Advertisment

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মান

প্ৰাণৰ আপোন জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ডি.লিট সন্মান। শিল্পীগৰাকীৰ অবৰ্তমানত কটন বিশ্ববিদ্যালয়ে আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰিলে জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ উপস্থিতিত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক প্ৰদান কৰা হয় এই সন্মান।

 Filephoto
Filephoto

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মান

প্ৰাণৰ আপোন জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে ডি.লিট সন্মান। শিল্পীগৰাকীৰ অবৰ্তমানত কটন বিশ্ববিদ্যালয়ে আগবঢ়োৱা এই সন্মান গ্ৰহণ কৰিলে জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰে। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ উপস্থিতিত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক প্ৰদান কৰা হয় এই সন্মান।

Advertisment

Read More- বিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান!

শংকৰদেৱ কলাক্ষেত্ৰত কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠান। সমাৱৰ্তনত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। এই সমাৱৰ্তন অনুষ্ঠানতে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে প্ৰদান কৰা হয় ডি.লিট সন্মান। প্ৰাণৰ আপোন জুবিন গাৰ্গৰ অবৰ্তমানত এই সন্মান গ্ৰহণ কৰে জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰে। ডি.লিট সন্মান গ্ৰহণ কৰি আবেগিক হৈ পৰে জুবিন গাৰ্গৰ ভগ্নী পাল্মী বৰঠাকুৰ।

Read More- প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত জুবিন বন্দনা

সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কয় যে, “একাডেমিক সন্মান বহু ডাঙৰ কথা। একাডেমিক ক্ষেত্ৰখনক দাদাই সদায় উৎসাহ দি আহিছিল। আজি তেওঁ নাই, থাকিলে ভাল পালেহেতেন। কটন বিশ্ববিদ্যালয়ে দাদাৰ কামখিনিক স্বীকৃতি দিছে, তাৰ বাবে ভাল লাগিছে। আজি দাদাৰ ঠাইত মই এই সন্মান গ্ৰহণ কৰিছো। আজি মই আৱেগিক আৰু গৌৰৱান্বিতও”।

Read More- কেতিয়াৰ পৰা ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনি ?

আনহাতে জুবিন গাৰ্গ সন্দৰ্ভত মন্তব্য কৰি ভগ্নী পামী বৰঠাকুৰে কয় যে, সকলোকে দাদাক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে। মানুহজনে সকলোৰে বাবে কাম কৰিলে, কিন্তু তেওক কিমানে চালে? এইবোৰ কথা ভাবিলে মনটো বেয়া লাগে। বিগত ৩ মাহত এই কথাবোৰ আমি ভালকৈ উপলব্ধি কৰিছো। 

Read More- ছাকিৰা আহিব গুৱাহাটীলৈ

ইয়াৰোপৰি জুবিন গাৰ্গ হত্যাকাণ্ডৰ ছাৰ্জশ্বীট সন্দৰ্ভত ভগ্নী পামী বৰঠাকুৰে কয় যে, “SITৰ চাৰ্জশ্বীটখন শক্তিশালী হওক, খুব ভাল হওক।  কোনো দোষীয়ে যাতে সাৰি যাব নোৱাৰে তেনেকুৱা ধৰণে শক্তিশালী হওক SITৰ চাৰ্জশ্বীট খন। আমি সকলোৱে ৰৈ আছো, দোষীয়ে শাস্তি পাবই লাগিব”।

Read More- অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰী

Advertisment
Advertisment