Advertisment

সাজু বুলড'জাৰ! পুনৰ চলিব উচ্ছেদ। হোজাই, গোৱালপাৰাত উচ্ছেদৰ জাননী

অসমত এতিয়া বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। পুনৰ গোৱালপাৰা আৰু হোজাই জিলাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ঘৰ খালী কৰিবলৈ প্ৰশাসনে জাৰি কৰিলে জাননী।

 সাজু বুলড'জাৰ! পুনৰ চলিব উচ্ছেদ। হোজাই, গোৱালপাৰাত উচ্ছেদৰ জাননী

পুনৰ চলিব উচ্ছেদ অভিযান

গুৱাহাটী, ২২ অক্টোবৰঃ অসমত এতিয়া চলিছে বুলড'জাৰ নীতি! বেদখলকাৰীৰ কবলত থকা ভূমি দখল মুক্ত কৰিবলৈ প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। উজনি-নামনি ভিন্ন স্থানত উচ্ছেদ অভিযান চলাৰ পিছত এইবাৰ পুনৰ সাজু হৈছে প্ৰশাসনৰ বুলড'জাৰ। বহু দিনৰ মূৰত এইবাৰ পুনৰ গোৱালপাৰা আৰু হোজাই জিলাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। 

Advertisment

thumb
Eviction notice Photograph: (file)

also read: অসমলৈ আহি আছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী। অসমক কি কি দিব নিৰ্মলা সীতাৰমণে?

ইতিপূৰ্বে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পিছত পুনৰ একেই স্থানত উচ্ছেদ চলাব প্ৰশাসনে। উচ্ছেদৰ বাবে ঘৰে-ঘৰে জাননী জাৰি কৰিলে প্ৰশাসনে। পাইকান সংৰক্ষিত বনাঞ্চলৰ এলেকাৰ লগতে দহিকটা বনাঞ্চলতো বেদখলকাৰীৰ উচ্ছেদৰ বাবে জাননী জাৰি কৰিছে প্ৰশাসনে। চৰকাৰী ভূমি এৰিব যাবৰ বাবে ঘৰে ঘৰে জাননী জাৰি কৰি প্ৰশাসনে দিলে কঠোৰ বাৰ্তা, নিৰ্ধাৰিত সময়ত ঘৰ খালী নকৰিলে প্ৰশাসনে ল'ব দয়া নাই ক্ষমা নাই নীতি। ইফালে গোৱালপাৰাৰ ঐতিহাসিক সূৰ্য পাহাৰো বেদখলকাৰীৰ কবলত আছে। সূৰ্য পাহাৰৰ ৮৮০ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ প্ৰশাসনে চলাব উচ্ছেদ।

also read:  মিঠাতেল কি? 'মিঠাতেল মাতৃ-সন্তানৰ মমতাৰ প্ৰতীক'- মুখ্যমন্ত্ৰী

সমান্তৰালকৈ হোজাই জিলাৰ দক্ষিণ নগাঁও বন সংমণ্ডলৰ অধীনস্থ ডবকাৰ উদমাৰী আৰু পশ্চিম যমুনাৰ বৃহত্তৰ অঞ্চল অবৈধ দখলকাৰীৰ কবলত। উক্ত স্থানতো উচ্ছেদৰ বাবে জাননী জাৰি কৰিছে বন বিভাগে। জাননী যোগে দখলকাৰীক কোৱা হৈছে, এমাহৰ ভিতৰত নিজে নিজে বনভূমি এৰি যাব লাগিব, নহ'লে প্ৰশাসনে চলাব উচ্ছেদ।

t
নিজে গঢ়া ঘৰখন নিজে ভাঙিছে বেদখলকাৰীয়ে Photograph: (file)

also read: বিদায় দিলে ক্ৰিকেটক! ১৭ বছৰীয়া কেৰিয়াৰ অন্ত পেলাই অৱসৰ ঘোষণা তাৰকা ক্ৰিকেটাৰৰ

জাননীৰ পিছতে কিছু সংখ‍্যক লোকে নিজে সজোৱা ঘৰ ভাঙি উক্ত স্থানৰ পৰা গুচি যাবলৈ প্ৰয়াস কৰিছে। জানিব পৰা মতে এই অঞ্চলত প্ৰায় ১,০০০ বিঘা বনভূমি অবৈধভাৱে দখল কৰা হৈছে বুলি বন বিভাগে তথ্য সংগ্ৰহ কৰিছে। ইতিমধ্যে ডেৰ-দুই মাহ পূৰ্বে এই গাঁওসমূহত জৰীপ কৰি দখলৰ পৰিমাণ তথ্য সংগ্ৰহ কৰিছিল বন বিভাগে। বন বিভাগৰ জাননী লাভৰ পিছতে বেদখলকাৰীয়ে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে। ভূমিহীন লোকক এডোখৰ মাটিৰ ব্যৱস্থা কৰিবলৈ আহ্বান বেদখলীকৃত লোকৰ। 

Advertisment
Advertisment