Advertisment

ভূমি বেদখলকাৰীৰ ৰক্ষা নাই... এইবাৰ হাজোৰ ৰাক্ষসনী চৰত উচ্ছেদ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই, ক্ষমা নাই। এইবাৰ হাজোৰ ৰাক্ষসনী চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। থলুৱা গোপালকৰ অভিযোগৰ ভিত্তিত ৰাক্ষসনী চৰত উচ্ছেদ।

 ভূমি বেদখলকাৰীৰ ৰক্ষা নাই... এইবাৰ হাজোৰ ৰাক্ষসনী চৰত উচ্ছেদ

দয়া নাই ক্ষমা নাই... থমকি নৰয় বিজেপি চৰকাৰৰ বুলড'জাৰ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ প্ৰশাসনৰ উচ্ছেদ। এইবাৰ হাজোৰ ৰাক্ষসনী চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰাক্ষসনী চৰৰ ভূমি দখল কৰিছিল সন্দেহজনক লোকে। থলুৱা গোপালকৰ অভিযোগৰ ভিত্তিত ৰাক্ষসনী চৰত উচ্ছেদ। 

Advertisment

গুৱাহাটী, ২৮ নৱেম্বৰঃ হাজো ৰাজহ চক্ৰৰ ৰাক্ষসনী চৰত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ প্ৰশাসন। হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শর্মিষ্ঠা নেওগে গো-পালকৰ অভিযোগৰ ভিত্তিত চৰজমিন তদন্ত কৰি উচ্ছেদ কৰিলে গো-ৰিজাৰ্ডখনত বসতি স্থাপন কৰা কেইবাটাও সন্দেহজনক নাগৰিকৰ বাসগৃহ। একাংশ স্থানীয় মধ্যভোগীয়ে পানীৰ দৰদ শ-শ বিঘা ভূমি বিক্ৰী কৰি সন্দেহজনক নাগৰিকক বৰপীড়া পাৰি দিয়া বুলি অভিযোগ তুলিছে থলুৱা গো-পালকসকলে।

also read: বন্ধ হ’ব বহু বিবাহ... ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ’ব বহু বিবাহ প্ৰতিৰোধী বিধেয়ক

যাৰ ফলত এতিয়া দিনক-দিনে সংকুচিত হৈ আহিছে চৰণীয়া পথাৰখন। আনকি, সন্দেহজনক নাগৰিকে চৰণীয়া পথাৰখনত হালবাই আৰম্ভ কৰিছে খেতিবাতি। যাৰ ফলত এতিয়া গো-পালক তথা মা-পালকে চৰণীয়া পথাৰ বিছাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাক্ষসনী চৰত দালাল চনু আলী আৰু চিন্তু বৰ্মনৰ দপদপনি চলে বুলি আন এক গুৰুতৰ আনিছে স্থানীয় ৰাইজে।

also read: ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ

১,৬০০ বিঘা ভূমিৰ অধিকাংশ ভূমিতে এতিয়া বেদখলকাৰীয়ে অবৈধভাৱে ঘৰ সজাৰ লগতে খেতি-বাতি কৰি গো-পালক সকলৰ বাবে আন এক ভাবুকি কঢ়িয়াই আনিছে। শীঘ্ৰে গো-চৰনীয়া পথাৰখন বে-দখলমুক্ত কৰি থলুৱা মহপালক তথা গো-পালকৰ বাবে মুকলি কৰি দিবলৈ কামৰূপ জিলাৰ আয়ুক্ত গৰাকীক দাবী জনাইছে স্থানীয় গো-পালকসকলে।

Advertisment
Advertisment