Assameseভাগৰ নলগাকৈ বেদখলকাৰীৰ বিৰুদ্ধে চলিব বুল'ডজাৰ- মুখ্যমন্ত্ৰীৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযান। ভাগৰ নলগালৈকে চৰকাৰে উচ্ছেদ চলাই যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰMrinmoy Talukdar Nov 11, 2025 20:21 ISTFilephotoভাগৰ নলগাকৈ বেদখলকাৰীৰ বিৰুদ্ধে চলিব বুল'ডজাৰ- মুখ্যমন্ত্ৰী ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযান। ভাগৰ নলগালৈকে চৰকাৰে উচ্ছেদ চলাই যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। Advertismentঅসমত এতিয়া চলিছে বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত চলাইছে উচ্ছেদ অভিযান। যোৱা ৰবিবাৰ আৰু সোমবাৰৰ দিনটোতো গোৱালপাৰা আৰু ডবকাত চলিছে প্ৰশাসনৰ বুলডজাৰ। ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। কোনোপধ্যে ৰেহাই দিয়া নহ'ব অবৈধ বেদখলকাৰীক। যিকোনো প্ৰকাৰে, যিকোনো মূল্যৰ বিনিময়ত বেদখলকাৰীৰ কৱলত থকা মাটি দখলমুক্ত কৰিবলৈ সাজু হৈছে চৰকাৰ, সাজু হৈছে প্ৰশাসন। উজনি আৰু নামনি অসমত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এক প্ৰকাৰ একশ্ব্যন মুডত আৰক্ষী, প্ৰশাসন আৰু ৰাজ্য চৰকাৰ। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বেদখলকাৰীসকলক পুনৰ সকীয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোত বেদখলকাৰী সকলক সকীয়নি দি মুখ্যমন্ত্ৰীয়ে কয় যে- 'ভাগৰ নলগালৈকে চৰকাৰে চলাই যাব উচ্ছেদ অভিযান। য’তেই উচ্ছেদিত যাব, তাতেই চলিব প্ৰশাসনৰ বুলড’জাৰ। উচ্ছেদ চলাবলৈ চৰকাৰৰ ভাগৰ নালাগে, কিন্তু বেদখলকাৰী এসময়ত ভাগৰি যাব। উচ্ছেদিতই য’তেই ঘৰ বনাব, তাতেই প্ৰশাসনে চলাব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, ৰাজ্যত কেতিয়াও উচ্ছেদ অভিযান বন্ধ নহয়। উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰীয়ে কয়- উচ্ছেদিতসকল য’ৰ পৰা আহিছিল, তালৈকে গুচি যাব লাগে। বাংলাদেশৰ পৰা অসমত প্ৰৱেশৰ ৰাস্তাহে বন্ধ কিন্তু অসমৰ পৰা বাংলাদেশলৈ যোৱাৰ ৰাস্তা খোলা আছে। ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত তেওঁলোকৰ খবৰ আমি কিয় ৰাখিম বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।AdvertismentAdvertisment Read the Next Article