Assameseবিজেপিক ৰুধিবলৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখনকৈ বৈঠক। বিজেপিক ৰুধিবলৈ একপ্ৰকাৰ প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে। Mrinmoy Talukdar Nov 11, 2025 20:23 ISTFilephotoবিজেপিক ৰুধিবলৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখনকৈ বৈঠক। বিজেপিক ৰুধিবলৈ একপ্ৰকাৰ প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে। Advertismentবিৰোধী ঐক্য গঠনৰ গ্ৰাউণ্ড ৰুল সাজু কৰিছে বিৰোধী দলসমূহে। কাইলৈ বিয়লিৰ বৈঠকত চূড়ান্ত হ’ব বিৰোধী ঐক্যৰ মিত্ৰতা। ’২৬ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত হৈছে প্ৰায় চূড়ান্ত।’২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ। বিজেপিক ৰুধিবলৈ কংগ্ৰেছে আৰম্ভ কৰিছে বিশেষ ৰণকৌশল। আজিৰ দিনটোত ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৩ খনকৈ গুৰুত্বপূৰ্ণ বৈঠক। AICCৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ এই বিশেষ বৈঠক। প্ৰথমখন বৈঠকতেই ’২৬ৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰক লৈ হৈছে আলোচনা। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কোনবোৰ বিষয় থাকিব সেই সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হৈছে। নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা সাংসদ প্ৰদ্যুত্ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছে বৈঠকখন। আনহাতে দ্বিতীয়খন বৈঠকত BTC নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ক লৈ হৈছে পৰ্যালোচনা। বৈঠকত উপস্থিত থাকিব BTC নিৰ্বাচনত অংশ লোৱা সকলো প্ৰাৰ্থী। আনহাতে তৃতীয়খন বৈঠক অনুষ্ঠিত হৈছে ৫ গৰাকী অধ্যক্ষক লৈ। ’২৬ৰ নিৰ্বাচন কমিটীৰ ৫ গৰাকী অধ্যক্ষ ক্ৰমে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, সাংসদ ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুত বৰদলৈ উপস্থিত থাকে বৈঠকত। কাইলৈ কংগ্ৰেছ দলৰ উদ্যোগত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত বৈঠক অনুষ্ঠিত হ'ব। কিন্তু বৈঠকৰ পূৰ্বে বিৰোধীৰ বৈঠকক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বিৰোধী দলসমূহক শুভেচ্ছা জনাই দিলীপ শইকীয়াই ক'লে- বিৰোধীয়ে প্ৰথমে নিজকে ঠিক কৰি ল’ওক। তাৰ পাছত তেওলোকে বৈঠকত বহিব।AdvertismentAdvertisment Read the Next Article