Advertisment

কিয় হঠাতে ৰাজনীতি বেয়া পোৱা হ'ল দীপলীনা ডেকাই ?

জুবিন গাৰ্গকলৈ আৰম্ভ হৈছে বোকা চটিওৱাৰ তৰল ৰাজনীতি। কি শাসক- কি বিৰোধী, সকলো যেন একে নাওঁৰে যাত্ৰী। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মৃত্যুৰ পাছতো একাংশই ব্যৱহাৰ কৰিবলৈ এৰা নাই জুবিন গাৰ্গক।

 Filephoto
Filephoto

কিয় হঠাতে ৰাজনীতি বেয়া পোৱা হ'ল দীপলীনা ডেকাই ? 

জুবিন গাৰ্গকলৈ আৰম্ভ হৈছে বোকা চটিওৱাৰ তৰল ৰাজনীতি। কি শাসক- কি বিৰোধী, সকলো যেন একে নাওঁৰে যাত্ৰী। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মৃত্যুৰ পাছতো একাংশই ব্যৱহাৰ কৰিবলৈ এৰা নাই জুবিন গাৰ্গক।

Advertisment

গানৰ মাজেৰে Politics নকৰিবলৈ কোৱা জুবিন গাৰ্গক লৈয়েই এতিয়া আৰম্ভ হৈছে ৰাজনীতি। কি কংগ্ৰেছ, কি বিজেপি, কি অজাপ, কি ৰাইজৰ দল সকলো যেন একে। যিসময়ত ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰি আছে, যিসময়ত জুবিন গাৰ্গৰ দৰে এক জাতীয় সম্পদৰ বাবে সকলো এক হৈ যুঁজ দিব লাগিছিল সেইসময়ত অসমত আৰম্ভ হৈছে এক নিন্মখাপৰ ৰাজনীতি। 

উল্লেখ্য যে, শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ শাসক-বিৰোধীৰ উভয় নেতাৰ কাৰ্য-কলাপ দেখি অতিষ্ঠ হৈছে কন্ঠশিল্পী দীপলীনা ডেকা। সামাজিক মাধ্যমত ক্ষোভ উজাৰি দীপলীনা ডেকাই লিখিছে-
 
এটা সময় আছিল, কৈছিলো, সদায়, ৰাজনীতি ভাল পাওঁ, ভাল লাগে। আজি অতি দুখ মনেৰে, খুব লাজ পায় কৈছো, নাই, নালাগে, অতি বেয়া এই ক্ষেত্ৰখন! সকলোকে কেৱল ক্ষমতা লাগে, কেৱল ক্ষমতা! এজন নহয়,  দুজন নহয়, প্ৰায় প্ৰতিজনেই এতিয়া কেৱল তৰল ৰাজনীতিত নামিছে। কি দল, কোন নেতা, কোন দলৰ সভাপতি, প্ৰায় সকলোৱে, কোনো বাকী নাই। জুবিন দাৰ মৃত্যুৰ সুযোগ প্ৰায় সকলোৱে লৈছে যেন অনুভৱ কৰিছো। আমি সকলোবোৰ জানো, বুজো, কিন্তু কি কম, কাক কম, শুনিবনে, বুজিবনে? আমি নতুন প্ৰজন্ম। Productive আৰু Progressive Politics বিচাৰো, আমাৰ কাৰণে,  দেশৰ কাৰণে, ভৱিষ্যতৰ কাৰণে। কিবা এটা বৰ অসহায় লাগিছে। অসম ভূমিক ৰক্ষা কৰক প্ৰভূ!

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে অসমৰ প্ৰেক্ষাপট বহু সলনি হৈ পৰিছে। সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আহিছে। ইয়াৰ মাজতে একাংশই জুবিনৰ হত্যাৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ বিভিন্ন ফটো ভাইৰেল কৰিছে। য’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি অভিনেতা-অভিনেত্ৰী, কণ্ঠশিল্পী আদিকো দেখা গৈছে। এই শ্যামকানু আৰু দীপলীনাৰ দুই- এখন সাধাৰণ ফটোও পোহৰলৈ আহিছে।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাইৰেক্ট টাৰ্গেট লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈ। জুবিন গাৰ্গৰ মৃত্যুক লৈ লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈয়ে ৰাজনীতি কৰিছে বুলি সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে। আনহাতে মুখ্যমন্ত্ৰীয়ে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছিল যে- কাৰোবাৰ গাৰ্লফ্ৰেইণ্ডেটো শ্যামকানুৰ ঘৰত গৈ পাৰ্টি কৰি আছিল। মই সকলোৰে কথা ক’লে মহাভাৰত হৈ যাব।

ৰাজনীতিৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰদৰ্শন কৰা, ৰাজনীতি ভাল পাওঁ, ভাল লাগে বুলি কোৱা দীপলীনা ডেকাৰ এই পোষ্ট কিন্তু এতিয়া সামাজিক মাধ্যমত যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে।