"বিহপান কৰোৱাই জুবিনক হত্যাঃ শেখৰজ্যোতিৰ বিস্ফোৰণ জুবিন গাৰ্গে কাৰ কি অপকাৰ কৰিছিল? কি কাৰণবশতঃ জুবিন গাৰ্গৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ কৰা হ'ল? জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰণে পুনৰ অধিক স্পৰ্শকাতৰ কৰি তুলিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক। CIDৰ জিম্মাত থকা শেখৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে- "সিদ্ধাৰ্থ, শ্যামকানু মহন্তই বিদেশী সুৰাৰ লগত দিছিল বিহ"। Advertisment এই বিস্ফোৰক তথ্যই সকলো জুবিন অনুৰাগীৰ বুকু কঁপাই তুলিছে। অনুৰাগীৰ প্ৰশ্ন, কেনেকৈ প্ৰাণৰ শিল্পীগৰাকীক বিহ দি হত্যা কৰিব পাৰে? ইয়াৰ লগে লগে অনুৰাগীৰ প্ৰশ্ন যে শেখৰজ্যোতি গোস্বামীয়ে সঁচাই কৈছে, নে নিজকে বচাবলৈ কৈছে? যদি এয়াই সত্য তেন্তে গুৱাহাটীলৈ আহি কিয় শেখৰে ঘঁৰিয়ালৰ চকুপানী টুকিছিল? কিয় তেতিয়াই শেখৰে সেই কথা আৰক্ষী-প্ৰশাসনক নক'লে? SITৰ জেৰাত ইটোৰ পিছত সিটো বিস্ফোৰক ভাষ্য প্ৰদানেৰে শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে- 'সিদ্ধাৰ্থ শৰ্মাৰ গতিবিধি আছিল সন্দেহজনক'। ৰিমাণ্ড নোটত শেখৰৰ ইটোৰ পিছত সিটো বিস্ফোৰণ। ৰিমাণ্ড নোটত শেখৰৰ উল্লেখিত ভাষ্য অনুসৰি- "সিদ্ধাৰ্থৰ নিৰ্দেশতে জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছিল। অমৃতপ্ৰভা মহন্তক ভিডিঅ" আনক দিয়াত বাধা দিছিল মেনেজাৰ সিদ্ধাৰ্থই। নাবিকৰ পৰা য়াটখন বলপূৰ্বকভাৱে নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল সিদ্ধাৰ্থই। সমগ্ৰ ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই। লগতে সিদ্ধাৰ্থ, শ্যামকানু মহন্তই বিদেশী সুৰাৰ লগত দিছিল বিহ। সাগৰত শেষ মুহূৰ্তত জুবিন গাৰ্গে উশাহ ল"বলৈ কষ্ট পাইছিল। জুবিনক উদ্ধাৰৰ সলনি "যাব দে, যাব দে" বুলি চিঞৰিছিল সিদ্ধাৰ্থই। জুবিনৰ মুখেৰে ফেন ওলোৱাত এয়া এচিড ৰিফ্লাক্স বুলি আশ্বস্ত কৰিছিল সিদ্ধাৰ্থই। চিকিত্সাৰ সলনি কোনো চিন্তাৰ কাৰণ নাই বুলি পাতলাই দিছিল সমগ্ৰ ঘটনা। চিকিত্সকে বাধা দিয়াৰ সত্ত্বেও হোটেলত জুবিনক যোগান ধৰা হৈছিল বিলাতী সুৰা। সিদ্ধাৰ্থই অকলেই সুৰাৰ যোগান ধৰিব বুলি দম্ভালি মাৰিছিল। পাৰ্টীৰ আয়োজন কৰাসকলে সুৰাৰ ব্যৱস্থা কৰা নাছিল'। শেখৰজ্যোতি গোস্বামীৰ এই মহা বিস্ফোৰক মন্তব্যৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে আৰক্ষীয়ে অধিক ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত। যদি এয়াই সঁচা, তেন্তে জুবিনক হত্যা কৰাৰ পৰিকল্পনা পূৰ্বৰে পৰা কৰা হৈছিল। সেই পৰিকল্পনা অসমৰ পৰাই হৈছিল নে বিদেশী মাটি ছিংগাপুৰত? জুবিনৰ কোটি কোটি অনুৰাগীৰ এটাই প্ৰশ্ন, সৰ্বস্ব উজাৰি জনতাৰ বাবে নিজৰ জীৱন এৰি দিয়া জুবিনক হত্যা কৰিব লগীয়া হ'ল কিয়? নিশ্চয় ইয়াৰ অন্তৰালত আছে বিত্তীয় লেনদেন! মন কৰিবলগীয়া যে শ্যামকানু মহন্তৰ বিৰুদ্ধে উত্থাপন হৈছে ইটোৰ পিছত সিটো বিত্তীয় কেলেংকাৰি। আশ্চৰ্যজনকভাৱে চৰকাৰৰ প্ৰায়বোৰ আঁচনিতে জড়িত শ্যামকানু। চৰকাৰৰ প্ৰায় আটাইবোৰ আঁচনিৰ সঞ্চালক, অতিৰিক্ত সঞ্চালক হিচাপে নিয়োজিত এইগৰাকী শ্যামকানু মহন্ত। আপুনি শুনি আচৰিত হ'ব প্ৰায় ১৭টাকৈ চৰকাৰী, বেচৰকাৰী আঁচনি, প্ৰতিষ্ঠানৰে জড়িত শ্যামকানু। অৱশ্যে বিত্তীয় খেলিমেলিৰ বাবে প্ৰায় ১৩টা প্ৰজেক্টৰ পৰা আঁতৰিব লগীয়া হৈছিল শ্যামকানু। সম্প্ৰতি ইয়াৰে ৪টা প্ৰজেক্টৰ সৈতে জড়িত শ্যামকানু মহন্ত। শেহতীয়াকৈ Enlightened Advisors Pvt Ltd, BWLDIA Hydel Power Company Pvt Ltd, MMS Advisory Pvt Ltd, Trend MMS Pvt Ltdৰ দৰে কেইবাটাও কোম্পানীৰ সঞ্চালক শ্যামকানু মহন্ত। সমান্তৰালকৈ NECCON Power & Infra Ltd, Manas Hydel Power Company Pvt Ltd, Assam Power Generation Corporation Ltdৰো অতিৰিক্ত সঞ্চালক আছিল শ্যামকানু। ইফালে বড়োলেণ্ড, মেঘালয়ৰ কেইবাটাও চৰকাৰী প্ৰজেক্টৰে জড়িত শ্যামকানু। চৰকাৰী, বেচৰকাৰী এনে প্ৰজেক্টৰ অংশীদাৰ হ"বলৈ প্ৰয়োজন চৰকাৰৰ আশিস! প্ৰশ্ন হয় কাৰ আশিসধন্য হৈ শ্যামকানুৱে লাভ কৰিছিল এনে সন্মানীয় পদ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে শ্যামকানুৰ সৈতে নাই তেওঁৰ বিশেষ চিনাকি, নাই কোনো ঘনিষ্ঠতা। তেন্তে কাৰ আশিস ধন্য হৈ উঠিৰজা-বহিৰজা হৈছিল ফেষ্টিভেলৰ নামত কোটি টকা সৰকুৱা শ্যামকানু মহন্ত? জুবিন গাৰ্গৰ সহবাদ্যযন্ত্ৰী শেখৰৰ মন্তব্যই একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে জুবিনৰ মৃত্যুৰ ৰহস্যত। যদি শেখৰে সকলো জানিছিলেই তেন্তে কিয় সেইদিনাই সকলো নক'লে? ঘটনা সপ্তাহদিয়েক পাৰ হোৱাৰ পিছত বুমেৰাং সৃষ্টি কৰি এখন নাটকৰ দৰে কিয় এনে অভিযোগ আনিছে সেয়াহে এতিয়াও প্ৰশ্নবোধক। এনে ৰহস্যৰ মাজত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাবগৈ নে? also read: https://dy365live.com/assamese/who-is-this-lawyer-raj-kamal-who-is-representing-shyam-kanu-mohanta-10525762 also read: https://dy365live.com/assamese/shyamkanu-should-have-been-brought-in-with-his-face-covered-not-handcuffed-10522713 "