Advertisment

দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

আজি পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্য। দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পবিতৰা অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰা হয়। দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

 দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য Photograph: (DY365)
দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য Photograph: (DY365)

দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য 
 

গুৱাহাটী, ২৩ অক্টোবৰঃ আজি বৃহস্পতিবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হ'ল পবিতৰা অভয়াৰণ্য। দেশী-বিদেশী পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে পবিতৰা অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰা হয়। দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আজিৰে পৰা অভয়াৰণ্যখনৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব দেশী-বিদেশী পৰ্যটকসকলে। 

Advertisment

Also Read: এবাৰো হাত নকঁপিল নে? মাতৃ-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

অসমৰ পৰ্যটনস্থলী সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান পবিতৰা অভয়াৰণ্য। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্যখন অৱস্থিত। পৃথিৱীৰ বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে এই স্থান পৰ্যটকৰ বাবে আকৰ্ষণৰ কাৰণ। এই অভয়াৰণ্যত গঁড়ৰ সংখ্যাৰ ঘনত্ব পৃথিবীৰ ভিতৰত সৰ্বাধিক

Also Read: সাজু বুলড'জাৰ! পুনৰ চলিব উচ্ছেদ। হোজাই, গোৱালপাৰাত উচ্ছেদৰ জাননী

এশিঙীয়া গঁড়ৰ বাবে বিশ্ব প্ৰসিদ্ধ পবিতৰা অভয়াৰণ্য ২০২৫-২৬ বৰ্ষৰ বাবে এক উৎসৱ মুখৰ পৰিৱেশৰ মাজেৰে পুনৰ মুকলি কৰা হয়। জৈৱ বৈচিত্ৰ্যৰ অন্যতম আকৰ্ষণৰ থলী পবিতৰা অভয়াৰণ্য এইবাৰ বানপানীৰ প্ৰভাৱৰ বাবে অভয়াৰণ্যখনৰ অভ্যন্তৰত বাট-পথ সূচল নোহোৱাত কিছু পলমকৈ পৰ্যটকৰ বাবে মুকলি কৰিবলগীয়া হয়। বৃহস্পতিবাৰে পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যখনৰৰ দ্বাৰ মুকলি কৰে মুখ্য অতিথি তথা অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

Also Read: এদিন কৈছিল দুটা, এতিয়া বোলে তিনিটা! তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

এশিঙীয়া গঁড়ৰ সৰ্বাধিক ঘনত্বৰ বাবে প্ৰসিদ্ধ পবিতৰালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰেই দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰে মন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত স্থানীয় ৰাইজ আৰু বিভিন্ন দল- সংগঠনৰ সহায়-সহযোগিতা কামনা কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আগন্তুক সময়ত পবিতৰালৈ আগমন হ'বলগীয়া পৰ্যটকসকলৰ বাবে অভয়াৰণ্য কৰ্তৃপক্ষই সাজু কৰা হাতী ছাফাৰী আৰু জীপ ছাফাৰীৰ ব্যৱস্থাও মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে মায়ঙৰ পৰম্পৰাগত ৰজা তৰণী কান্ত সিংহ আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। 

২০২৪-২৫ বৰ্ষত পবিতৰালৈ আগমন ঘটিছিল ৩৪,৩৯০জন পৰ্যটক। এশিঙীয়া গঁড়ৰ সৰ্বাধিক ঘনত্বৰ পবিতৰা অভয়াৰণ্যখনত প্ৰায় ৩০০ প্ৰজাতিৰ চৰাইও পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰবিন্দু।