Advertisment

গৌৰৱ গগৈয়ে কিয় নুবুজে মিঠাতেলৰ মূল্য?

'ইংৰাজৰ শাসনৰ তলত যাব বিচাৰিছে এতিয়া কংগ্ৰেছে দল'। গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য,'গৌৰৱ গগৈৰ সন্তানে sun flowerৰ তেল খাই বাবে মিঠাতেলৰ মূল্য বুজি নাপায়'।

 গৌৰৱ গগৈয়ে কিয় নুবুজে মিঠাতেলৰ মূল্য?
গৌৰৱ গগৈয়ে কিয় নুবুজে মিঠাতেলৰ মূল্য?

 গৌৰৱ গগৈয়ে কিয় নুবুজে মিঠাতেলৰ মূল্য?  


'ইংৰাজৰ শাসনৰ তলত যাব বিচাৰিছে এতিয়া কংগ্ৰেছ দল'। ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য,'গৌৰৱ গগৈৰ সন্তানে sun flowerৰ তেল খাই বাবে মিঠাতেলৰ মূল্য বুজি নাপায়'। গৌৰৱ গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। 

Advertisment

'গৌৰৱ গগৈৰ সন্তানে sun flowerৰ তেল খাই বাবে মিঠাতেলৰ মূল্য বুজি নাপায়'। যদি চানফ্লা’ৱাৰ অইল বুলি কোৱা হয়, তেন্তে তেওঁ হয়তো বুজিব পাৰে। উল্লেখ্য যে দুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খানাপাৰাত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল যে '২৬ৰ নিৰ্বাচনত বিজেপি জয়ী হলে মিঠাতেলো ফ্ৰী দিব চৰকাৰে। মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতিক লৈ  বিৰোধীয়ে সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীক।

তাৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক। বিজেপিয়ে ৰাইজৰ মাজত মিঠাতেল বিতৰণ কৰি “নিম্ন পৰ্যায়ৰ ৰাজনীতি” কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে কয়, “আজি পুৱা মই ইংলেণ্ডৰ মানুহৰ খাদ্যাভ্যাসৰ ওপৰত কিছু গৱেষণা কৰি আছিলোঁ আৰু গম পালোঁ যে, তেওঁলোকে মিঠাতেলৰ চানফ্লা’ৱাৰ অইল ব্যৱহাৰ কৰে।”

ইয়াৰ লগতে তেওঁ কয়,”গৌৰৱ গগৈৰ সন্তান ইংলেণ্ডত থাকে আৰু তেওলোক  ইংলেণ্ডৰ নাগৰিক। গতিকে তেওঁ সৰিয়হৰ তেলৰ(মিঠাতেল) দাম নাজানে বা মূল্য বুজি নাপায়। আমি যদি চানফ্লা’ৱাৰ অইলৰ কথা কওঁ, তেন্তে হয়তো তেওঁলোকে বুজিব।”

 লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, এসময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া কংগ্ৰেছে এতিয়া তেওঁলোকৰ পদাংক অনুসৰণ কৰিছে। ইফালে, কংগ্ৰেছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পৰা ৰাজনৈতিক মাইলেজ লাভ কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে, যদি কংগ্ৰেছে সঁচা অৰ্থত জুবিনৰ ন্যায় বিচাৰিছিল, তেন্তে তেওঁলোকে নিজৰ সমৰ্থন আৰু পৰামৰ্শ আগবঢ়াব লাগিছিল। তাৰ পৰিৱৰ্তে কংগ্ৰেছে জুবিন গাৰ্গৰ নামটোক ৰাজনীতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।