"শ্যামকানু মহন্তৰ হৈ উকালতি কৰা কোন এই অধিবক্তা ৰাজ কমল? উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ হৈ লেখ আবেদন দিলে অধিবক্তা ৰাজ কমলে। কিন্তু কোন এই অধিবক্তা ৰাজ কমল? ছিংগাপুৰত থকা শ্যামকানু মহন্তই কেনেকৈ অধিবক্তা ৰাজ কমলক কৰিলে যোগাযোগ? ইত্যাদি ভিন্ন প্ৰশ্ন, ৰহস্যৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে লেখ আৱেদন। এই লেখ আৱেদন দাখিল কৰাত শ্যামকানু মহন্তক সহায় কৰিলে উচ্চতম ন্যায়ালয়ৰ এগৰাকী পৰিচিত অধিবক্তা ৰাজ কমলে। Advertisment এতিয়া মনলৈ অহা প্ৰশ্নটো হ'ল শ্যামকানু মহন্তৰ হৈ উকালতি কৰা কোন এই অধিবক্তা ৰাজ কমল? অধিবক্তা ৰাজ কমল হৈছে উচ্চতম ন্যায়ালয়ৰ Advocate-on-Record. অৰ্থাৎ অধিবক্তাৰ বাবে এই Advocate-on-Record এক মৰ্যাদাপূৰ্ণ পদ। ইয়াৰ লগতে অধিবক্তা ৰাজ কমল "অভয় লিগেল LLPৰ প্ৰতিষ্ঠাপক আৰু মেনেজিং পাৰ্টনাৰ"। মন কৰিবলগীয়া যে ৰাজ কমলৰ কেৰিয়াৰৰ আৰম্ভণি জ্যেষ্ঠ অধিবক্তা KTS তুলসীৰ জুনিয়ৰ হিচাপে। জ্যেষ্ঠ অধিবক্তা KTS তুলসী একালত কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সাংসদ আছিল। তেখেতৰে জুনিয়ৰ অধিবক্তা ৰাজ কমল এতিয়া ছিম্বাঅ"ছিছ ল" স্কুলৰ অতিথি অধ্যাপকো। উচ্চতম ন্যায়ালয়ত এইগৰাকী ৰাজ কমলক ফৌজদাৰী আইন, বিত্তীয় অপৰাধ, সাংবিধানিক ল"ৰ বিশেষজ্ঞ হিচাপে পৰিচিত। ইফালে শ্যামকানু মহন্তৰ ক্ৰিমিনেল লেখ আবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বিস্ফোৰক তথ্য। যি লেখ আৱেদন অধিবক্তা ৰাজ কমলৰ হৈ শ্যামকানু মহন্তই দাখিল কৰিছিল উচ্চতম ন্যায়ালয়ত। ১৭২ পৃষ্ঠাৰ লেখ আবেদনত আচলতে কি আছে? উক্ত লেখ আবেদনত SITৰ বিৰুদ্ধে বিষোদগাৰ সাংস্কৃতিক মহন্ত শ্যামকানু মহন্তৰ। সমান্তৰালকৈ অসমৰ সংবাদ মাধ্যমৰ প্ৰতিও বিষোদগাৰ লেখ আবেদনত। সংবাদ মাধ্যম, সামাজিক মাধ্যমে হেনো অতিৰঞ্জিত বাতৰি প্ৰচাৰ কৰিছে। এই অভিযোগ দাখিল কৰিছে শ্যামকানু মহন্তই। কেৱল ইমানেই নহয় মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ উঠা শ্যামকানু মহন্তই এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও উজাৰিলে ক্ষোভ। দোষী বুলি সামাজিকভাৱে মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়াৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যক লৈ লেখ আবেদনত অসন্তুষ্টি প্ৰকাশ কৰিলে শ্যামকানু মহন্তই। ইয়াৰ উপৰিও অতি কৌশলগতভাৱে অভিযুক্ত শ্যামকানু মহন্তই SITৰ পৰা ন্যায় নাপাব বুলি উল্লেখ কৰে লেখ আবেদনত। শ্যামকানু মহন্তই জীৱনৰ প্ৰতি চৰম সংশয় থকা বুলি উল্লেখ কৰি NIA অথবা CBIৰ দ্বাৰা তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰে এই আৱেদন। উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্তই ছিংগাপুৰৰ পৰাই অধিবক্তা ৰাজ কমলৰ জৰিয়তে E Petition দাখিল কৰিছিল। কিন্তু এই লেখ আৱেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব নে নকৰে তাক লৈ এতিয়াও সন্দেহৰ অৱকাশ। SITয়ে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান CIDৰ কাৰ্যালয়তে ৰখা হৈছে। লগতে পৃথক লকআপত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ইয়াৰ মাজতে অধিক বিপদ ঘনীভূত শ্যামকানু মহন্তৰ বাবে। বিত্তীয় অনিয়মৰ গোচৰ ED, আয়কৰলৈ যোৱাৰ সম্ভাৱনা। কেঁচু খান্দোতে সাপ ওলোৱাৰ পৰিস্থিতি মহন্তৰ বাবে। যিহেতু শ্যামকানু মহন্তৰ বাসভৱনত SITএ জব্দ কৰিছিল বহু আপত্তিজনক নথি-পত্ৰ। নথি-পত্ৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল ব্যাপক বিত্তীয় অনিয়ম। এই সন্দৰ্ভত শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু হৈছে পৃথক গোচৰ। এই গোচৰ ED আৰু আয়কৰ বিভাগৰ জৰিয়তে অনুসন্ধানৰ সম্ভাৱনা। ALSO READ: https://dy365live.com/assamese/festival-mohanty-early-petition-in-supreme-court-shocking-facts-come-to-light-after-arrest-10524779 ALSO READ: https://dy365live.com/assamese/shyamkanu-should-have-been-brought-in-with-his-face-covered-not-handcuffed-10522713 https://dy365live.com/assamese/mayabinizubeen-and-mayabini-song-royalties-10520596 "