Advertisment

প্ৰয়োজনত ৰাজনীতি ত্যাগ কৰিম, কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিবই

হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন আজি ১২টা দিন। অসম আৰু অসমীয়াৰ এই কঠোৰ সময়ৰ মাজতো কিন্তু অসমীয়াই ক্ষোভত জ্বলিছে । কাৰণ এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। 

 FILEPHOTO
FILEPHOTO

প্ৰয়োজনত ৰাজনীতি ত্যাগ কৰিম, কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিবই


হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন আজি ১২টা দিন। জুবিন গাৰ্গ যে আমাৰ মাজত কায়িকভাৱে নাই এই কথা মানি লব পৰা নাই কোনো অসমীয়াই। অসম আৰু অসমীয়াৰ এই কঠোৰ সময়ৰ মাজতো কিন্তু অসমীয়াই ক্ষোভত জ্বলিছে । কাৰণ এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। 

Advertisment

 অভিশপ্ত ১৯ ছেপ্তেম্বৰ, অসমীয়াৰ বাবে এটা কলা দিন। এই অভিশপ্ত দিনটোতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুত স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম। জুবিন গাৰ্গক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ সৰুসজাইত সমাৱেত হৈছিল লাখ লাখ গুণমুগ্ধ আৰু অনুৰাগী।  


জুবিন গাৰ্গৰ মৃত্য়ুৰ তদন্ত আৰু ন্যায়ৰ দাবীৰে ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত থকা প্ৰতিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। কি কাৰণত দুবিন গাৰ্গৰ মৃত্যু হ'ল আৰু ছিংগাপুৰৰ সেই ৰহস্যজনক দ্বীপটোলৈ কি কাৰণত জুবিন গাৰ্গক লৈ গৈছিল আৰু ভাগৰুৱা জুবিন গাৰ্গক কিয় পানীত সাতুৰিবলৈ দিছিল প্ৰতিটো কথাই মই জানিব লাগিব বুলি সংবাদমাধ্যমযোগে মন্তব্য কৰিছে হাৰ্টথ্ৰৱৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। 


জুবিন গাৰ্গৰ মৃত্যু কোনো অসমীয়াই মানি লব পৰা নাই। আজিৰে পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদত নামিব বিধায়ক অখিল গগৈ। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত অনিৰ্দিষ্টকাললৈ ধাৰাবাহিকভাৱে চচলৰ ধৰ্ণাস্থলীত অনশনত বহিব বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কালিৰ দিনটোত মন্তব্য কৰিছে যে দৰকাৰ হলে মই বিধায়ক পদ ত্যাগ কৰিম কিন্তু ন্যায় লাগিবই। কেৱল বিধায়ক পদেই নহয়, প্ৰয়োজনত ৰাজনীতিয়েই ত্যাগ কৰিম। কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব। 'জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে মই ঠাণ্ডা নহও, মই ক্ষান্ত নহও বুলি এইবাৰ হুংকাৰ দিছে বিধায়ক অখিল গগৈয়ে। 

#JusticeForZubeenGarg লিখি সামাজিক মাধ্যমত প্ৰতিজন অসমীয়াই ন্যায় বিচাৰিছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সামাজিক মাধ্যমত এটাৰ পিছত আন এটা পোষ্ট কৰাৰ পিছতো কিন্তু এইপৰ্যন্ত মুল অভিযুক্তক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক আশ্বাস দিছে যে দুই-এদিনতে আৰক্ষীৰ জালত পৰিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।

Advertisment
Advertisment