Advertisment

টীম ইণ্ডিয়াত ৰোহিত যুগৰ অৱসান

টীম ইণ্ডিয়াত অৱসান ঘটিল ৰোহিত যুগৰ। ৰোহিত শৰ্মাৰ পৰিৱৰ্তে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াক নেতৃত্ব দিব শুভমন গিলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিল।  

 filrphoto
filrphoto

টীম ইণ্ডিয়াত ৰোহিত যুগৰ অৱসান

টীম ইণ্ডিয়াত অৱসান ঘটিল ৰোহিত যুগৰ। ৰোহিত শৰ্মাৰ পৰিৱৰ্তে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াক নেতৃত্ব দিব শুভমন গিলে। অজিত আগৰকাৰ নেতৃত্বাধীন ভাৰতৰ নিৰ্বাচকমণ্ডলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ লগে লগে এই কথা স্পষ্ট হৈ পৰিল।  

Advertisment


১৯ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ’ব এদিনীয়া শৃংখলা। তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ প্ৰথমখন খেল  ১৯ অক্টোবৰত পাৰ্থত, দ্বিতীয়খন এদিনীয়া  ২৩ অক্টোবৰত এডিলেইডত আৰু  তৃতীয় আৰু অন্তিমখন এদিনীয়া ২৫ অক্টোবৰত ছিডনীত অনুষ্ঠিত হ’ব।


উল্লেখ্য যে আজি দল ঘোষণা কৰাৰ পূৰ্বে নিৰ্বাচকমণ্ডলীয়ে এক দীঘলীয়া বৈঠকত মিলিত হয়। এই বৈঠকৰ পিছতে ২৬ বছৰীয়া শুভমন গিলক এদিনীয়া দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। এতিয়াৰে পৰা টেষ্ট আৰু এদিনীয়া দুয়োটা ফৰ্মেটতে টিম ইণ্ডিয়াক নেতৃত্ব দিব গিলে। অৱশ্যে ১৫ জনীয়া ভাৰতীয় দলটোত অন্তৰ্ভুক্ত কৰা হৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক।


শুভমন গিলক এদিনীয়া দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ লগতে তাৰকা মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰক এদিনীয়া দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে ৰোহিত-বিৰাটৰ দললৈ প্ৰত্যাৱৰ্তন হৈছে যদিও দলৰ পৰা বাদ পৰিল তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। 

ৰোহিত শৰ্মা হৈছে ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম সফল অধিনায়ক । ৰোহিত শৰ্মাৰ অধিনায়কত্বতে টীম ইণ্ডিয়াই বিগত ৯ মাহত দুটাকৈ  আই চি চিৰ ট্ৰফী জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ২০২৫ৰ মাৰ্চ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল খেলখনেই আছিল অধিনায়ক হিচাপে ৰোহিতৰ শেষৰখন খেল। 


অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল - শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, অক্ষৰ পেটেল, কে এল ৰাহুল  (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ চিৰাজ, আৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ) , যশস্বী জয়ছৱাল।