Assameseভাৰত-ভূটান সীমান্তত ভয়াৱহ পৰিস্থিতিতামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে। দেওবাৰে নিশা ভূটান সীমান্তৰ চেঁচাপানী কুমাৰপাৰাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই কেইবটাও পৰিয়ালৰ বাসগৃহ, ঘৰৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে। Jyotiprasad Sarma Dec 08, 2025 14:42 ISTহাতী-মানুহৰ সংঘাত, ভাৰত-ভূটান সীমান্তত ভয়াৱহ পৰিস্থিতি Photograph: (DY365)হাতী-মানুহৰ সংঘাতভাৰত-ভূটান সীমান্তত ভয়াৱহ পৰিস্থিতিৰাজ্যত হাতী-মানুহৰ সংঘাত এক দীৰ্ঘদিনীয়া সমস্যা। হাতী-মানুহৰ সংঘাতত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়ে কোনোবা নহয় কোনোবা লোকে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। হাতী-মানুহৰ সংঘাতে দৈনিক বাতৰি কাকতৰ শিৰোণাম দখল কৰা দেখিবলৈ পোৱা যায়। আজিপৰ্যন্ত এই সমস্যাৰ সমাধানৰ কোনো সঠিক পথ উলিয়াব পৰা নাই কোনো চৰকাৰী অথবা বেচৰকাৰী পক্ষই।AdvertismentAlso Read: ওদালগুৰিত উন্নয়নৰ ফোঁপোলা স্বৰূপ!ক'ৰবাত যদি বনৰীয়া হাতীয়ে মানুহৰ সপোনৰ ঘৰখন ভাঙিছে আন ক'ৰবাত আকৌ অতি কষ্টৰে কৰা খেতিডৰা খাই তহিলং কৰিছে। ইফালে আকৌ হাতীৰ উপদ্ৰৱ থকা অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুমুখত পৰিবলগীয়া হৈছে বহু লোক। প্ৰতিটো মুহূৰ্ততে ভয়, শংকাৰ মাজেৰে সময় অতিবাহিত কৰিবলগীয়া হয় ৰাইজে। আনকি পথাৰৰ পৰা আনি ভঁৰালত ৰখা ধানো হাতীৰ বাবে হেৰুৱাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হোৱাৰ খবৰ সততে পোৱা যায়। Also Read: জোনাইত সদৌ অসম ভিত্তিত দেহশ্ৰী প্ৰতিযোগিতা উল্লেখ্য যে, তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাতে। দেওবাৰে নিশা ভূটান সীমান্তৰ চেঁচাপানী কুমাৰপাৰাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই কেইবটাও পৰিয়ালৰ বাসগৃহ, ঘৰৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে। লগতে জমা কৰি থোৱা ধান, চাউল খাই তহিলং কৰে বনৰীয়া হাতীয়ে৷ ইফালে হাতীৰ উপদ্ৰৱত কেইবাটাও পৰিয়াল গৃহহীন হৈ পৰে।বিগত এমাহ ধৰি ভূটান সীমান্তত দিনতে বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰি ধাৰাবাহিকভাৱে তাণ্ডৱ চলোৱাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে সীমান্তৰ ৰাইজে৷ আনহাতে হাতীয়ে খাই তহিলং কৰিছে বিঘাই বিঘাই পকাধান, পাচলিৰ খেতি, ধ্বংস কৰিছে তামোলৰবাৰী৷ Also Read: বৰবিহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী!উল্লেখ্য যে, বিগত মাহত বনৰীয়া হাতীৰ আক্ৰমণত ভূটান সীমান্তত দুজন লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়।বন বিভাগৰ লোকক বনৰীয়া হাতীৰ জাক পাহাৰলৈ খেদি পঠিয়াবলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সীমান্ত অঞ্চলৰ ৰাইজে৷AdvertismentAdvertisment Read the Next Article