Advertisment

এবাৰো হাত নকঁপিল নে? মাতৃ-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

পিতৃৰ নামত কলংক, স্বামীৰ নামত দানৱ। পত্নী-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ২০২৩ চনত বৰপেটা চহৰৰ গান্ধীনগৰত সংঘটিত হোৱা ডাবল মাৰ্ডাৰক লৈ ঐতিহাসিক ৰায়।

 এবাৰো হাত নকঁপিল নে? মাতৃ-কন্যাক হত্যা কৰা ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

গুৱাহাটী, ২২ অক্টোবৰঃ দুটা জীৱন শেষ কৰি কাৰাগাৰত থকা পাষণ্ড ঋষভ দাসক মৃত্যুদণ্ডৰ ৰায়। যি পাষণ্ড ঋষভ দাসে নিজৰে কন্যা সন্তান আৰু পত্নীক দাৰে ঘপিয়াই হত্যা কৰিছিল। সেই পাষণ্ডৰ বিৰুদ্ধে ন্যায়ালয়ে দিলে উচিত ৰায়, ন্যায় দিলে স্বৰ্গগামী মাতৃ-কন্যাক। 

Advertisment

ঘটনা লোমহৰ্ষক। কাহিনী শুনিলে বুকু কঁপি উঠিব আপোনাৰ। ঘৃণা উপজিব এনে দানৱ হেন পিতৃৰ প্ৰতি। চন ২০২৩, ঘটনাৰ স্থন বৰপেটা চহৰৰ মাজমজিয়া অৰ্থাৎ গান্ধীনগৰ। এক ভয়ংকৰ হত্যাকাণ্ড। ঋষভ দাস নামৰ এজন লোকে নিজ পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল। পাষণ্ড ঋষভ দাসৰ আক্ৰমণত ঠাইতে প্ৰাণ হেৰুৱাইছিল পত্নী বিনীতা দাস আৰু কন্যা হিয়া দাসে। মৃত কন্যা হিয়া দাস তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল। পঢ়া-শুনাত মেধাৱী ছাত্ৰীক শেষ কৰি দিলে নিজ পিতৃয়ে। উজ্জ্বল ভৱিষ্যতৰ দুৱাৰত থিয় হৈ সপোন দেখা বয়সত পিতৃৰ নৃশংসতাৰ বলি হৈছিল হিয়া দাস। সেই ট্ৰেজেদী আজিও পাহৰিব পৰা নাই পৰিয়াল বৰ্গ তথা বৰপেটাৰ গান্ধীনগৰবাসীয়ে। 

also read: সাজু বুলড'জাৰ! পুনৰ চলিব উচ্ছেদ। হোজাই, গোৱালপাৰাত উচ্ছেদৰ জাননী

ৰাজ্য কঁপাই যোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ পিছতে বৰপেটা আৰক্ষীয়ে পত্নী-কন্যাহন্তা অভিযুক্ত ঋষভ দাসক একেদিনাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। হাজিৰ কৰোৱা হৈছিল আদালতত। ২০২৩ চনতে বৰপেটা চহৰৰ গান্ধীনগৰত সংঘটিত ডাবল মাৰ্ডাৰক লৈ বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰী দীপক ঠাকুৰীয়াৰ আদালতে দিলে ঐতিহাসিক ৰায়দান। মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় পাষণ্ড পিতৃ ঋষভ দাসক। 

also read: বিদায় দিলে ক্ৰিকেটক! ১৭ বছৰীয়া কেৰিয়াৰ অন্ত পেলাই অৱসৰ ঘোষণা তাৰকা ক্ৰিকেটাৰৰ

পত্নী আৰু কন্যাক নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত অভিযুক্ত ঋষভ দাসক মহামান্য আদালতে দিলে এই মৃত্যুদণ্ডৰ নিৰ্দেশ অৰ্থাৎ ফাঁচিৰ হুকুম। মনকৰিবলগীয়া যে উক্ত হত্যাকাণ্ডৰ প্ৰায় আঠ বছৰ পূৰ্বে ঋষভ দাসে নিজৰ ভনীয়েক এগৰাকীকো দা’ৰে আক্ৰমণ কৰি এখন হাতৰ এটা আঙুলি ছেদ কৰিছিল। অৱশেষত প্ৰায় দুবছৰীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বুধবাৰে হত্যাকাৰী ঋষভ দাসক ফাঁচিৰ হুকুম দিয়ে। বৰপেটাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে কোনো অভিযুক্তক ফাঁচিৰ হুকুম দিয়াৰ ঘটনা এয়াই প্ৰথম বুলি সকলোতে বিবেচিত হৈছে। 

Advertisment
Advertisment