Assameseবিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান!ক’ৰবাত মছজিদ ভাঙিছে কিন্তু মন্দিৰ নাভাঙিলে। ক’ৰবাত আকৌ বিজেপিৰ কাৰ্যালয় নাভাঙি সংখ্যালঘু প্ৰতিষ্ঠান ভাঙিছে। সাম্প্ৰদায়িক বিষবাস্প আৰু ধৰ্মীয় মেৰুকৰণৰ বাবে আৰু নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সংখ্যালঘুক অমানৱীয়ভাৱে উচ্ছেদ চলাইছে বিজেপি চৰকাৰে। Mrinmoy Talukdar Dec 08, 2025 19:46 ISTFilephotoবিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান! মুখ্যমন্ত্ৰীক কি ক'লে আমছুৰ সভাপতিয়ে- Advertismentক’ৰবাত মছজিদ ভাঙিছে কিন্তু মন্দিৰ নাভাঙিলে। ক’ৰবাত আকৌ বিজেপিৰ কাৰ্যালয় নাভাঙি সংখ্যালঘু প্ৰতিষ্ঠান ভাঙিছে। সাম্প্ৰদায়িক বিষবাস্প আৰু ধৰ্মীয় মেৰুকৰণৰ বাবে আৰু নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সংখ্যালঘুক অমানৱীয়ভাৱে উচ্ছেদ চলাইছে বিজেপি চৰকাৰে। Read More- অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰীআমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ বিস্ফোৰণ। বিজেপি আৰু মুখ্যমন্ত্ৰীক সমালোচনা কৰি ৰেজাউল কৰিম সৰকাৰে কয়, ক’ৰবাত যদি চৰকাৰখনে মছজিদ ভাঙিছে, তাত মন্দিৰ ভঙা নাই। বিজেপিৰ কাৰ্যালয় ভঙা নাই, কিন্তু ভাঙিছে সংখ্যালঘু প্ৰতিষ্ঠান। ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত মুছলমানৰ নাম বাচি বাচি কৰ্তন কৰিছে চৰকাৰে’। Read More- কেতিয়াৰ পৰা ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনি ?বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ। মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰখনক সমালোচনা কৰি ৰেজাউল কৰিম সৰকাৰ ক'লে যে- সাম্প্ৰদায়িক বিষবাস্প আৰু ধৰ্মীয় মেৰুকৰণৰ বাবে অমানৱীয়ভাৱে উচ্ছেদ চলাইছে বিজেপি চৰকাৰে। নিজৰ গাদী সুৰক্ষিত কৰিবলৈ আৰু '২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। Read More- ছাকিৰা আহিব গুৱাহাটীলৈহিমন্ত বিশ্ব শৰ্মাই ঋন লৈ লৈ অসমখন শেষ কৰিলে। '২৬ৰ নিৰ্বাচনত ৰাইজৰ ওচৰলৈ ষাবলৈ একো ইচ্ছু নাই মুখ্যমন্ত্ৰীৰ। সেয়ে হিন্দু-মুছলমান কৰি ৰাইজৰ ওচৰলৈ ষাব বিছাৰিছে হিমন্ত বিশ্ব শৰ্মাই। Read More- চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জনসকলো জাতি-ধৰ্মৰ মানুহ থকা অসমত বাছি বাছি কেৱল মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ কৰি উচ্ছেদিত লোকসকলক ভূমি পট্টা দিয়ক মুখ্যমন্ত্ৰীয়ে। উচ্ছেদৰ ফলত ৩ হাজাৰতকৈও অধিক শিক্ষাৰ্থী শিক্ষাৰ পৰা বঞ্চিত হৈছে। গতিকে শিক্ষাৰ পৰা বঞ্চিত শিক্ষাৰ্থী সকলৰ ভৱিষ্যত কি হ'ব তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই আমাক দিব লাগিব।AdvertismentAdvertisment Read the Next Article