন কী বাতত প্ৰধানমন্ত্ৰী গৰাকীয়ে। খানাপাৰাত অনুষ্ঠিত ভূপেন হাজৰিকাৰ শতবাৰ্ষিকীৰ জন্মজয়ন্তীত উপস্থিত হ'বলৈ পোৱাটো সৌভাগ্যৰ কথা বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  ভূপেন হাজৰিকাৰ কণ্ঠ হৈছে এটা প্ৰমাণ যাৰ গীতে বিশ্বৰ ভিন্ন দেশক একজোঁট কৰে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ।  ‘মানুহে মানুহৰ বাবে’ গীতটিৰ সিংহলী, তামিল ভাষালৈ অনুবাদৰ প্ৰসংগ উত্থাপন কৰে মন কী বাতত। শ্ৰীলংকাৰ শিল্পীৰ দ্বাৰা অনুবাদিত গীতটোৰ দুটা কলি বজাই শুনালে মন কী বাতত। 

ইফালে জুবিন গাৰ্গৰ দহাৰ দিনটোতো  কাহিলিপাৰাস্থিত ঘৰলৈ আগমন হৈছে অসংখ্য অনুৰাগী আৰু গুণমুগ্ধৰ। সোণাপুৰৰ সমাধিক্ষেত্ৰতো দেখিবলৈ পোৱা অজস্ৰ ভিৰ। সমাধিক্ষেত্ৰত চাকি-ধূপ জ্বলাই প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ যাঁচিছে শ্ৰদ্ধাঞ্জলী লগতে অসমবাসীয়ে উচিত তদন্ত বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ। 

Advertisment
Advertisment