Assameseনেপালত বান-ভূমিস্খলনত ৫২জনকৈ লোকৰ মৃত্যুনেপালত প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰূদ্ৰ ৰূপ। বিগত কেবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নেপালত সৃষ্টি হৈছে বিভীষিকাময় পৰিস্থিতিৰ। প্ৰচণ্ড বৰষুণৰ বাবে ভূমিস্খলন আৰু বানৰ ফলত ৫২জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।Jyotiprasad Sarma Oct 06, 2025 13:16 ISTনেপালত প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰূদ্ৰ ৰূপনেপালত প্ৰকৃতিৰ ৰূদ্ৰ ৰূপবান-ভূমিস্খলনত ৫২জনকৈ লোকৰ মৃত্যুনেপালত প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰূদ্ৰ ৰূপ। বিগত কেবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নেপালত সৃষ্টি হৈছে বিভীষিকাময় পৰিস্থিতিৰ। প্ৰচণ্ড বৰষুণৰ বাবে ভূমিস্খলন আৰু বানৰ ফলত ৫২জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে নেপালৰ কোশী প্ৰদেশ। ২৪ ঘণ্টাত কোশী প্ৰদেশত মৃত্যু মুখত পৰে ৩৭জনকৈ লোক। কেইবাজনো লোক আহত হোৱাৰ সমান্তৰালকৈ বহু লোক নিৰুদ্দেশ হোৱাৰো তথ্য পোহৰলৈ। কোশীৰ লগতে মধেছ, বাগমতি, গণ্ডক আৰু লুম্বিনীতো পৰিস্থিতি জটিল হৈ পৰিছে। Advertismentসমগ্ৰ পূব নেপালত বৰষুণ, ভূমিস্খলন, বানৰ ফলত বিস্তৰ ক্ষতিসাধন হয়। বৰষুণৰ ফলত নেপালত বান, ভূমিস্খলন, বজ্ৰপাত, পথ দুৰ্ঘটনাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হয়৷ যাৰ ফলত বন্ধ হৈ পৰে পথ, ব্যাহত হয় যাতায়াত ব্যৱস্থা। বানে উটুৱাই নিয়ে বহু ঘৰ-দুৱাৰ, সা-সম্পত্তি। অবিৰত বৰষুণত বিপৰ্যস্ত নেপালৰ স্বাভাৱিক জনজীৱন। স্তব্ধ হৈ পৰিছে সকলো। বিপদ সীমা অতিক্ৰম কৰিছে পূব নেপালৰ আঠখনকৈ নৈ। নেপালৰ জলবিজ্ঞান আৰু বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাটাও প্ৰান্তত জাৰি কৰিছে ৰেড এলাৰ্ট। বাগমতি আৰু পূব ৰাপ্তি নদীৰ আশে-পাশে অঞ্চলৰ বাবেও জাৰি কৰিছে ৰেড এলাৰ্ট। সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান। ক্ষতিগ্ৰস্ত অঞ্চলত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা সকলো প্ৰকাৰৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। নেপাল সেনা, নেপাল আৰক্ষী আৰু এ পি এফৰ উদ্ধাৰকাৰী দলে অবিৰামভাৱে চলাই আছে উদ্ধাৰ অভিযান। ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চলৰ বহুলোকক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ সুকলমে স্থানান্তৰিত কৰিবলৈ সক্ষম হৈছে। ইফালে নেপালৰ এভাৰেষ্ট অঞ্চলৰ ট্ৰেকিং পথসমূহ ভূমিস্খলনত বন্ধ হৈ পৰে। যাৰ বাবে পৰ্যটকসকলক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই প্ৰশাসনে। Read the Next Article