Advertisment

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বিশ্ব অভিলেখ ইংলেণ্ডৰ

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ইংলেণ্ডে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে ৩৪২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছে দক্ষিণ আফ্ৰিকাক। এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ৰানৰ ক্ষেত্ৰত এয়া সৰ্ববৃহৎ জয়।

 Photograph: (file photo)

মেচখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে জেকব বেথেল আৰু জ' ৰুটৰ শতকৰ সহায়ত ৪১৪ ৰান সংগ্ৰহ কৰে, ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাই মাত্ৰ ৭২ ৰানতে ইনিংছ সামৰি লজ্জাজনক পৰাজয় সাব্যস্ত কৰে। দক্ষিণ আফ্ৰিকাৰ ৮ গৰাকীকৈ ক্ৰিকেটাৰে দহকৰ ঘৰেই অতিক্ৰম কৰিবলৈ সক্ষম নহ'ল। ইংলেণ্ডৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক ৪ উইকেট দখল কৰে।

ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানৰ ব্যৱধানত পৰাস্ত কৰি এদিনীয়া ক্ৰিকেটত ভাৰতৰ অভিলেখ ভংগ কৰিলে । ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ভাৰতৰ নামত। ভাৰতে ২০২৩ চনত শ্ৰীলংকাক ৩১৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰাণৰ ব্যৱধানত জয়লাভ কৰা দলকেইটা-

৩৪২ ৰান - ইংলেণ্ড বনাম দক্ষিণ আফ্ৰিকা
৩১৭ ৰান - ভাৰত বনাম শ্ৰীলংকা
৩০৯ - অষ্ট্ৰেলিয়া বনাম নেদাৰলেণ্ড
৩০৪ ৰান - জিম্বাবুৱে বনাম আমেৰিকা
৩০২ ৰান - ভাৰত বনাম শ্ৰীলংকা