Assameseবিতৰ্কৰ মাজতেই পুনৰ সমুখসমৰত ভাৰত-পাকিস্তান পুনৰ সমুখসমৰত নামিব ভাৰত-পাকিস্তান। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব হাইভল্টেজ মহাৰণ। ২১ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া চুপাৰ ৪ৰ খেলখনক লৈ অপেক্ষা এতিয়া ক্ৰীড়াপ্ৰেমীৰ। Mrinmoy Talukdar Sep 19, 2025 12:02 ISTFilePhotoবিতৰ্কৰ মাজতেই পুনৰ সমুখসমৰত ভাৰত-পাকিস্তানএছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মাজৰ খেলখনক লৈ চলি থকা বিতৰ্কৰ মাজতেই পুনৰ সমুখসমৰত নামিব ভাৰত-পাকিস্তান। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ মাজত পুনৰ অনুষ্ঠিত হ'ব হাইভল্টেজ মহাৰণ। ২১ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া চুপাৰ ৪ৰ খেলখনক লৈ অপেক্ষা এতিয়া ক্ৰীড়াপ্ৰেমীৰ। Advertismentএছিয়া কাপৰ ভাৰত-পাকিস্তানৰ মাজৰ গ্ৰুপ পৰ্যায়ৰ খেলখনে সংবাদমাধ্যম আৰু সামাজিক মাধ্যমত শিৰোনাম দখল কৰিছিল। আনকি খেলখনত ভাৰতে একপক্ষীয়ভাৱে জয়লাভ কৰাৰ পিছতে যথেষ্ট বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। গ্ৰুপ পৰ্যায়ৰ খেলখনৰ পাছত ভাৰতীয় দলটোৱে পাকিস্তানী খেলুৱৈসকলৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাৰ ফলত দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। এই ঘটনাৰ পিছত পাকিস্তানে আনকি প্ৰতিযোগিতাখন বৰ্জন কৰাৰ ভাবুকিও দিছিল, যাৰ ফলত ইউ এ ই-পাকিস্তানৰ মেচখন অনুষ্ঠিত হোৱাত পলম হৈছিল। পাকিস্তানৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহ ইতিমধ্যে সমাপ্ত হৈছে। তিনিখন মেচৰ ভিতৰত দুখনত জয়ী হোৱাৰ লগতে এখনত পৰাস্ত হৈ চাৰি পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। আনহাতে টীম ইণ্ডিয়াই আজি ওমানৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচ খেলিব। উল্লেখ্য যে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ত খেলখনত ভাৰতে একপক্ষীয়ভাৱে জয়লাভ কৰিছিল। প্ৰথমে বেটিং কৰি পাকিস্তানে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৭ ৰানহে কৰিবলৈ সক্ষম হৈছিল। প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই ১৫.৫ অভাৰতে মাত্ৰ ৩টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।এছিয়া কাপ লীগৰ পৰ্যায় সমাপ্ত হোৱাৰ পিছতে আৰম্ভ হ’ব ছুপাৰ ৪ৰ মেচ। ২১ ছেপ্টেম্বৰত গ্ৰুপ Aৰ শীৰ্ষ দুটা দলৰ মাজত মুখামুখি হ’ব। অৰ্থাৎ গ্ৰুপ Aৰ পইণ্ট তালিকাৰ প্ৰথম স্থানত আছে ভাৰত আৰু দ্বিতীয় স্থানত আছে পাকিস্তান। অৰ্থাত ২১ ছেপ্টেম্বৰত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান। Read the Next Article