Assameseছাকিৰা আহিব গুৱাহাটীলৈগুৱাহাটীলৈ আহিব ছাকিৰা! প'ষ্ট মেলনৰ পাছতে অসমলৈ ছাকিৰা অহাৰ সম্ভাৱনা। ছাকিৰাক অসমলৈ অনাৰ ইচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। অহা বছৰেই অসমলৈ আহিব পাৰে বিশ্ব প্ৰসিদ্ধ শিল্পীগৰাকী। Mrinmoy Talukdar Dec 08, 2025 17:40 ISTFilephotoছাকিৰা আহিব গুৱাহাটীলৈ গুৱাহাটীলৈ আহিব ছাকিৰা! প'ষ্ট মেলনৰ পাছতে অসমলৈ ছাকিৰা অহাৰ সম্ভাৱনা। ছাকিৰাক অসমলৈ অনাৰ ইচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো। অহা বছৰেই অসমলৈ আহিব পাৰে বিশ্ব প্ৰসিদ্ধ শিল্পীগৰাকী। AdvertismentRead More- ভাৰত-ভূটান সীমান্তত ভয়াৱহ পৰিস্থিতিআজি গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব আন্তঃৰাষ্ট্ৰীয় স্বীকৃত শিল্পী প’ষ্ট মেলনে। কিন্তু খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী গৰাকীৰ অনুষ্ঠানৰ বিৰোধিতা কৰিছে একাংশ লোকে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়– প’ষ্ট মেলন হৈছে বিশ্বৰ শীৰ্ষ ৫জন সংগীত শিল্পীৰ এজন। অসমত কেতিয়াও আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰা নাছিল। এই অনুষ্ঠানৰ জৰিয়তে গুৱাহাটীৰ নাম বিশ্বত স্বীকৃত হ’ব। শ্বিলঙৰ পিছত গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ বাবে প্লেটফৰ্ম হৈ পৰিব। Read More- ওদালগুৰিত উন্নয়নৰ ফোঁপোলা স্বৰূপ!আজিৰ দিনটো অসমৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। অসমত এচাম মানুহ আছে যিসকলে প’ষ্ট মেলন মানে কি নাজানে। কিন্তু বিৰোধিতা কৰিছে। প’ষ্ট মেলনৰ অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে এটকাও খৰচ কৰা নাই। তথাপিও মই অনুষ্ঠানৰ বাবে ১ কোটি টকা জমা ৰাখিছো। এই অনুষ্ঠানৰ জৰিয়তে সকলোৰে মনত ইতিবাচক চিন্তা আহক বুলি কয় মুখ্যমন্ত্ৰীয়ে।Read More- চৰকাৰৰ বিৰুদ্ধে ৰাভা জনজাতীয় দল–সংগঠনৰ গৰ্জনমুখ্যমন্ত্ৰীয়ে কয়, অসমত এচাম মানুহ আছে যি মন গ’লেই চৰকাৰৰ বিৰোধিতা কৰে। গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী প’ষ্ট মেলনৰ অনুষ্ঠানৰ বিৰোধিতা কৰা লোকসকলক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কলে– গুৱাহাটীৰ পিছত অহা বছৰ ডিব্ৰুগড়, শিলচৰতো প’ষ্ট মেলনৰ অনুষ্ঠান হ’ব। এচামে বিৰোধিতা কৰিলে মই উৎসাহহে পাওঁ। Read More- ই–ৰিক্সা চলাই গাঁৱে গাঁৱে বিক্ৰী কৰে কাপোৰআন্তঃৰাষ্ট্ৰীয় স্বীকৃত শিল্পী প’ষ্ট মেলনক লৈ চলি থকা বিতৰ্কৰ মাজতেই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আমি ছাকিৰাক লৈও আলোচনা কৰিছিলো, কিন্তু এই মূহূৰ্ত্তত আমি ছাকিৰাৰ কথা বেছিকৈ চৰ্চা কৰিব বিচৰা নাই। কিন্তু মোৰ ছাকিৰাক গুৱাহাটীলৈ আনিবলৈ মন আছে। এবছৰ বা দুবছৰৰ ভিতৰত আমি ছাকিৰাক গুৱাহাটীলৈ অনুষ্ঠান পৰিৱেশৰ বাবে আমন্ত্ৰণ কৰিম।AdvertismentAdvertisment Read the Next Article