Advertisment

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ SITৰ তদন্ত আৰম্ভ, CIDৰ কাৰ্যালয়ত উপস্থিত শেখৰজ্যোতি, নিশিতা, অমৃতপ্ৰভা

অভিনেত্ৰী নিশিতা গোস্বামীৰ মন্তব্য- 'জুবিনদাৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী শ্যামকানু আৰু সিদ্ধাৰ্থ'। ‘জুবিনদাক সম্পূৰ্ণ মেডিকেল ছাপৰ্টত ছিংগাপুৰলৈ নিব লাগিছিল শ্যামকানুৱে’।

 file
file

জুবিনদাৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী শ্যামকানু আৰু সিদ্ধাৰ্থঃ অভিনেত্ৰী নিশিতা গোস্বামী

Advertisment

জুবিন গাৰ্গৰ  মৃত্যুক লৈ ৰাজ্য়বাসী এতিয়াও ম্ৰিয়মান। প্ৰাণৰ শিল্পীজনৰ ৰহস্যজনক মৃত্যুক লৈ তত্‍পৰ হৈ পৰিছে  SITয়ো। CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়াৰ পিছতেই আজি শেখৰজ্যোতি গোস্বামী , নিশিতা গোস্বামী , অমৃতপ্ৰভা মহন্ত উপস্থিত হৈছে CIDৰ কাৰ্যালয়ত। তিনিওকে CIDৰ কাৰ্যালয়ত মাৰাথান জেৰা চলাই থকা হৈছে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল কেইবাঘণ্টা ধৰি এওঁলোকক জেৰা কৰা হ'ব বুলি। ছিংগাপুৰৰ নৰ্থইষ্ট ফেষ্টিভেললৈ গৈছিল  শেখৰজ্যোতি গোস্বামী, নিশিতা গোস্বামী, অমৃতপ্ৰভা মহন্ত। কিন্তু এতিয়াও অনুসন্ধান নাই জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ। 

CIDৰ কাৰ্যালয়ত উপস্থিত হৈ  অভিনেত্ৰী নিশিতা গোস্বামীৰ মন্তব্য- 'জুবিনদাৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী শ্যামকানু আৰু সিদ্ধাৰ্থ'। ‘জুবিনদাক সম্পূৰ্ণ মেডিকেল ছাপৰ্টত ছিংগাপুৰলৈ নিব লাগিছিল শ্যামকানুৱে’। ‘একাংশৰ নেগলিজেঞ্চীৰ বাবেই মৃত্যু হ’ল জুবিনদাৰ’। ‘সেই সময়ত মই জুবিনদা য়াটত যোৱা কথা জনা নাছিলো’। ‘সংবাদ মাধ্যমক বহুতো ক’ব লগা আছে, মই সকলো ক’ম’। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ লৈছিল নিশিতা গোস্বামীয়ে। যদিও জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়াটত নাছিল নিশিতা গোস্বামী। জুবিনৰ আকস্মিক মৃত্যুৰ পিছতো মৌনতা অৱলম্বন কৰিছিল অভিনেত্ৰীগৰাকীয়ে। এই মৌনতাৰ বাবেই ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হৈছিল নিশিতা গোস্বামী। 

আনহাতে জুবিন গাৰ্গৰ  ঘটনাৰে জড়িতৰ অভিযোগত ১৩জনক CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। ৬ তাৰিখৰ ভিতৰত CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব সকলো। আজি কাৰ্যালয়ত উপস্থিত হয় নিশিতা গোস্বামী, অমৃতপ্ৰভা মহন্তৰ লগতে উপস্থিত জুবিন গাৰ্গৰ সহযোগী শেখৰজ্যোতি গোস্বামী। ছিংগাপুৰৰ ৮জন প্ৰবাসী অসমীয়াকো CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে সকলে অভিযুক্তৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুকআউট নটিচ। জাননীত নাম আছে সিদ্ধাৰ্থ বৰা, সুদীপ চেটাৰ্জী, তন্ময় ফুকন, অভিমন্যু তালুকদাৰ,ৱাজিদ আহমেদ, দীপজ্যোতি হাজৰিকা, পৰীক্ষিত শৰ্মা, ৰূপকমল কলিতা, সন্দীপন গাৰ্গকো CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। ঘটনা সন্দৰ্ভত ছিংগাপুৰৰ উচ্চ আয়ুক্তৰেও যোগাযোগ কৰিছে SIT দলে। 

Advertisment
Advertisment
Advertisment