Advertisment

ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ

বৃহস্পতিবাৰে দিনৰ ভাগত দুৰ্ঘটনাত পতিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বাহন। প্ৰাপ্ত খবৰ অনুসৰি এখনি সংবাদমেল সম্বোধন কৰিবলৈ গৈছিল গৌৰৱ গগৈ।

 ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ

বৃহস্পতিবাৰে দিনৰ ভাগত দুৰ্ঘটনাত পতিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বাহন। প্ৰাপ্ত খবৰ অনুসৰি এখনি সংবাদমেল সম্বোধন কৰিবলৈ গৈছিল গৌৰৱ গগৈ

Advertisment

সংবাদমেল সম্বোধন কৰিবলৈ গৈ থকাৰ আদবাটতে দুৰ্ঘটনাৰ সন্মুখীন হয় গৌৰৱ গগৈৰ বাহনখন।

নিয়ন্ত্ৰণ হেৰুৱাই এখন দলঙৰ ৰেলিঙত খুন্দা মাৰে গৌৰৱ গগৈৰ বাহনখনে। যোৰহাটৰ কংগ্ৰেছ ভৱনলৈ সংবাদমেল সম্বোধন কৰিবলৈ গৈ আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। কংগ্ৰেছ ভৱনলৈ গৈ থকাৰ আদবাটতে ডিচিবি ৰোডত সংঘটিত হয় এই ঘটনা।

অৱশ্যে সৌভাগ্যক্ৰমে ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকী। আহত হোৱা নাই আন কোনো লোক। নিৰ্ধাৰিত সময়তে সংবাদমেলো সম্বোধন কৰিলেগৈ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ চালকজন হঠাতে অসুস্থ হৈ পৰাত দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে। দুৰ্ঘটনাৰ পিছতে অসুস্থ চালকজনক ভৰ্তি কৰোৱা হৈছে যোৰহাট মেডিকেল কলেজ হাস্পতালত।

দুৰ্ঘটনাৰ পিছতো নিজৰ দলীয় কাৰ্যত অংশ ল’বলৈ আগবাঢ়ে APCCৰ সভাপতিগৰাকী। দুৰ্ঘটনাৰ ফলত গৌৰৱ গগৈৰ বাহনখনৰ কিছু পৰিমাণ ক্ষতিসাধন হয়। ’২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে ৰণনীতি।

সমষ্টিয়ে সমষ্টিয়ে বিশেষ দৃষ্টি নিবদ্ধ ৰাখি চলাই গৈছে দলীয় কাম-কাজ। লোকসভাৰ দৰেই বিধানসভাতো যোৰহাটত দলক শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকী। ইয়াৰে অংশ হিচাপে যোৰহাটৰ কংগ্ৰেছ ভৱনলৈ গৈছিল APCCৰ সভাপতি গৌৰৱ গগৈ।

Also Read: কাউণ্ট ডাউন আৰম্ভ। ১০ ছেপ্টেম্বৰত ৰাজনীতিৰ মেগা ব্লক ব্লাষ্টাৰ। গৌৰৱ গগৈয়ে ক’লে- ফ্লপ হ’ব মুখ্যমন্ত্ৰীৰ চিনেমা।

Advertisment
Advertisment