Assameseযুদ্ধৰ প্ৰস্তুতি! ডিব্ৰুগড়ৰ আকাশত বায়ুসেনাৰ যুঁজাৰু বিমানএক বিৰল মুহূৰ্তৰ সাক্ষী হ’ল ডিব্ৰুগড়বাসী। ডিব্ৰুগড়ৰ আকাশত আজি দেখিবলৈ পোৱা গ’ল ইখনৰ পিছত সিখন যুঁজাৰু বিমান। যেন একপ্ৰকাৰ যুদ্ধৰ বাবে প্ৰস্তুতিহে চলালে ভাৰতীয় বায়ুসেনাই। ইখনৰ পিছত সিখন যুদ্ধ বিমানৰ উৰণ দেখি গৌৰৱত বুকু ফুলি উঠিল ডিব্ৰুগড়বাসীৰ।Mrinmoy Talukdar Dec 10, 2025 19:09 ISTFilephotoযুদ্ধৰ প্ৰস্তুতি!ডিব্ৰুগড়ৰ আকাশত বায়ুসেনাৰ যুঁজাৰু বিমানএক বিৰল মুহূৰ্তৰ সাক্ষী হ’ল ডিব্ৰুগড়বাসী। ডিব্ৰুগড়ৰ আকাশত আজি দেখিবলৈ পোৱা গ’ল ইখনৰ পিছত সিখন যুঁজাৰু বিমান। যেন একপ্ৰকাৰ যুদ্ধৰ বাবে প্ৰস্তুতিহে চলালে ভাৰতীয় বায়ুসেনাই। ইখনৰ পিছত সিখন যুদ্ধ বিমানৰ উৰণ দেখি গৌৰৱত বুকু ফুলি উঠিল ডিব্ৰুগড়বাসীৰ।AdvertismentRead More- প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মানডিব্ৰুগড়ৰ আকাশত উৰিল বায়ুসেনাৰ যুঁজাৰু বিমান। ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানৰ এয়াৰ শ্ব'ৰ সাক্ষী হ’ল বায়ুসেনাৰ মুৰব্বী অমৰ প্ৰীত সিং। ১৯৭১ চনৰ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চলোৱা যুদ্ধৰ সময়ত ভাৰতৰ ঐতিহাসিক বিজয়ৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰ ফোৰ্চ ষ্টেচনত অনুষ্ঠিত হয় বিজয় দিৱস। এই উপলক্ষে ভাৰতীয় বায়ু সেনাই প্ৰদৰ্শন কৰে ছুখয়-৩০, ডৰ্নিয়াৰ ডো-২২৮, এন্টনভ এন-৩২, চিনুক হেভি-লিফ্ট আৰু মি-১৭ হেলিকপ্টাৰৰ এয়াৰ শ্ব'। ১৯৭১ চনত ভাৰতে মাত্ৰ ১৩ দিনৰ ভিতৰত কিদৰে পাকিস্তানক পৰাস্ত কৰিছিল, সেই দৃশ্যাংস প্ৰদৰ্শন কৰে বিজয় দিৱসত। Read More- ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন বিদেশী ব্ল'গাৰৰডিব্ৰুগড়ৰ আকাশত দেখিবলৈ পোৱা গ'ল ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব’ৰ নয়নাভিৰাম দৃশ্য। এয়াৰ শ্ব’ৰ জৰিয়তে ভাৰতীয় বায়ুসেনাই দেখুৱালে দিলে শক্তি। শক্ৰপক্ষৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত যে সম্পূৰ্ণৰূপে সাজু এয়াৰ শ্ব'ই ইয়াৰ প্ৰমান। Read More- আত্মসমর্পণ নকৰো, আমি যুঁজিম। অচিনাকিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ।ভাৰতীয় বায়ুসেনাৰ মুৰব্বী তথা এয়াৰ চীফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙে কয় যে, ' ভাৰতীয় বায়ুসেনাই ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজখনত শক্তিশালীভাৱে থিয় দিছিল। সেই সময়ৰ স্মৃতিবোৰ আপোনালোকক জনাবলৈ মই অত্যন্ত সুখী। বাংলাদেশৰ গৱৰ্ণৰ হাউছত আক্ৰমনেৰে শক্ৰপক্ষক নতশিৰ কৰিবলৈ বাধ্য কৰাইছিল ভাৰতীয় বায়ুসেনাই। যাৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিবলৈ বাধ্য হৈছিল পাকিস্তানে। আনহাতে অপাৰেছন সেন্দুৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত বায়ুসেনাৰ মুৰব্বী অমৰপ্ৰীত সিঙে কয় যে, অপাৰেছন সেন্দূৰ অভিযানৰ এতিয়াও অন্ত পৰা নাই। আমাৰ এই যুঁজ অব্যাহত থাকিব।Read More- লুইতৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন ৫জনকৈ লোকAdvertismentAdvertisment Read the Next Article