Assameseআকৌ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস, JEত মৃত্যু ৰূপহীহাটৰ আনোৱাৰ হুছেইনসাৱধান হওক ৰাজ্যবাসী। ৰাজ্যত আকৌ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস। ৰূপহীহাটত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যুক লৈ আতংকিত অঞ্চলবাসী। JE আক্ৰন্ত হৈ মৃত্যু ৰূপহীহাটৰ আনোৱাৰ হুছেইনৰ। Naba Gogoi Nov 28, 2025 13:38 ISTসাৱধান হওক ৰাজ্যবাসী। ৰাজ্যত আকৌ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস। ৰূপহীহাটত জাপানী এনকেফেলাইটিছত এজনৰ মৃত্যুক লৈ আতংকিত অঞ্চলবাসী। JE আক্ৰন্ত হৈ মৃত্যু ৰূপহীহাটৰ আনোৱাৰ হুছেইনৰ। Advertismentগুৱাহাটী, ২৮ নৱেম্বৰঃ ৰাজ্যত পুনৰ সংক্ৰমণ জাপানীজ এনকেফেলাইটিছৰ। JEৰ বৰ্ধিত সংক্ৰমণে চিন্তাত পেলাইছে ৰাজ্যবাসীক। ৰূপহীহাটৰ কাছখাইতী গাঁৱৰ ২৫বছৰীয়া যুৱকৰ JE আক্ৰান্ত হৈ মৃত্যু। ১৫ দিন GMCHত চিকিৎসাধীন হৈ মৃত্যুক আঁকোৱালি লয় আনোৱাৰ হুছেইন নামৰ যুৱকজনে। উল্লেখ্য যে কিছুদিন পূৰ্বেও কাছখাইতীৰ পাৰ্শ্বৱতী অঞ্চল শলমাৰী গাঁৱতো এজন বৃদ্ধ লোকৰ JEত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। ALSO READ: দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ৩০০কৈ টকা... মুকলি হ'ল 'প্ৰেৰণা' আঁচনিজাপানী এনকেফেলাইটিছৰ সংক্ৰমণক লৈ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ অঞ্চলসমূহত স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো এতিয়া অভিযোগ উত্থাপন হৈছে। বিগত কিছুদিনত দুজনকৈ লোকৰ JEত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী। অঞ্চলবাসীয়ে চৰকাৰলৈ আহ্বান জনাই যে স্বাস্থ্য বিভাগৰ ফালৰ JEৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ কিছু পদক্ষেপ হাতত লওক। জাপানী এনকেফেলাইটিছৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগক চিন্তা কৰাৰ আহ্বান স্থানীয় লোকৰ। চৰকাৰে লোৱা পদক্ষেপত সহযোগিতা কৰিব বুলিও ঘোষণা ৰূপহীহাটৰ কাছখাইতী গাঁৱৰ বাসিন্দাৰ। ALSO READ: দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ ৩০০কৈ টকা... মুকলি হ'ল 'প্ৰেৰণা' আঁচনিইফালে জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা ২৫বছৰীয়া যুৱক আনোৱাৰ হুছেইনৰ জানাজাৰ বাবে ওলাই আহিল শ শ লোক। কম বয়সতে জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ আনোৱাৰ হুছেইনে প্ৰাণ হেৰুওৱা ঘটনাক লৈ শোকপ্ৰকাশ ৰূপহীহাটৰ কাছখাইতী গাঁৱবাসীৰ। AdvertismentAdvertisment Read the Next Article