Assamese'২৬ত মোক ভোট দিয়ক, মিঠাতেলো ফ্ৰী দিম-মুখ্যমন্ত্ৰীৰাজ্যত শুভাৰম্ভ হ’ল অৰুণোদয় ৩.০ আঁচনি। আজিৰে পৰাই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ১২৫০ টকাকৈ ধন। ৰাজ্যৰ ৩০ লাখ মহিলাক সাঙুৰি লোৱা হৈছে অৰুণোদয় ৩.০ আঁচনিত। Mrinmoy Talukdar Oct 07, 2025 12:14 ISTFilrphoto'২৬ত মোক ভোট দিয়ক, মিঠাতেলো ফ্ৰী দিম-মুখ্যমন্ত্ৰীৰাজ্যত শুভাৰম্ভ হ’ল অৰুণোদয় ৩.০ আঁচনি। আজিৰে পৰাই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ১২৫০ টকাকৈ ধন। ৰাজ্যৰ ৩০ লাখ মহিলাক সাঙুৰি লোৱা হৈছে অৰুণোদয় ৩.০ আঁচনিত। Advertismentঅৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক সন্মান জনাইছে ৰাজ্য চৰকাৰে। বিভিন্ন সময়ত বিৰোধীয়ে অভিযোগ কৰে যে বিজেপি চৰকাৰে এইবিলাক আঁচনিৰ জৰিয়তে কেৱলমাত্ৰ হিতাধিকাৰীৰ সৃষ্টি কৰিছে। খানাপাৰাত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কলে- মহিলাসকল আমাৰ 'মা'। গতিকে আঁচনিৰ জৰিয়তে হলেও 'মা'ক সন্মান জনোৱাটো অপৰাধ হ'ব নোৱাৰে। আমি অৰুণোদয়ৰ জৰিয়তে মহিলাক টকা দিয়া নাই, মহিলাসকলক হিতাধিকাৰীও সজোৱা নাই। ৰাজ্যৰ মহিলাসকলক কিছু সন্মান দিবলৈহে চেষ্টা কৰিছো। কংগ্ৰেছ দলে যিমানে অৰুণোদয় আঁচনিক সমালোচনা কৰিব, সিমানেই মই বেছিকৈ মহিলাক অৰুণোদয় দি গৈ থাকিম। মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান, যিগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত অসমৰ ৪০ লাখ মহিলাৰ আশীৰ্বাদ আছে, সেইগৰাকী মুখ্যমন্ত্ৰীৰ কোনেও চুলি এডালো লৰাব নোৱাৰে। কংগ্ৰেছ দলে বাৰে বাৰে অৰুণোদয় আঁচনিখনক সমালোচনা কৰিলে মই দুখ পাও, কষ্ট পাও। মোক ব্যক্তিগতভাৱে যি সমালোচনা কৰে কৰক, কিন্তু অৰুণোদয় আঁচনিখনক সমালোচনা নকৰিব। ১ নৱেম্বৰৰ পৰা পুনৰ এক নতুন আঁচনিৰ আৰম্ভণি কৰিব চৰকাৰে। ৰেচন কাৰ্ডত থকা প্ৰতিটো পৰিয়ালক কম মূল্যতে দিব দালি, নিমখ আৰু চেনি। লগতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য- ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ বাবে টকা দিয়ে চৰকাৰে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীক চাইকেল দিয়ে মামাই, কলেজীয়া ছাত্ৰীসকলক স্কুটী দিয়ে মামাই। গেছ চিলিণ্ডাৰতো এতিয়াৰে পৰা ২৫০ টকাকৈ দিব চৰকাৰে। লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য '২৬ত আমাক ভোট দিয়ক, মিঠাতেলো ফ্ৰী দি দিম। Read the Next Article