Advertisment

জুবিন গাৰ্গ বিহীন অসম। পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ।

জুবিন গাৰ্গ বিহীন অসম। পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত সকলোৰে বুকু উদং কৰি চিৰদিনৰ বাবে শুই পৰিল মিউজিক আইকন জুবিন গাৰ্গ।

 জুবিন গাৰ্গ বিহীন অসম। পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ।

মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই...!

জুবিন গাৰ্গ বিহীন অসম। পঞ্চভূতত বিলীন হ’ল জুবিনৰ নশ্বৰ দেহ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত সকলোৰে বুকু উদং কৰি চিৰদিনৰ বাবে শুই পৰিল মিউজিক আইকন জুবিন গাৰ্গ। হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত পঞ্চভূতত বিলীন মৰমৰ শিল্পীজন। 

Advertisment

মাজুলীৰ ছোৱালীজনীৰ কপালখন আজি উকা হ’ল! অনামিক অকলশৰীয়া হৈ গ’ল সকলোৰে অন্তৰত। ৰুণজুণৰ ভৰিত কেতিয়াও নূপুৰৰ মাত শুনিবলৈ নাপাম আৰু। কাঞ্চন জংঘাৰ উচ্চ শিখৰত নাথাকিব চফল ডেকাৰ উত্তাল চিঞৰ। 

অজস্ৰ অনুৰাগীয়ে ফেঁকুৰি ফেঁকুৰি কান্দিছে আৰু কান্দিছে। জুবিনৰ ফটো চাই চাই হিয়া ঢাকুৰি কান্দিছে তেওঁলোকে। কান্দিবই প্ৰাণৰ শিল্পীগৰাকী যে এতিয়া আৰু এই পৃথিৱীত নাই। মাত্ৰ ৫২ বছৰ বয়সতে বিদায় মাগিলে জুবিন গাৰ্গে। গুচি গ'ল উভতি নহা বাটেৰে। সৰ্বত্ৰে বাজিছে মায়াবিনী ৰাতিৰ বুকুত...। চৌদিশে জয় জুবিনদা ধ্বনি।

বৰঝাৰ বিমানবন্দৰৰ পৰা সৰুজাইলৈ কফিনবদ্ধ জুবিনৰ নশ্বৰ দেহ লৈ অহাৰ সময়ত জনসমুদ্ৰত পৰিণত ৰাজপথ। লাখ লাখ অনুৰাগী ওলাই আহিল প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ চোৱাৰ হেঁপাহেৰে। জুবিন গাৰ্গৰ অনুৰাগীৰে ভৰি পৰিল ৰাজপথ। চকুৰে মণি নোপোৱালৈকে কেৱল মানুহ আৰু মানুহ। 

হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধকে ধৰি সকলো ধৰ্মৰ লোকে ভেদাভেদ পাহৰি একেলগে ওলাই আহিল প্ৰিয় শিল্পী, হিয়াৰ আমঠু জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ। কি উজনি কি নামনি সকলোৰে পৰা ওলাই আহিল প্ৰাণৰ শিল্পীগৰাকীক চাবৰ বাবে। 

জাতি, ধৰ্ম পাহৰি কোনো ভেদাভেদ নাৰাখি জয় জুবিনদা ধ্বনি দি সকলো ওলাই আহিল। এয়া কেৱল সংগীতশিল্পীগৰাকীৰ প্ৰতি থকা মৰম, ভালপোৱাই নহয়, এয়া অসমীয়া সমাজৰ মানুহৰ মাজত নিহিত হৈ থকা শক্তিশালী সমন্বয়ৰ এক জীৱন্ত দলিল।

সকলোৰে মনত স্থান পোৱা মহান শিল্পীগৰাকীক মন্দিৰ-মছজিদত একগোট হৈ লাখ লাখ অনুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি। মৰমৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তিৰ কামনেৰে ভগৱান, আল্লাহৰ ওচৰত অশ্ৰুসিক্ত নয়নেৰে কৰিলে প্ৰাৰ্থনা-দোৱা।  

জাতি, মাটি, মানুহৰ গান গোৱা, কোনো নিয়ম নমনা শিল্পীগৰাকীয়ে গীতেৰে, কথাৰে সদায় বিলাই গৈছিল মৰম, দি গৈছিল সমন্বয়ৰ বাৰ্তা। সেই বাবেই তেওঁৰ শেষ যাত্ৰাত মুক্তমনে ওলাই অহিল লাখ লাখ অনুৰাগী। 

সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত নিৰ্মাণ হ’ব জুবিনৰ সমাধিক্ষেত্ৰ। যোৰহাটতো নিৰ্মাণ কৰা হ’ব জুবিনৰ দ্বিতীয়টো সমাধিক্ষেত্ৰ। যোৰহাটত অনুষ্ঠিত হ’ব গাৰ্গৰ ১৩ দিনীয়া কাজ-কৰ্ম। আজি প্ৰতিজন অনুৰাগীৰ চকুত চকুলো, শোকস্তব্ধ, শব্দহীন। গানৰ সুৰেৰে এতিয়া আৰু মুহিবলৈ নাহে গাৰ্গ।