Assameseপড্ডিকল, ধ্ৰুৱ জুৰেলৰ শতকেৰে অষ্ট্ৰেলিয়াক শক্তিশালী প্ৰত্যুত্তৰ টীম ইণ্ডিয়াৰঅষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া। উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেল আৰু মিডল অৰ্ডাৰ দেৱদত্ত পড্ডিকলৰ বিস্ফোৰক শতকৰ সহায়ত অষ্ট্ৰেলিয়াA ৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত আলহী দল অষ্ট্ৰেলিয়াক শক্তিশালী প্ৰত্যুত্তৰ আগবঢ়াইছে টীম ইণ্ডিয়াই। Mrinmoy Talukdar Sep 19, 2025 13:42 ISTFilePhotoপড্ডিকল, ধ্ৰুৱ জুৰেলৰ শতকেৰে অষ্ট্ৰেলিয়াক শক্তিশালী প্ৰত্যুত্তৰ টীম ইণ্ডিয়াৰ Advertismentঅষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া। উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেল আৰু মিডল অৰ্ডাৰ দেৱদত্ত পড্ডিকলৰ বিস্ফোৰক শতকৰ সহায়ত অষ্ট্ৰেলিয়াA ৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত আলহী দল অষ্ট্ৰেলিয়াক শক্তিশালী প্ৰত্যুত্তৰ আগবঢ়াইছে টীম ইণ্ডিয়াই। লক্ষ্ণৌত অনুষ্ঠিত খেলখনত অষ্ট্ৰেলিয়াA ৰ ৫৩২ ৰানৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই সংগ্ৰহ কৰিছে ৭ উইকেটৰ বিনিময়ত ৫৩১ ৰান। লক্ষ্মৌত অনুষ্ঠিত হোৱা খেলখনত প্ৰথমে বেটিং কৰিবলৈ আহি অষ্ট্ৰেলিয়াA দলে ৬ উইকেটৰ বিনিময়ত ৫৩২ ৰানত ইনিংছ ঘোষণা কৰিছিল। অষ্ট্ৰেলিয়াAৰ হৈ ছেম কনষ্টাছ ১০৯ আৰু জোছ ফিলিপে ১২৩ ৰানৰ শতকীয় ইনিংছ খেলে। ভাৰতৰ হৈ হৰ্ষ ডুবে ৩টা আৰু গুৰনুৰ ব্ৰাৰে ২টা আৰু খলীল আহমেদে ১টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত টীম ইণ্ডিয়াৰ অপেনাৰ যুঁটি অভিমন্যু ইশ্বৰন আৰু নাৰায়ণ জগদীশনেও দলক সুন্দৰ আৰম্ভণি দিয়ে। দুয়োজনে প্ৰথম উইকেটত ৮৮ ৰান সংগ্ৰহ কৰে। অভিমন্যু ইশ্বৰনে ৪৪ ৰান কৰি পেভিলিয়নমুখী হোৱাৰ বিপৰীতে নাৰায়ণ জগদীশনে ৬৪ আৰু ছাই সুদৰ্শনে ৭৩ ৰান সংগ্ৰহ কৰে। কিন্তু ব্যৰ্থ হয় অধিনায়ক শ্ৰেয়াছ আয়াৰ। ১৩টা বলত মাত্ৰ ৮ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতে অধিনায়ক শ্ৰেয়াছ আয়াৰ। শ্ৰেয়াছ আয়াৰৰ উইকেটৰ পতনৰ পিছতে ক্ৰিজলৈ আহে দেৱদত্ত পড্ডিকল। ইয়াৰ পিছতে উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেল আৰু দেৱদত্ত পড্ডিকলে বিস্ফোৰক শতক অৰ্জন কৰে। ধ্ৰুৱ জুৰেল ১৪০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দেৱদত্ত পড্ডিকলে ১৫০ ৰানৰ বিস্ফোৰক শতকীয় ইনিংছ খেলে। দুয়োজনৰ শতকীয় ইনিংছৰ বাবেই অষ্ট্ৰেলিয়াAক যোগ্য প্ৰত্যুত্তৰ দিয়ে টীম ইণ্ডিয়াই। Read the Next Article